মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো ইতিবাচক শক্তিৰে পৰিপূৰ্ণ ৷ আজি আপুনি অত্যধিক তজবজীয়া হৈ থাকিব আৰু উৎসাহ-উদ্দীপনাৰে সৈতে কাম কৰিবলৈ আগুৱাই যাব ৷ লক্ষ্মীদেৱীৰ আশীৰ্বাদ লাভ কৰিব ৷ ঘৰৰ অসাধাৰণ পৰিৱেশত পৰিয়ালৰ সৈতে ভাল সময় কটাই আপুনি সম্পূৰ্ণ উজ্জীৱিত হৈ উঠিব ৷ সামাজিকভাৱে অনানুষ্ঠানিক মিলামিচা বা আনন্দ-অনুষ্ঠানৰ যোগ আছে ৷ আজিৰ দিনটো আপোনাৰ বাবে শুভ, ইয়াৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰক আৰু প্ৰতিটো মুহূৰ্তক উপভোগ কৰক ৷ মাতৃৰ ফালৰ পৰা সু-সংবাদ পাব পাৰে ৷
বৃষ ৰাশি:সাৱধান ! আজি গোটেই দিনটো সতৰ্ক হৈ থাকক ৷ আজি আপুনি দুশ্চিন্তাত ভুগিব পাৰে, অসুস্থতাৰ বাবে বা চকু ফুলি উঠাৰ বাবে ৷ পৰিয়ালৰ লোকৰ সৈতে কোনো কথাত ভুল বুজাবুজি হ’ব পাৰে, যাৰ ফলত কাজিয়াৰ সৃষ্টি হ’ব পাৰে ৷ আজি যি কাম হাতত ল’ব সেয়া শেষ নোহোৱাকৈ থাকি যাব ৷ খৰচ কৰাৰ সময়ত সাৱধান হওক, কাৰণ অতিৰিক্ত ব্যয়ৰ আশংকা আছে ৷ কঠোৰ পৰিশ্ৰমৰ সুফল পাব ৷ সাৱধানে থাকিব, কিয়নো দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ৷
মিথুন ৰাশি:আজিৰ দিনটো আপোনাৰ বাবে যথেষ্ট লাভ কঢ়িয়াই আনিব ৷ অবিবাহিতসকলে ভাল জীৱনসংগী বা জীৱনসংগিনী পাব পাৰে ৷ আৰ্থিক লাভৰ কাৰণেও আজিৰ দিনটো ভাল ৷ বন্ধুসকলক সাক্ষাৎ কৰিব পাৰে ৷ সকলো ফালৰ পৰা ভাল হ’ব এতিয়া ৷ পত্নী আৰু আৰু সন্তান আপোনাৰ বাবে ভাগ্যশালী প্ৰমাণিত হোৱাৰ উপৰিও আপুনি আজি ভাল খাদ্য ভোজন কৰিব পাৰে ৷ সন্তানৰ পৰা সু-সংবাদ পাব পাৰে ৷ চাকৰি বা ব্যৱসায়ত লাভ হ’ব আৰু আয়বৃদ্ধি হ’ব ৷ আজিৰ এই ফলদায়ক দিনটোৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰক ৷
ককৰ্ট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে বিভিন্ন ধৰণৰ সুযোগ আহি আছে ৷ আজি সকলো কাম সফলভাৱে সম্পন্ন হ’ব ৷ আপুনি নিজৰ ঊৰ্ধ্বতনসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰিব আৰু তেওঁলোকে আপোনাৰ কামত সুখী হ’ব ৷ আজি পদোন্নতিৰ যোগ আছে ৷ ঘৰত পৰিয়ালৰ লোকৰ সৈতে কথা পাতি আপুনি ভাল পাব আৰু ঘৰৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে আপুনি নতুনকৈ কিবা কৰিব পাৰে ৷ আজি আপোনাৰ অফিচৰ কামত ভ্ৰমণ হ’ব পাৰে ৷ আপোনাৰ স্বাস্থ্য ইতিবাচক আৰু মাতৃৰ সৈতে সম্পৰ্কক লৈ চিন্তা বাঢ়িব৷ চৰকাৰী কামৰ পৰা সুবিধা পোৱাৰ প্ৰৱল সম্ভাৱনা আছে ৷
সিংহ ৰাশি:আজি আপুনি সজাগ আৰু সতৰ্ক হৈ থাকক ৷ আজি আপোনাৰ গ্ৰহ অনুকূল অৱস্থানত নাই ৷ আপুনি আজি অজস্ৰ সমস্যাত পৰিব পাৰে ৷ স্বাস্থ্য সম্বন্ধীয় সমস্যা দেখা দিব পাৰে ৷ ঔষধ ক্ৰয়ৰ নামত খৰচ বাঢ়িব ৷ পৰিয়ালৰ লোকৰ সৈতে ধৈৰ্য ধৰি কথা পাতক আৰু তেওঁলোকৰ সৈতে বুজাবুজিৰে চলক ৷ সন্দেহজনক আৰু অস্পষ্ট কাম-কাজত লিপ্ত নহ’ব ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰিলে ভাল পাব ৷
কন্যা ৰাশি:সামাজিক স্বীকৃতি আৰু ৰাজহুৱা সন্মান বৃদ্ধিৰ যোগ ৷ আজি আপুনি নতুন কাপোৰ আৰু সাজপাৰৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে ৷ আজি আপুনি নতুন বাহনৰ গৰাকী হ’ব পাৰে ৷ কৰ্মস্থানত আজি আপোনাৰ সহকৰ্মীৰ সৈতে বহুত ভাল সম্পৰ্ক গঢ়ি উঠিব ৷ স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা ৷ ইয়াৰ বাবে অধিক সময়লৈকে মন বেয়া কৰি নাথাকিব, দুয়োজনৰ মাজত ঘনিষ্ঠতা আকৌ বৃদ্ধি পাব ৷