মেষ ৰাশি:ঘৰুৱা পৰিবেশ সুন্দৰ হ’ব৷ যুগ্ম জীৱন সুখ সমৃদ্ধিৰে ভৰা হ’ব৷ পৰিয়ালৰ লগত সুখৰ মুহূৰ্ত বিশেষকৈ পত্নীৰ লগত কটোৱা সুন্দৰ সময়ে আপোনাক অধিক সবল কৰিব ৷ ধনৰ আগমন আৰু ভ্ৰমণৰ যোগ আছে ৷ ভ্ৰমণৰ বাবে উত্তম সময় যান বাহন কিনিবলৈ আগবাঢ়িব পাৰে ৷
বৃষ ৰাশি:গণেশৰ কৃপাত শৰীৰ আৰু মানসিক দিশৰ পৰা সুন্দৰ দিন ৷ ধনাগমন আৰু সফলতাই আপোনাৰ মনক উৎফুল্লিত কৰিব ৷ নতুন কামৰ পৰিকল্পনা কৰক সফল হ’ব ৷ মাতৃৰ ফালৰ পৰা ভাল খবৰ পাব পাৰে ৷
মিথুন ৰাশি:আজি আপোনলোকৰ বাবে বৰ ভাল দিন নহয় ৷ পেটৰ জ্বলা পোৰা আদিৰ ফলত ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ নতুন কাম আৰম্ভ কৰাৰ পৰা কিছুদিন বিৰত থাকক ৷ ব্যৱসায়ৰ ক্ষেত্ৰত পূৰ্বৰ পৰিকল্পনা মতে কাম কৰক ৷ অস্বাভাৱিক অৱস্থাত পৰিব পাৰে ৷ ভ্ৰমণৰ বাবে উত্তম সময় নহয়৷ স্বামী-স্ত্ৰীৰ মাজত সম্পৰ্ক আৰু অধিক ঘনিষ্ট হ’ব ৷
কৰ্কট ৰাশি:আজিৰ দিনটোত আপুনি উদ্বীগ্ন অনুভৱ কৰিব ৷ আপুনি নিদ্ৰাহীনতাত ভুগিব পাৰে ৷ এই সকলোৰে পৰা পৰিত্ৰাণৰ বাবে কাজিয়া-পেচালৰ পৰা আঁতৰি থাকক আৰু পত্নী বা মহিলা সংগীৰ লগত তৰ্ক বিতৰ্কৰ পৰা আতৰি থাকক ৷ ধৈয ধৰক ৷
সিংহ ৰাশি:ভাল শৰীৰ আৰু ভাল পাৰিবাৰিক সময়ে আপোনাৰ দিনটো শুভ কৰিব৷ ভাগ্য উদয়ৰ দিন ,ভাতৃ-ভগ্নীৰ লগত আৰু প্ৰেয়সীৰ লগত সময় কটোৱাৰ বাবে উত্তম সময় ৷ ভালপোৱা ব্যক্তিৰ লগত ভ্ৰমণ শুভ হ’ব ৷ কলাৰ লগত জড়িত সকলৰ বাবে উত্তম সময় ৷ আপুনি আপোনাৰ সুপ্ত প্ৰতিভাক জাগ্ৰত কৰিব পাৰে ৷
কন্যা ৰাশি:পলমকৈ হ’লেও আপুনি কৰা কামৰ ফলাফল লাভ কৰিব ৷ আপুনি সফলতাৰ দিশত আগবাঢ়িব আৰু প্ৰিয় সংগীৰ লগত ভ্ৰমণৰ আনন্দ লাভ কৰিব পাৰিব ৷ হাতলৈ প্ৰচুৰ ধনৰ আগমন হ’ব ৷ সকলোৰে মাজত আপুনি জিলিকি উঠিব আৰু আজি আপোনাৰ মিঠা মাতে সকলোকে মোহিত কৰিব পাৰিব ৷ আগুৱাই যাওক , আমদানি ৰপ্তানি ব্যৱসায়ৰ লগত জড়িত লোকসকলে প্ৰচুৰ সফলতা অৰ্জন কৰিব পাৰিব ৷