নিউজ ডেস্ক, ১ মে':দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ সঞ্চালকৰ নেতৃত্বত আৰু উচ্চতম ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত Covishield ভেকচিনৰ পাৰ্শ্বক্ৰিয়া আৰু ইয়াৰ বিপদজনক কাৰকসমূহ পৰীক্ষা কৰিবলৈ চিকিৎসা বিশেষজ্ঞৰ বিশেষ পেনেল গঠন কৰিবলৈ নিৰ্দেশ বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে ।
অধিবক্তা বিশাল তিৱাৰীৰ এই আবেদনত শেহতীয়াকৈ প্ৰকাশ পাইছে যে Covishield ভেকচিনে বিৰল ক্ষেত্ৰত পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ প্ৰভাৱ পেলাব পাৰে । ইয়াৰ উদ্ভাৱক AstraZeneca এ কয় যে, Covishield হিচাপে ভাৰতত অনুজ্ঞাপত্ৰৰ অধীনত নিৰ্মাণ কৰা Covid-19 ৰ প্ৰতিষেধক AZD1222 ভেকচিনে প্লেটলেটৰ সংখ্যা কম কৰিব পাৰে আৰু “অতি বিৰল” ক্ষেত্ৰত তেজ গোট মাৰিব পাৰে ।
“AstraZeneca ই ভেকচিন আৰু থ্ৰম্ব’ছিছৰ মাজত থ্ৰম্ব’চাইট’পেনিয়া চিণ্ড্ৰম (টিটিএছ)ৰ সৈতে এটা সম্পৰ্ক গ্ৰহণ কৰিছে, যিটোৰ চিকিৎসাজনিত অৱস্থাৰ বৈশিষ্ট্য হৈছে প্লেটলেটৰ মাত্ৰা অস্বাভাৱিকভাৱে কম হোৱা আৰু তেজৰ গোট মৰা ।
Covishield নিৰ্মাণৰ বাবে AstraZeneca ৰ ভেকচিন ফৰ্মূলাটো Covishield নিৰ্মাণৰ বাবে পুণেস্থিত ভেকচিন নিৰ্মাতা কোম্পানী ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (SII) ক অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছিল । ভাৰতত ১৭৫ কোটিতকৈ অধিক ড’জ Covishield প্ৰদান কৰা হৈছে”, এই আবেদনত কোৱা হৈছে ।