নেশ্যনেল ডেস্ক, 5 মাৰ্চ :মধ্যপ্ৰদেশৰ ছত্ৰপুৰ জিলাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বহুজন সমাজ পাৰ্টীৰ (বিএছপি) নেতা মহেন্দ্ৰ গুপ্তাক গুলীয়াই হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে । নেতাজনক কোনো আততায়ীয়ে মূৰত গুলীওৱাৰ ফলত তেওঁৰ ঘটনাস্থলীতেই মৃত্যু হয় । এই ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ছত্ৰপুৰৰ আৰক্ষী অধীক্ষক অমিত সংঘীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তক বিচাৰি অভিযান আৰম্ভ কৰিছে ৷
কোন আছিল মহেন্দ্ৰ গুপ্তা ?
মহেন্দ্ৰ গুপ্তা বিএছপিৰ অন্যতম শক্তিশালী নেতা আছিল ৷ 2023 চনৰ নিৰ্বাচনত, বিএছপিয়ে তেওঁক বিজাৱাৰ বিধানসভাৰ পৰা প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল । ইয়াৰ পূৰ্বে, তেওঁ ঈশানগৰৰ পঞ্চায়তৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । মহেন্দ্ৰ গুপ্তাই যোৱা কেইবাছৰ ধৰি বিএছপিৰ হৈ সক্ৰিয়ভাৱে কাম কৰি আহিছে ৷ তেওঁক জিলাখনৰ বিএছপিৰ শক্তিশালী নেতাসকলৰ ভিতৰত এজন বুলি গণ্য কৰা হয় ৷
বিতৰ্কৰ সৈতে পুৰণি সম্পৰ্ক: