অসম

assam

ETV Bharat / bharat

মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ; দিনটোৰ দুঘন্টা মানহে সূৰ্যৰ পোহৰ পৰে এইকেইখন গাঁৱত... - CAMPING ADVENTURE SPORTS

পৃথিৱীৰ পৃষ্ঠৰ পৰা ৩,০০০ ফুট তলত লুকাই থকা পাতালকোট গাঁওবোৰত আছে প্ৰাকৃতিক সৌন্দৰ্যৰ আমেজ ৷

Chhindwara patalkot village travel destination beautiful place for camping adventure sports
ছিণ্ডৱাৰাৰ পাটালকোট (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 24, 2024, 11:32 AM IST

ছিণ্ডৱাৰা: আপুনি বাৰু ন ন ঠাই ঘূৰি-ফুৰি ভাল পায়নে ? কেতিয়াবা আপুনি ছিন্দৱাৰাৰ পাতালকোটলৈ গৈছেনে ? এই প্ৰতিবেদনত আমি জনাব খুজিছো ছিন্দৱাৰাৰ পাতালকোটৰ কথা; মধ্যপ্ৰদেশৰ এনে এখন ঠাই য’ত মাত্ৰ কেইঘন্টাৰ বাবেহে সূৰ্যৰ ৰশ্মি পৰে ৷

এই বিষয়ে শুনি ছিন্দৱাৰাৰ পাতালকোটলৈ যাবলৈ আপোনাৰো নিশ্চয় মন গৈছে, তেন্তে ব’লক আজি পাতালকোটত একেলগে এভুমুকি মাৰো...

কল্পনা কৰক চোন, য’ত সূৰ্যৰ পোহৰে খেলা কৰে আৰু আন্ধাৰকেই সাৰোগত কৰি সকলোৱে চলাই গৈছে জীৱনৰ ধাৰা ! তাত যদি এদিনো কটাব পৰা যায়, তেন্তে কেনে লাগিব বাৰু ? তথ্য অনুসৰি, ভূপৃষ্ঠৰ পৰা ৩০০০ ফুট তলত অৱস্থিত, সুউচ্চ পাহাৰ আৰু ঘন অৰণ্যই আগুৰি থকা মধ্যপ্ৰদেশৰ ছিন্দৱাৰাৰ এই পাতালকোট । লুকাই থকা উপত্যকা (hidden valley) বুলি গণ্য কৰা এই অঞ্চলটোৱে আধুনিক পৃথিৱীৰ পৰশ নপৰা এক জীৱনশৈলীৰ আভাস দিয়ে ।

পাটালকোটৰ গাঁওবোৰত আছে প্ৰাকৃতিক সৌন্দৰ্যৰ আমেজ (ETV Bharat)

ইয়াত বাস কৰা ভৰিয়া জনগোষ্ঠীৰ (Bharia tribe) বাবে পুৱা হয় ১০ বজাত সূৰ্য উদয় হোৱাৰ লগে লগে ৷ পুৱা ১১ বজালৈকে সূৰ্য দৃশ্যমান হয় ৷ বিয়লি প্ৰায় ৩ বজাৰৰ লগে লগে অন্ধকাৰে আৱৰি ধৰে অঞ্চলটো । দিনটোৰ অধিকাংশ সময়ত গাঁওবোৰত নিশাৰ দৰেই অনুভৱ হৈ থাকে ।

অপূৰ্ব প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰা ছিন্দৱাৰাৰ পাতালকোটত আছে প্ৰায় ৩২০০ লোকৰ জনসংখ্যা থকা ১২ খন গাঁও ৷ অৱশ্যে এই ১২ খন গাঁৱৰ তিনিখন আক্ষৰিক অৰ্থত বাহিৰৰ জগতখনৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ থকাৰ বিপৰীতে বাকীবোৰৰ সৈতে পকী পথৰ জৰিয়তে সংযোগ কৰা হৈছে ৷

অৱশ্যে তিনিওখন গাঁও প্ৰায়ে আন্ধাৰতে লুকাই থাকে । এই গাঁওবোৰত উপনীত হোৱাটোও এটা প্ৰত্যাহ্বান ৷ কাৰণ অন্ধকাৰত ডুব গৈ থকা এই গাঁওকেইখনত প্ৰৱেশ কৰাটো যথেষ্ট কঠিন ।

ভৰিয়া জনজাতিৰ বিশেষজ্ঞ গৱেষক ড৹ বিকাশ শৰ্মাই কয় যে বাসিন্দাসকলৰ অনন্য জীৱনশৈলীৰ অতিশয় শলাগ ল’বলগীয়া ৷ ‘‘পাতালকোটৰ জনসাধাৰণ বহিঃজগতৰ বিশৃংখলতা পৰা সম্পূৰ্ণ দূৰত, বিশুদ্ধ প্ৰাকৃতিক পৰিৱেশত বাস কৰে । আনকি Covid-19 মহামাৰীৰ সময়তো এই গাঁওসমূহত পৰা নাছিল কোনো প্ৰভাৱ ৷ এই গাঁৱৰ বাসিন্দাসকলে আত্মনিৰ্ভৰশীল জীৱনশৈলীৰ প্ৰতিফলন ঘটায় ।’’ তেওঁ কয় ।

৩০০০ফুট তলত লুকাই থকা গাঁও (ETV Bharat)

লগতে পঢ়ক :প্ৰত্যাহ্বানৰ কুঁৱলী ফালি মুগাশিল্পলৈ আশাৰ ৰেঙণি

লগতে পঢ়ক :উদয়পুৰৰ পখিলা উদ্যান : পৰ্যটকৰ বাবে এক অনন্য উপহাৰ - Udaipur Butterfly Park

পাতালকোটৰ জনজাতিসকলৰ বাবে অৰণ্য মানে গোটেই পৃথিৱী । মৌৰ পৰা আৰম্ভ কৰি কোডো কুটকী আৰু বালাৰৰ (Kodo Kutki and Balar) দৰে শস্যলৈকে, হাবিখনেই তেওঁলোকৰ জীৱিকাৰ উৎস । শেহতীয়া বছৰবোৰত কিছুমান গাঁৱত সীমিত খেতি কৰা আৰম্ভ কৰিছে যদিও বেছিভাগৰ বাবে অৰণ্যখনেই তেওঁলোকৰ জীৱিকাৰ প্ৰধান উৎস ।

ঔষধি গুণৰ অধিকাৰী বহুমূলীয়া বনৌষধিৰ বাবেও পাতালকোট বিশ্বজুৰি বিখ্যাত । ইয়াৰ পৰিৱেশগত তাৎপৰ্যক স্বীকাৰ কৰি, বহুমূলীয়া সম্পদৰ বাবে চৰকাৰে উপত্যকাটোক জৈৱ বৈচিত্ৰ্যৰ হটস্পট হিচাপে ঘোষণা কৰিছে ।

চৰকাৰে ভৰিয়া জনগোষ্ঠীক বাসস্থানৰ অধিকাৰ প্ৰদান কৰি তেওঁলোকৰ মাটি, পানী, বনাঞ্চল সুৰক্ষিত কৰাৰ ক্ষমতা প্ৰদান কৰে । এই পদক্ষেপৰ অধীনত এতিয়া ভৰিয়া জনসাধাৰণৰ পাতালকোটৰ সম্পদৰ ওপৰত একচেটিয়া অধিকাৰ আছে আৰু কোনো বাহ্যিক পক্ষই তেওঁলোকৰ সন্মতি অবিহনে সেইবোৰ শোষণ কৰিব নোৱাৰে । এই পদক্ষেপে ছিন্দৱাৰাক ভাৰতৰ প্ৰথমখন জিলা হিচাপে গঢ়ি তুলিছিল, যিয়ে জনজাতীয় সম্প্ৰদায়ক এনে অধিকাৰ প্ৰদান কৰিছিল ।

ছিণ্ডৱাৰাৰ পাটালকোট (ETV Bharat)

পাতালকোটৰ মোহনীয় সৌন্দৰ্য আৰু সাংস্কৃতিক সমৃদ্ধিয়েও পৰ্যটন খণ্ডৰ দৃষ্টি আকৰ্ষণ কৰিছে । লুকাই থকা ৰত্ন সদৃশ এই অঞ্চলটোৰ সম্পৰ্কে প্ৰচাৰৰ বাবে জিলা প্ৰশাসনে ২৮ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈকে এডভেঞ্চাৰ ফেষ্টিভেল অৰ্থাৎ সহজ অৰ্থত দুঃসাহসিক উৎসৱৰ আয়োজন কৰিছে ৷ হট এয়াৰ বেলুন, পেৰাগ্লাইডিং আৰু অন্যান্য ৰোমাঞ্চকৰ খেলৰ দৰে কাৰ্যকলাপৰ লক্ষ্য হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকক আকৰ্ষণ কৰি পতালকোটৰ যাদু অনুভৱ কৰোৱাটোৱেই ইয়াৰ মূল উদ্দেশ্য ।

শেষত চৰকাৰী বিষয়া শ্বিলেন্দ্ৰ সিঙে কয়, “আমি বিচাৰো যে বিশ্বই পাতালকোটৰ এই সৌন্দৰ্যৰ সাক্ষী হওক আৰু লগতে ইয়াৰ সূক্ষ্ম পৰিৱেশ তন্ত্ৰ আৰু জনসাধাৰণৰ জীৱনশৈলীকো সন্মান কৰক ৷’’

লগতে পঢ়ক :অতুলনীয় প্রাকৃতিক সৌন্দৰ্য তথা জৈৱ-বৈচিত্ৰ্যৰ সাক্ষ্য বহনকাৰী 'পবা'ৰ কথাৰে...

লগতে পঢ়ক :পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু টাৱাঙৰ ৩০০ বছৰ পুৰণি ঐতিহাসিক বৌদ্ধ মঠ

ABOUT THE AUTHOR

...view details