মেষ ৰাশি:এই দিনকেইটা আপোনাৰ বাবে অলপ প্ৰভাৱশালী বুলিব পাৰি ৷ নতুন পৰিকল্পনা হাতত লোৱাৰ বাবে উপযুক্ত সময় ৷ নিজ প্ৰচেষ্টাৰে সহজভাৱে কাম কৰিবলৈ চেষ্টা কৰক, সহজ কামবোৰ টান কৰিবলৈ চেষ্টা নকৰিব ৷ আপোনাৰ কৰ্মক্ষেত্ৰত অলপ অসুবিধাৰ সৃষ্টি হ’ব পাৰে মহিলাসকলে তেওঁলোকৰ জিভাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক, অযথা যি কোনো কথা কৈ বিপদ চপাই নল’ব ৷ ভ্ৰমণৰ যোগ কম ৷
বৃষ ৰাশি:আপুনাৰ ভাগ্যৰ উদয় হ’ব ৷ আপোনৰ কাৰ্য ক্ষমতাৰ যোগেদি আপুনি আপোনাৰ কষ্টকৰ কামবোৰ সহজে পূৰ কৰিব পাৰিব ৷ কামত যাতে কোনো ধৰণৰ লোকচান নহয় তাৰ প্ৰতি চকু ৰাখি ভালদৰে আগবাঢ়ক ৷ কোনো নতুন কাম হাতত নোলোৱাই ভাল ৷ পৰিয়াল, বন্ধু বা সহকৰ্মীৰ লগত আলোচনাৰ সময়ত চকু ৰাখক যাতে আপুনি আপোনাৰ সীমা অতিক্ৰম নকৰে ৷ আপুনি কোৱা কথাত আপোনাৰ জ্ঞানৰ পৰিচয় দিয়ক ৷ আপোনাৰ ভাতৃ-ভগ্নীৰ লগত আপোনাৰ সম্বন্ধৰ উন্নতি হ’ব ৷
মিথুন ৰাশি: আপোনাৰ প্ৰিয় ব্যক্তিসকলৰ লগত সময় কটাবলৈ অতি সুন্দৰ দিন ৷ বন্ধুসকলক নিমন্ত্ৰণ কৰক আৰু ৰাতিৰ আহাৰ বা সৰু ভোজৰ আয়োজন কৰক ৷ প্ৰচুৰ ধনাগমনৰ যোগ দেখা গৈছে ৷ কিন্তু যধে-মধে খৰচ কৰি বিপদত নপৰিব ৷ সীমাৰ ভিতৰত খৰচৰ চেষ্টা কৰক ৷ বন্ধু আৰু প্ৰিয়জনৰ পৰা উপহাৰ লাভ কৰিব ৷
কৰ্কট ৰাশি:আজি নিজকে খং আৰু চিন্তাৰে আবৰি থকা যেন অনুভৱ কৰিব ৷ শান্ত থাকক অন্যথা মানসিক অস্থিৰতাই আপোনাৰ কামৰ ক্ষেত্ৰত প্ৰভাব পেলাব পাৰে ৷ বিশেষকৈ আপুনি সঠিক সিদ্ধান্ত লোৱাত বিফল হ’ব ৷ যিমান পাৰি সিমান আপুনি বেয়া পোৱা বিষয়ত তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক অন্যথা পৰিস্থিতি আৰু বেয়ালৈ যাব পাৰে ৷ গণেশৰ উপদেশ মতে সাধাৰণ জীৱন-যাপন কৰক ৷ ধন হানি হ’ব পাৰে আৰু শৰীৰ বেয়া হ’ব পাৰে ৷ খাদ্যভ্যাসৰ ওপৰত আৰু টকাৰ মোনাৰ ওপৰতো চকু ৰাখক ৷
সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এটা সুন্দৰ দিন ৷ পৰিবেশ আপোনাৰ সপক্ষে থাকিব কিন্তু যদিহে আপুনি মন নিদিয়ে তেন্তে সুযোগ গ্ৰহণত বিফল হ’ব ৷ যদিহে নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে কিছুদিন বাট চাওক ৷ বন্ধুসকলে আপোনাক লগ দিব আৰু কিছু ক্ষেত্ৰত তেওঁলোকে আপোনাক সহায় কৰিব ৷ বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা হ’ব ৷ ব্যৱসায় ভালেৰেই চলি থাকিব আৰু ধনাগমনৰ যোগ দেখা যায় ৷
কন্যা ৰাশি:গণেশৰ কৃপাত সকলোৰে বাবে ভাল দিন ৷ যদিহে নতুন কাম হাতত লোৱাৰ কথা ভাবিছে তেন্তে নিৰ্ভয়ে কৰক ৷ কাৰ্যক্ষেত্ৰত আপোনাৰ বাবে সঠিক সময়, উন্নতিৰ যোগ দেখা যায় আৰু যদিহে আপুনি পদোন্নতিৰ যোগ্য তেন্তে এয়াই সঠিক সময় ৷ পাৰিবাৰিক ক্ষেত্ৰতো সুগম সময় ৷ কামৰ ক্ষেত্ৰত আপুনি বেছি দৌৰা-দৌৰি কৰি থকাৰ দৰকাৰ নাই সকলো কাম সহজে হৈ যাব ৷