ETV Bharat / bharat

নিৰাপত্তাৰ খাতিৰত মহিলাক ৰাতি কৰ্তব্য পালনত বাধা দিব নোৱাৰে; পশ্চিম বংগ চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি - RG Kar case

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 10:38 PM IST

Kolkata Doctor case: পশ্চিম বংগ চৰকাৰে মহিলা চিকিৎসকক নৈশ শ্বিফ্টত কাম কৰিবলৈ দিয়াৰ পৰা আঁতৰি থকাৰ সিদ্ধান্তক সংশোধন কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ ৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত বিচাৰপীঠে কয় যে তেওঁলোকক পুৰুষ সহযোগীৰ সমানে কাম কৰিবলৈ দিব লাগিব । চৰকাৰৰ এই সিদ্ধান্তই মহিলা চিকিৎসকসকলৰ কেৰিয়াৰত পক্ষপাতমূলক প্ৰভাৱ পেলাব বুলি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় ।

Kolkata Doctor case
Supreme Court File Photo (ETV Bharat)

নিউজ ডেস্ক, 17 ছেপ্টেম্বৰ: মঙলবাৰে উচ্চতম ন্যায়ালয়ে পশ্চিম বংগ চৰকাৰে জাৰি কৰা অধিসূচনাক সমালোচনা কৰি কয় যে মহিলাসকলে ৰেহাই বিচৰা নাই বৰঞ্চ সম সুযোগ বিচাৰে । এই অধিসূচনা অনুসৰি ৰাজ্য চৰকাৰৰ চিকিৎসালয়সমূহে মহিলা চিকিৎসকক নৈশ শ্বিফ্ট আৱণ্টন দিয়াৰ পৰা বিৰত থাকিব বুলি কোৱা হৈছিল ।

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰে গঠিত তিনিজনীয়া বিচাৰপীঠে মহিলা চিকিৎসকসকলক নিৰাপত্তা প্ৰদান কৰাটো ৰাজ্য চৰকাৰৰ কৰ্তব্য বুলি উল্লেখ কৰে ।

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালত ৩১ বছৰীয়া এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ-হত্যা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই অধিসূচনা জাৰি কৰা বুলি উচ্চতম ন্যায়ালয়ক অৱগত কৰা হয় । উচ্চতম ন্যায়ালয়ৰ সন্মুখত পশ্চিম বংগ চৰকাৰক প্ৰতিনিধিত্ব কৰিছিল জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে ।

এই অধিসূচনা সন্দৰ্ভত মুখ্য ন্যায়াধীশে কয় যে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত সংশোধন কৰি মহিলা চিকিৎসকসকলক তেওঁলোকৰ পুৰুষ সহযোগীসকলৰ সমানে কাম কৰিবলৈ অনুমতি দিব লাগিব । এই নিৰ্দেশনাই মহিলা চিকিৎসকসকলৰ কেৰিয়াৰত পক্ষপাতমূলক প্ৰভাৱ পেলাব বুলি বিচাৰপীঠে কয় আৰু ৰাজ্য চৰকাৰক অধিসূচনা সংশোধন কৰিবলৈ নিৰ্দেশ দিয়ে ।

"সেইটো কেনেকৈ হ'ব পাৰে (মহিলা চিকিৎসকে ৰাতি কাম কৰিব নোৱাৰে) ? মহিলাসকলে ৰেহাই নিবিচাৰে, কিন্তু সমান সুযোগ বিচাৰে ৷ মহিলা চিকিৎসকে সকলো অৱস্থাতে কাম কৰিবলৈ ইচ্ছুক । সকলো অৱস্থাতে কাম কৰিব লাগিব, পশ্চিম বংগ ৰাজ্যই এইটো সংশোধন কৰিব লাগিব”, মুখ্য ন্যায়াধীশে কয় আৰু লগতে কয় যে মহিলাসকল একেটা শ্বিফটতে কাম কৰিবলৈ সাজু ।

বিচাৰপীঠে ছিবালক বিষয়টো চাবলৈ কয় আৰু লগতে কয় যে পৰিস্থিতিৰ উত্তৰ হ’ল ৰাজ্য চৰকাৰে তেওঁলোকক নিৰাপত্তা দিব লাগিব ।

"পশ্চিম বংগই অধিসূচনা শুধৰাই দিব লাগে, আপোনাৰ কৰ্তব্য হ'ল নিৰাপত্তা প্ৰদান কৰা, আপুনি ক'ব নোৱাৰে যে মহিলাসকলে ৰাতি কাম কৰিব নোৱাৰে । পাইলট, সশস্ত্ৰ বাহিনী আদিত সকলোৱে ৰাতি কাম কৰে ।"

বিচাৰপীঠখনে জোৰ দি কয় যে দেশৰ কোনো মহিলাই ৰাতি কাম কৰিব নোৱাৰে বুলি ক’ব নোৱাৰে । "আমি আজি আমাৰ দেশৰ কোনো মহিলাক, যি কৰ্মশক্তিত আছে, ক'ব নোৱাৰো যে আপুনি ৰাতি কাম নকৰিব", বিচাৰপীঠে কয় ৷

আৰ জি কৰ হাস্পতালৰ ধৰ্ষণ-হত্যাকাণ্ডক লৈ দেশজুৰি প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰধান উপদেষ্টা আলাপন বন্দ্যোপাধ্যায়ে মহিলা চিকিৎসকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এক নতুন পদক্ষেপৰ কথা ঘোষণা কৰে । এই পদক্ষেপ অনুসৰি সকলো চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত মহিলা অনুকূল নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ’ব আৰু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত স্থানীয় আৰক্ষীৰ দ্বাৰা নিয়মীয়াকৈ নিশা টহল দিয়াৰ ব্যৱস্থা কৰা হ’ব ।

লগতে পঢ়ক: চিকিৎসকৰ প্ৰতিবাদত সেও মানিলে মমতা চৰকাৰে - Kolkata doctor rape and murder case

আৰ জি কৰকাণ্ডৰ তথ্য-প্ৰমাণ কোনে নষ্ট কৰিছিল ? প্ৰতিবাদী চিকিৎসক-মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত নোহোৱাৰ কাৰণ সমূহ - RG Kar incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.