অসম

assam

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 2:22 PM IST

ETV Bharat / bharat

UGC-NET বাতিল; মোদী চৰকাৰক আক্ৰমণ কংগ্ৰেছৰ - UGC NET 2024 cancelled

UGC NET 2024 cancelled: UGC-NET বাতিল হোৱাৰ পিচতে বিৰোধী কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে । কেন্দ্ৰীয় চৰকাৰক 'পেপাৰ লিক চৰকাৰ' আখ্যা দিছে দলটোৱে । বিতৰ্কত থকা NEET কেতিয়া বাতিল কৰিব বুলি চৰকাৰক প্ৰশ্ন কৰিছে কংগ্ৰেছে ।

UGC NET 2024 cancelled
UGC-NET বাতিল;মোদী চৰকাৰক আক্ৰমণ কংগ্ৰেছৰ (ANI)

নেশ্যনেল ডেস্ক,২০ জুন : UGC-NET বাতিলক লৈ দেশজুৰি তীব্ৰ বিতৰ্ক অব্যাহত আছে । ইতিমধ্যে বিৰোধীয়ে শাসকীয় চৰকাৰক এই বিষয়ক লৈ সমালোচনা কৰা দেখা গৈছে । কংগ্ৰেছে মোদী চৰকাৰক 'প্ৰশ্নকাকত ফাদিল চৰকাৰ'(পেপাৰ লিক চৰকাৰ) বুলি অভিহিত কৰিছে । আনহাতে ইয়াৰ দায়িত্ব শিক্ষা মন্ত্ৰীয়ে ল'ব নেকি বুলি কংগ্ৰেছে প্ৰশ্নও কৰিছে । কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে NEETত অনিয়মৰ অভিযোগত চৰকাৰক আক্ৰমণ কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়া 'এনইইটি পৰীক্ষা পে চৰ্চা' কাৰ্যসূচী অনুষ্ঠিত কৰিব সেয়া প্ৰশ্ন কৰে ।

এক্সৰ এটা পোষ্টত খাৰ্গেয়ে প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰে যে নৰেন্দ্ৰ মোদীয়ে পৰীক্ষাৰ বিষয়ে যথেষ্ট আলোচনা কৰে কিন্তু তেওঁ কেতিয়া 'এনইইটি পৰীক্ষা পে চৰ্চা' অনুষ্ঠিত কৰিব । তেওঁ কয় যে এই পৰীক্ষা বাতিল কৰাটো লাখ লাখ শিক্ষাৰ্থীৰ আবেগৰ জয় । তেওঁৰ মতে এয়া মোদী চৰকাৰৰ অহংকাৰৰ পৰাজয় যাৰ বাবে তেওঁলোকে যুৱপ্ৰজন্মৰ ভৱিষ্যতক লৈ হেতালি খেলাৰ প্ৰয়াস কৰিছিল ।

খাৰ্গেয়ে লগতে কয় যে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে প্ৰথমে কৈছিল যে NEETত কোনো প্ৰশ্নকাকত ফাদিল হোৱা নাছিল । কিন্তু যেতিয়া বিহাৰ, গুজৰাট আৰু হাৰিয়ানাত শিক্ষাৰ মাফিয়াক গ্ৰেপ্তাৰ কৰা হয় তেতিয়া মন্ত্ৰীজনে 'স্বীকাৰ কৰে যে কিছু কেলেংকাৰী হৈছে । NEET কেতিয়া বাতিল কৰা হ'ব বুলি খাৰ্গেয়ে শিক্ষা মন্ত্ৰীক প্ৰশ্ন কৰে ।

খাৰ্গেয়ে দাবী কৰা মতে মোদীয়ে NEETত চৰকাৰৰ ৰিগিং আৰু প্ৰশ্নকাকত ফাদিলৰ দায়িত্ব ল'ব লাগে । তেওঁ লগতে কয় যে বুধবাৰে দেশৰ বিভিন্ন চহৰত UGC-NET অনুষ্ঠিত হৈছিল । বৃহস্পতিবাৰে প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দেহত পৰীক্ষা বাতিল কৰা হয় । প্ৰথমে NEETৰ প্ৰশ্নকাকত ফাদিল হৈছিল আৰু এতিয়া UGC-NETৰ প্ৰশ্নকাকত ফাদিল । মোদী চৰকাৰ এখন 'পেপাৰ লিক চৰকাৰ' হৈ পৰিছে বুলি কংগ্ৰেছে অভিযোগ কৰে ।

শিক্ষা মন্ত্ৰালয়ে UGC-NET বাতিলৰ নিৰ্দেশ দিয়াৰ পিচতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাইও চৰকাৰক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে বিজেপি চৰকাৰৰ 'দুৰ্নীতি আৰু শিথিলতা' যুৱসকলৰ বাবে ক্ষতিকাৰক । ইয়াৰ দায়িত্ব শিক্ষা মন্ত্ৰীয়ে ল'ব নে বুলি তেওঁ প্ৰশ্ন কৰে ।

লগতে পঢ়ক :নীট বিতৰ্কৰ মাজতে এইবাৰ বাতিল UGC-NET পৰীক্ষা - NTA Cancels UGC NET

ABOUT THE AUTHOR

...view details