নিউজ ডেস্ক, ২৫ আগষ্ট:লাখ লাখ কৰ্মচাৰীক প্ৰভাৱিত কৰা এক উল্লেখযোগ্য সিদ্ধান্তত শনিবাৰে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনালে ৷ কেন্দ্ৰীয় চৰকাৰে নিশ্চিত পেঞ্চন আৰু নিশ্চিত পৰিয়াল পেঞ্চনৰ ব্যৱস্থা থকা ইউনিফাইড পেঞ্চন আঁচনি (ইউপিএছ)ত অনুমোদন জনায় । অহা বছৰৰ ১ এপ্ৰিলৰ পৰা ইউনাইটেড পেঞ্চন আঁচনি বলবৎ হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত সামৰি লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ইয়াক চলাই নিয়াৰ বা নতুন আঁচনিখন বাছি লোৱাৰ পছন্দ থাকিব ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল কেবিনেট বৈঠকখন । কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ অন্তত সংবাদ মাধ্যমক অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ২৩ লাখ কৰ্মচাৰী ইউনিফাইড পেঞ্চন আঁচনিৰ দ্বাৰা উপকৃত হ’ব ।
"আজি কেন্দ্ৰীয় কেবিনেটে নিশ্চিত পেঞ্চনৰ ব্যৱস্থা কৰা চৰকাৰী কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি (ইউ পি এছ)ত অনুমোদন জনাইছে ৷ ৫০ শতাংশ বীমাকৃত পেঞ্চন আঁচনিৰ প্ৰথম স্তম্ভ ৷ দ্বিতীয় স্তম্ভ হ'ব নিশ্চিত পৰিয়াল পেঞ্চন ৷ কেন্দ্ৰীয় চৰকাৰৰ ২৩ লাখ কৰ্মচাৰীয়ে ইউনিফাইড পেঞ্চন আঁচনি (ইউপিএছ)ৰ দ্বাৰা উপকৃত হ’ব ৷ কৰ্মচাৰীসকলে এনপিএছ আৰু ইউপিএছৰ মাজৰ পৰা বাছনি কৰাৰ বিকল্প থাকিব ।" অশ্বিনী বৈষ্ণৱে কয় ৷