নেশ্যনেল ডেস্ক,১৭ ছেপ্টেম্বৰ: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে দেশ-বিদেশৰ বিভিন্নজনে প্ৰেৰণ কৰিছে শুভেচ্ছা বাৰ্তা । প্ৰধানমন্ত্ৰীগৰাকীৰ ৭৪ সংখ্যক জন্মদিন উপলক্ষে এইবাৰ বলুকাত নিৰ্মাণ কৰিলে এক প্ৰতিকৃতি । মঙলবাৰে বাৰাণসীত বলুকা শিল্পীয়ে মোদীৰ প্ৰতিকৃতি নিৰ্মাণ কৰি জন্মদিনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীগৰাকীলৈ ।
দেশৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী মোদীৰ সংসদীয় সমষ্টি বাৰাণসীতো তেওঁৰ দীৰ্ঘজীৱন আৰু সু-স্বাস্থ্যৰ কামনা কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান আৰু প্ৰাৰ্থনা কৰা হয় । ইয়াৰ মাজতে এগৰাকী বলুকা শিল্পী মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ ছাত্ৰ ৰূপেশ সিঙে বালিৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি নিৰ্মাণ কৰি তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে । বলুকা শিল্পীগৰাকীৰ এই কাৰ্যক প্ৰশংসাৰে ওপচাই তুলিছে সকলোৱে ।
প্ৰধানমন্ত্ৰীগৰাকীলৈ শুভেচ্ছা জনাই বলুকা শিল্পী ৰূপেশ সিঙে কয়, "মঙলবাৰে আমাৰ বাৰাণসীৰ সাংসদ তথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৪ তম জন্মদিন উপলক্ষে আমি বালিৰে তেওঁ এক প্ৰতিকৃতি নিৰ্মাণ কৰিছোঁ আৰু তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছোঁ । আমি কামনা কৰোঁ যে প্ৰধানমন্ত্ৰীগৰাকী সদায় স্বাস্থ্যৱান হৈ থাকক আৰু এনেদৰে দেশৰ সেৱা কৰি থাকক যাতে ভাৰত সোনকালেই বিশ্বগুৰু হৈ পৰে ।"
উল্লেখ্য যে, প্ৰধানমন্ত্ৰীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা ওড়িশাৰ জনপ্ৰিয় বলুকা শিল্পী সুদৰ্শন পাটনায়কেও পোষ্টত লিখে, "মহাপ্ৰভুৰ আশীৰ্বাদ সদায় আপোনাৰ সৈতে থাকক আৰু আপোনাৰ বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত হওক । শুভ জন্মদিন, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী ।" তেওঁ লগতে প্ৰধানমন্ত্ৰী মোদীক এক বলুকা শিল্পও উৎসৰ্গা কৰে । তেওঁ লগতে লিখে, "অনুগ্ৰহ কৰি নতুন দিল্লীত এই বলুকা শিল্প কলা স্থাপনৰ জৰিয়তে মোৰ শুভকামনা গ্ৰহণ কৰক । জয় জগন্নাথ !"