অসম

assam

প্ৰথমবাৰৰ বাবে কাৰাগাৰৰ কুঠৰীত জন্মদিন উদযাপন কৰিব কেজৰিৱালে - Delhi liquor scam case

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 9:21 PM IST

Kejriwal to Celebrate Birthday in Tihar Jail : দিল্লী আৱকাৰী নীতি কেলেংকাৰী গোচৰত ন্যায়িক জিম্মা বৃদ্ধি হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰথমবাৰৰ বাবে কাৰাগাৰতে উদযাপন কৰিব জন্মদিন । ৰাউজ এভিনিউ আদালতে বৃহস্পতিবাৰে চি বি আই গোচৰত কেজৰিৱালৰ ন্যায়িক জিম্মা ২০ আগষ্টলৈ বৃদ্ধি কৰে । আনহাতে, তেওঁৰ জন্মদিন হৈছে ১৬ আগষ্টত ।

Kejriwal to Celebrate Birthday in Tihar Jail
কাৰাগাৰৰ কুঠৰীত জন্মদিন উদযাপন কৰিব লাগিব কেজৰিৱালে (ETV Bharat)

নিউজ ডেস্ক, ৮ আগষ্ট :দিল্লী আৱকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় ই ডি আৰু চি বি আইৰ গোচৰত গ্ৰেপ্তাৰ হোৱা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে । ২১ মাৰ্চত ই ডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাচত তেওঁক যোৱা মাহত চি বি আয়ে একেটা গোচৰত গ্ৰেপ্তাৰ কৰে । তেতিয়াৰে পৰা কেজৰিৱালে জামিনৰ বাবে কেইবাবাৰো আদালতত আবেদন কৰিছে যদিও জামিন লাভ কৰা নাই ।

আনহাতে, নিজৰ জন্মদিনত প্ৰথমবাৰৰ বাবে কেজৰিৱাল থাকিব লাগিব কাৰাগাৰৰ বন্ধ কুঠৰীত । কিয়নো তেওঁৰ জন্মদিন হৈছে ১৬ আগষ্ট আৰু তেওঁৰ ন্যায়িক জিম্মা বৃদ্ধি কৰা হৈছে ২০ আগষ্টলৈকে । যাৰ পৰিপ্ৰেক্ষিতত প্ৰথমবাৰৰ বাবে কেজৰিৱালে কাৰাগাৰৰ ভিতৰতে উদযাপন কৰিব লাগিব নিজৰ জন্মদিন । বৰ্তমান দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী তিহাৰ কাৰাগাৰত বন্দী হৈ আছে ।

উল্লেখ্য, বৃহস্পতিবাৰে ৰাউজ এভিনিউ আদালতে দিল্লী সুৰা নীতি কেলেংকাৰীৰ গোচৰত চি বি আই সম্পৰ্কীয় গোচৰটোত কেজৰিৱালৰ ন্যায়িক জিম্মা ২০ আগষ্টলৈ বৃদ্ধি কৰে । কেজৰিৱালক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আদালতত হাজিৰ কৰোৱা হয় । এনে পৰিস্থিতিত এইটো নিশ্চিত যে এইবাৰ কেজৰিৱালে তেওঁৰ প্ৰিয়জনৰ সৈতে তেওঁৰ জন্মদিন উদযাপন কৰিব নোৱাৰিব । সাধাৰণতে পৰিয়ালৰ সদস্যসকলৰ মাজতে জন্মদিন উদযাপন কৰে অৰবিন্দ কেজৰিৱালে । কিন্তু তেওঁৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হোৱাৰ পিচৰে পৰা এই বিশেষ দিনটোত শুভেচ্ছা জনাবলৈ বহু গণমুগ্ধই তেওঁক সাক্ষাৎ কৰে ।

জন্মদিনতো কাৰাগাৰতে থাকিব লাগিব অৰবিন্দ কেজৰিৱাল

এইটো কেজৰিৱালৰ জীৱনৰ প্ৰথম জন্মদিন হ'ব, যিটো দিনত তেওঁ মুকলি আকাশৰ তলত নাথাকে । আনহাতে, আগষ্ট মাহটো অৰবিন্দ কেজৰিৱালৰ বাবে বিশেষ মাহ । কিয়নো এই মাহটোতে আন্না হাজাৰেৰ সৈতে তেওঁ দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দানত দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল । আনহাতে, এই আন্দোলন ইমানেই সফল হয় যে কেজৰিৱালে তেওঁৰ নেতৃত্বত আম আদমি পাৰ্টী নামৰ এটা ৰাজনৈতিক দল গঠন কৰাত সফল হয় ।

আনহাতে, গঠনৰ মাত্ৰ এবছৰ পিচতে নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰা আম আদমি পাৰ্টী দেশৰ প্ৰথম ৰাজনৈতিক দল হিচাপে পৰিগণিত হয় । অৱশ্যে দিল্লী সুৰা নীতি কেলেংকাৰীত ই ডিৰ গোচৰটোত উচ্চতম ন্যায়ালয়ে কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে যদিও তেওঁ চি বি আইৰ গোচৰটোত জামিন লাভত ব্যৰ্থ হয় । যাৰ বাবে তেওঁ বৰ্তমান কাৰাগাৰতে আছে ।

অৰবিন্দ কেজৰিৱালৰ ৰাজনৈতিক যাত্ৰা

অৰবিন্দ কেজৰিৱালৰ জন্ম ১৯৬৮ চনৰ ১৬ আগষ্টৰ পুৱা ৭.৩০ বজাত হাৰিয়ানাৰ ভিৱানী জিলাৰ অন্তৰ্গত চিৱানীত । আনহাতে, তেওঁৰ জন্মদিনৰ দিনাখন কৃষ্ণ জন্মাষ্টমী হোৱাৰ বাবে কেজৰিৱালৰ পৰিয়ালে উক্ত দিনটোতো তেওঁক জন্মদিনৰ শুভেচ্ছা জনায় । কিন্তু তাৰিখ অনুসৰি তেওঁৰ জন্মদিন 16 আগষ্টত । স্কুলীয়া শিক্ষা সাং কৰাৰ পিচত কেজৰিৱালে 1985 চনৰ আৰম্ভণিতে আই আই টি জে ই ই পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 1989 চনত আই আই টি খড়গপুৰৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত ডিগ্ৰী অৰ্জন কৰে ।

আনহাতে, শিক্ষা সমাপ্ত কৰি কেজৰিৱালে টাটা ষ্টীলত চাকৰি লাভ কৰে । কিন্তু 1993 চনত চাকৰি এৰি ইউ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায় । ১৯৯৫ চনত তেওঁ আই আৰ এছ হিচাপে নিৰ্বাচিত হয় । কিন্তু কিছুদিন উক্ত পদত কাৰ্যনিৰ্বাহ কৰাৰ পিচত তেওঁ সেই চাকৰি এৰি দিয়ে আৰু ২০০০ চনত তেওঁ 'পৰিৱৰ্তন' নামৰ এটা সংস্থা গঠন কৰে ।

এই সংস্থাটোৰ বাবে কাম কৰি থাকোতে 2011 চনত আন্না হাজাৰেৰ সৈতে তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে দেশজুৰি আন্দোলন আৰম্ভ কৰে । তাৰ পিচত তেওঁ এটা ৰাজনৈতিক দল গঠন কৰে । ইয়াৰ নাম দিয়ে আম আদমি পাৰ্টী । ইফালে দিল্লীত শাসনলৈ অহাৰ পিচত দলটোৱে পঞ্জাৱতো চৰকাৰ গঠন কৰে আৰু আন আন ৰাজ্যতো যথেষ্টসংখ্যক ভোট লাভ কৰাৰ পিচত আম আদমি পাৰ্টীয়ে ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি লাভ কৰে ।

লগতে পঢ়ক :তাৰিখ পে তাৰিখ...আকৌ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ 20 আগষ্টলৈ বৃদ্ধি - Delhi liquor scam
লগতে পঢ়ক :ৰামোজী ফিল্ম চিটীৰ উচ্চ প্ৰশংসা গুজৰাটৰ পৰ্যটন মন্ত্ৰী মুলুভাই বেৰাৰ - Ramoji Film City

ABOUT THE AUTHOR

...view details