নেশ্যনেল ডেস্ক,৬ ফেব্ৰুৱাৰী :উত্তৰাখণ্ড বিধানসভাত আজি বহু চৰ্চিত ইউচিচি বিধেয়ক উত্থাপন কৰা হয় । উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ইউচিচি বিধেয়ক ২০২৪ সদনত উত্থাপন কৰে । মুখ্যমন্ত্ৰী ধামীয়ে ইউচিচি বিধেয়ক ২০২৪ উত্থাপন কৰাৰ লগে লগে বিৰোধীয়ে সদনত হুলস্থূলৰ সৃষ্টি কৰে । যাৰ বাবে সদনৰ কাৰ্যক্ৰমত বাধাৰ সৃষ্টি হয় । এই হুলস্থূলৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষ ৰিতু খাণ্ডুৰীয়ে বিধানসভাৰ কাৰ্যক্ৰম দুপৰীয়া ২ বজালৈ স্থগিত ৰাখে ।
মুখ্যমন্ত্ৰী ধামীয়ে ইউচিচি বিধেয়ক ২০২৪ উত্থাপনৰ সময়তে সদনত বন্দে মাতৰমৰ শ্ল'গান দিয়া দেখা যায় । আনহাতে বিৰোধীয়েও তীব্ৰ হুলস্থূলৰ সৃষ্টি কৰে । ইয়াৰ পিচত অধ্যক্ষ ৰিতু খাণ্ডুৰীয়ে বিধানসভা সদনৰ কাৰ্যক্ৰম দুপৰীয়ালৈ স্থগিত ৰাখে । ইয়াৰ লগতে বিধায়কসকলক ইউচিচি বিধেয়কখন পঢ়িবলৈ আবেলি ২ বজালৈকে সময় দিয়া হয় ।
ইফালে সদনৰ কাৰ্যক্ৰম আৰম্ভ হোৱাৰ পূৰ্বেই বিৰোধী দলৰ বিধায়কসকলে বিভিন্ন দাবীৰে সদনৰ বাহিৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বিৰোধী বিধায়কসকলে দাবী কৰিছে যে বিৰোধী বিধায়কসকলক ইউচিচি বিধেয়কৰ ওপৰত আলোচনা আৰম্ভ কৰাৰ পূৰ্বে সময় দিব লাগে । তেওঁলোকে চৰকাৰক সংখ্যাগৰিষ্ঠতাৰ ক্ষমতাৰ ভিত্তিত কৰ্ম সেৱাৰ নিয়ম উলংঘা কৰাৰো অভিযোগ উত্থাপন কৰে ।