নেশ্যনেল ডেস্ক, ১৭ ছেপ্টেম্বৰ : মণিপুৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে কৰিছে এক ডাঙৰ ঘোষণা । কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় আৰক্ষী কল্যাণ ভাণ্ডাৰ খুলি মণিপুৰবাসীক উচিত মূল্যত অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁ কয় ৷ এই ঘোষণা কৰাৰ সময়তে গৃহমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ ২১ টা ভাণ্ডাৰৰ উপৰিও ১৬ টা নতুন সুবিধা মুকলি কৰা হ’ব । তেওঁ কয় যে ১৬ টা কেন্দ্ৰৰ ভিতৰত ৮ টা কেন্দ্ৰ পাহাৰীয়া অঞ্চলত হ’ব ।
ছ’চিয়েল মিডিয়াত X ৰ এটা পোষ্টত অমিত শ্বাহে লিখে-
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিশ্ৰুতি অনুসৰি গৃহ মন্ত্ৰালয়ে মণিপুৰৰ জনসাধাৰণক উচিত মূল্যত সামগ্ৰী যোগান ধৰাৰ পদক্ষেপ আৰম্ভ কৰিছে । এতিয়া আজি ১৭ ছেপ্টেম্বৰ ২০২৪ৰ পৰা সাধাৰণ জনতাৰ বাবে মুকলি হ'ব কেন্দ্ৰীয় আৰক্ষী কল্যাণ ভাণ্ডাৰ । বৰ্তমানৰ ২১ টা ভাণ্ডাৰৰ উপৰিও ১৬ টা নতুন ভাণ্ডাৰ মুকলি কৰা হ’ব । গৃহমন্ত্ৰীগৰাকীয়ে Xৰপোষ্টত কয় যে ১৬ টা নতুন কেন্দ্ৰৰ ভিতৰত ৮টা উপত্যকাত আৰু বাকী আঠটা পাহাৰীয়া অঞ্চলত হ’ব ।
ইয়াৰ পূৰ্বে ১৬ ছেপ্টেম্বৰ সোমবাৰে মণিপুৰৰ বিষ্ণুপুৰ, ইম্ফল পশ্চিম, ইম্ফল পূব আৰু থৌবাল জিলাৰ কৰ্তৃপক্ষই মঙলবাৰে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সান্ধ্য আইন শিথিল কৰিছে, যাতে মানুহে ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব পাৰে । চাৰিখন জিলাৰ বিষয়াসকলে লোকৰ চলাচলত থকা নিষেধাজ্ঞা শিথিল কৰাৰ নিৰ্দেশ জাৰি কৰিছে । কোনো ধৰণৰ সমাৱেশ, গণ আন্দোলন, প্ৰতিবাদ বা ৰেলী আদিৰ ক্ষেত্ৰত এই ৰেহাই প্ৰযোজ্য নহ’ব, যিটো অবৈধ ।