ETV Bharat / bharat

ভূ-ৰাজনৈতিক অনিশ্চয়তাৰ মাজতে আমেৰিকা ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোদী - PM Modi to visit us

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 9:45 PM IST

PM Modi US Tour: ২১ ছেপ্টেম্বৰত আমেৰিকাৰ ডেলাৱেৰত অনুষ্ঠিত হ’বলগীয়া কোৱাড লিডাৰ্ছ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ২৩ ছেপ্টেম্বৰত নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ‘Summit of the Future’ ত ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে ।

PM Modi US Tour
PM Modi (ETV Bharat)

নিউজ ডেস্ক, 17 ছেপ্টেম্বৰ: অহা ২১ ৰ পৰা ২৩ ছেপ্টেম্বৰৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিব । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ২১ ছেপ্টেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে আয়োজন কৰা ডেলাৱেৰৰ উইলমিংটনত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ কোৱাড লিডাৰ্ছ সন্মিলনত অংশগ্ৰহণ কৰিব ।

চলিত বৰ্ষত কোৱাড সন্মিলন আয়োজন কৰিবলৈ আমেৰিকাৰ পক্ষৰ অনুৰোধৰ পিছতে ভাৰতে ২০২৫ চনত পৰৱৰ্তী কোৱাড সন্মিলন আয়োজন কৰিবলৈ সন্মত হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে ।

কোৱাড সন্মিলনত নেতাসকলে যোৱা এবছৰত কোৱাডে লাভ কৰা অগ্ৰগতিৰ পৰ্যালোচনা কৰি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহক তেওঁলোকৰ উন্নয়নৰ লক্ষ্য আৰু আকাংক্ষা পূৰণত সহায় কৰিবলৈ আগন্তুক বছৰৰ বাবে কাৰ্যসূচী নিৰ্ধাৰণ কৰিব ।

২৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ‘Summit of the Future’ ত ভাষণ দিব । শীৰ্ষ সন্মিলনৰ বিষয়বস্তু হৈছে ‘‘এক উন্নত ভৱিষ্যতৰ বাবে বহুপাক্ষিক সমাধান’’ (‘Multilateral Solutions for a Better Tomorrow’) ।

এই সন্মিলনত বৃহৎ সংখ্যক বিশ্বৰ নেতাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । শীৰ্ষ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ কেইবাজনো নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব আৰু পাৰস্পৰিক স্বাৰ্থৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰিব ।

নিউয়ৰ্কত থকাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ২২ ছেপ্টেম্বৰত প্ৰবাসী ভাৰতীয়সকলৰ এক সমাৱেশত ভাষণ দিব । প্ৰধানমন্ত্ৰীয়ে আমেৰিকা ভিত্তিক আগশাৰীৰ কোম্পানীসমূহৰ চিইঅ’সকলৰ সৈতেও মত বিনিময় কৰি দুয়োখন দেশৰ মাজত এআই, কোৱাণ্টাম কম্পিউটিং, অৰ্ধপৰিবাহী আৰু জৈৱ প্ৰযুক্তিৰ অত্যাধুনিক ক্ষেত্ৰত অধিক সহযোগিতা গঢ়ি তুলিব ।

ভাৰত-আমেৰিকা দ্বিপাক্ষিক পৰিৱেশত সক্ৰিয় চিন্তাশীল নেতা আৰু অন্যান্য অংশীদাৰসকলৰ সৈতেও প্ৰধানমন্ত্ৰীয়ে মত বিনিময় কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: তৃতীয় কাৰ্যকালৰ প্ৰথম ১০০ দিনত কি কি কৰিলে মোদী চৰকাৰে ? - Modi Govt third tenure

মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ ভিতৰতে কাৰ্যকৰী হ’ব ‘এক দেশ, এটা নিৰ্বাচন’ - ONE NATION ONE ELECTION

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.