বিশেষ প্ৰতিবেদন, 12 জুলাই : বৃহস্পতিবাৰে গোৱালপাৰা জিলাত এখন নাও দুৰ্ঘটনাই পাঁচজনকৈ লোকক কাঢ়ি লৈ যায় ৷ শুকুৰবাৰে বিয়লি পৰ্যন্ত চলা উদ্ধাৰ অভিযানৰ অন্তত এই কথা নিশ্চিত হৈ পৰে যে সলিল সমাধি ঘটিছে সন্ধানহীন পাঁচ ব্যক্তিৰ ৷ ঘটনাটো গোৱালপাৰা জিলাৰ শিমলীতোলা নাৰায়ণপাৰা অঞ্চলত সংঘটিত হয় ৷ গাঁৱৰ এদল লোকক কঢ়িয়াই নিয়া এখন দেশীয় নাও গভীৰ পানীত ডুব গৈ এই দুৰ্ঘটনা সংঘটিত হয় ৷ এগৰাকী ব্যক্তিৰ পত্নীৰ মৃতদেহ সৎকাৰ কৰি শ্মশানৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় এই মৰ্মান্তিক নাও দুৰ্ঘটনা ৷
গোৱালপাৰাৰ এই নাও দুৰ্ঘটনাই পুনৰ সজীৱ কৰি তুলিলে অসম তথা দেশৰ কিছু চৰ্চিত নৌকা দুৰ্ঘটনাৰ অভিশপ্ত স্মৃতি ৷ যি ঘটনাবোৰ আজি আমি আকৌ উভতি চাম ৷
অসমত শেহতীয়াকৈ নাও ডুবি মৃত্যুৰ বিষয়ে এন চি আৰ বিৰ (NCRB) তথ্য-
এন চি আৰ বিৰ তথ্য অনুসৰি 2022 চনত অসমত নাও দুৰ্ঘটনাৰ ফলত কমেও 8 জন লোকৰ মৃত্যু হৈছিল ৷ এন চি আৰ বিয়ে ভাৰতত 2022 চনত দুৰ্ঘটনাজনিত মৃত্যু আৰু আত্মহত্যাৰ ওপৰত দিয়া প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ 2021 চনত অসমত 11 টা নাও দুৰ্ঘটনা আৰু এজন লোকৰ মৃত্যুৰ তথ্য লাভ কৰা গৈছে ৷ 2019 চনত 15 টা মৃত্যু নথিভুক্ত কৰা হৈছে যদিও 2020 চনত ৰাজ্যখনত কোনো নাও দুৰ্ঘটনা পঞ্জীয়ন কৰা হোৱা নাই ৷
অসমত ঘটা কিছু নাও দুৰ্ঘটনা :
01.04.2024 অসম : এখন নাও ডুব যোৱাৰ পিচত দুটা শিশুসহ 3 জনৰ মৃত্যু আৰু দুজন লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছিল ৷ সমগ্ৰ অসমতে হোৱা ধাৰাসাৰ বৰষুণ আৰু শিলাবৃষ্টিৰ মাজতে দক্ষিণ শালমাৰা-মানকাচাৰ জিলাত ব্ৰহ্মপুত্ৰ নদীত ডুব গৈছিল নাওখন ৷
30.09.2022 অসম:বহু যাত্ৰী কঢ়িয়াই নিয়া এখন নাও ডুব যোৱাৰ ফলত এজন লোকৰ মৃত্যু হয় আৰু আন তিনিজন আহত হয় ৷ অসমৰ ধুবুৰী জিলাত ব্ৰহ্মপুত্ৰ নদীত ডুব গৈছিল নাওখন ৷
05.09.2018 অসম : ব্ৰহ্মপুত্ৰত নাও ডুবি 3 জন নিহত, 11 জন সন্ধানহীন হোৱা এই ঘটনা সংঘটিত হৈছিল যেতিয়া নাওখনৰ ইঞ্জিন বিকল হৈ অশ্বক্লান্ত মন্দিৰৰ ওচৰত এটা শিলত খুন্দা মাৰিছিল ৷
28.09.2015 অসম : অত্যধিক বোজা কঢ়িয়াই নিয়া এখন মেচিন নাও ডুব যোৱাৰ ফলত 50 জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছিল ৷ অসমৰ কামৰূপ (গ্ৰাম্য) জিলাৰ কলহিনী নদীত সংঘটিত হোৱা এই দুৰ্ঘটনাত প্ৰায় 250 ৰ পৰা 300 জন লোক উটি গৈছিল ৷
30.04.2012 অসম : ব্ৰহ্মপুত্ৰ নদীত ধুমুহাৰ সময়ত অধিক বোজা কঢ়িয়াই নিয়া এখন ফেৰীৰ আধা অংশ ভাগি ডুব যায় ৷ এই শোকাৱহ দুৰ্ঘটনাত 103 জন লোকৰ মৃত্যু হয় ৷
ইয়াত ভাৰতৰ আন আন অংশত সংঘটিত হোৱা কিছু নাও দুৰ্ঘটনাৰ বিষয়ে উল্লেখ কৰা হ’ল:
21.05.2024 মহাৰাষ্ট্ৰ : বেয়া বতৰৰ মাজতে ভীমা নদীৰ উজনি অংশৰ বান্ধৰ পিছফালৰ পানীত 7 জন লোকক লৈ যোৱা এখন নাও ডুবি যায় ৷ ঘটনাটো 21 মে'ৰ সন্ধিয়া সংঘটিত হৈছিল যেতিয়া তীব্ৰ বতাহ আৰু বৰষুণৰ মাজতে নাওখন কুগাভৰ পৰা কালাচী গাঁৱলৈ গৈ আছিল ৷ মে’ৰ 22 তাৰিখে 5 ৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷
19.04.2024 ওড়িশা:ওড়িশাত প্ৰায় 50 জন যাত্ৰী কঢ়িয়াই নিয়া এখন নাও ডুবি যোৱাৰ ফলত 7 জন লোকৰ মৃত্যু হয় ৷ বেছিভাগ ঝাৰচুগুড়া জিলাৰ মন্দিৰ ভ্ৰমণ কৰি ওভতি অহা ভক্ত কঢ়িয়াই অনা এখন নাও দুৰ্ঘনটাগ্ৰস্ত হৈছিল ৷ ঘটনাটো 19 এপ্ৰিলৰ সন্ধিয়া সংঘটিত হৈছিল ৷
16.04.2024 শ্ৰীনগৰ: শ্ৰীনগৰৰ ওচৰৰ গাণ্ডবালৰ ঝিলামত ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ লৈ যোৱা এখন নাও ডুবি যোৱাৰ ফলত দুটি শিশু আৰু তেওঁলোকৰ মাতৃসহ 6 জন লোক নিহত হৈছিল ৷
18.01.2024 গুজৰাট : গুজৰাটৰ বদোদৰা জিলাত পিকনিকলৈ স্কুলৰ এটা দল কঢ়িয়াই নিয়া, আপাতদৃষ্টিত অত্যাধিক ভৰ কঢ়িওৱা এখন নাও হাৰ্নি হ্ৰদত ওলোটা হৈ পৰাত কমেও 14 জন লোক - 12 টি স্কুলীয়া শিশু আৰু দুজন শিক্ষক নিহত হৈছিল ৷
07.05.2023 কেৰালা : কেৰালাৰ মালাপ্পুৰম জিলাৰ পুৰাপুঝা প্ৰান্তত এখন পৰ্যটকৰ নাও ডুবি যোৱাৰ ফলত 22 জন লোক ডুব যোৱাৰ লগতে বহুলোক সন্ধানহীন হয় ৷
08.08.2019 মহাৰাষ্ট্ৰ : মহাৰাষ্ট্ৰত উদ্ধাৰকাৰী নাও ডুবি যোৱাৰ ফলত 9 জন নিহত ৷ ৰাজ্যখনত ভয়ংকৰ বানৰ কবলত পৰাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয় ৷ এন ডি আৰ এফৰ পাঁচটা দলক উদ্ধাৰ অভিযানৰ বাবে পঞ্জাৱৰ পৰা বিমানেৰে নিয়া হৈছিল ৷
22.01.2019 কৰ্ণাটক : কাৰৱাৰৰ সমীপত নাও উলটি যোৱাৰ ফলত 8 জনৰ মৃত্যু; 18 জনক উদ্ধাৰ ৷ সকলোবোৰ কুৰুমগাড দ্বীপৰ স্থানীয় উৎসৱৰ পৰা উভতি আহিছিল ৷ ফেৰীখনত মুঠ 33 জন লোক আছিল ৷
11.09. 2019 মহাৰাষ্ট্ৰ : চাংলি জিলাত হোৱা নাও দুৰ্ঘটনাৰ পিচত 17 টা মৃতদেহ উদ্ধাৰ কৰা হয় ৷
15.01.2019 মহাৰাষ্ট্ৰ: নৰ্মদা নদীত নাও দুৰ্ঘটনাৰ ফলত 6 জন ডুব যায় ৷ মকৰ সংক্ৰান্তিৰ উপলক্ষে নদী উপাসনা অনুষ্ঠান সম্পাদন কৰাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয় ৷
লগতে পঢ়ক :তিনিখন নাৱৰ সৈতে 13 গৰাকী ভাৰতীয় মাছমৰীয়াক আটক শ্ৰীলংকাৰ নৌসেনাৰ - INDIAN FISHERMEN APPREHENDS
15.07.2018 অন্ধ্ৰ প্ৰদেশ :অন্ধ্ৰ প্ৰদেশত গোদাৱৰী নদীত 33 জন লোকক কঢ়িয়াই নিয়া এখন নাও ডুবি যোৱাৰ পিছতে