নেশ্যনেল ডেস্ক,২২ ফেব্ৰুৱাৰী : কিৰু জলবিদ্যুৎ প্ৰকল্পৰ চুক্তিৰ দুৰ্নীতিৰ গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ বাসগৃহত চিবিআইয়ে বৃহৎ অভিযান চলাইছে । প্ৰাক্তন ৰাজ্যপালগৰাকী বাসগৃহকে ধৰি তেওঁৰ সৈতে জড়িত ৩০ টা স্থানত অভিযান চলাইছে । তেওঁৰ প্ৰাক্তন প্ৰেছ উপদেষ্ট, ৩ গৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু অন্যান্য লোকৰ বিৰুদ্ধেও চিবিআইয়ে অভিযান চলোৱা বুলি জানিব পৰা গৈছে ।
এই গোচৰটো ২০১৯ চনত কিষ্টৱাৰত ২,২০০ কোটি টকাৰ কিৰু জল বৈদ্যুতিক শক্তি প্ৰকল্পৰ (এইচইপি) কামৰ ঠিকা আৱণ্টনত কথিত দুৰ্নীতিৰ অভিযোগৰ সৈতে সম্পৰ্কিত । সামাজিক মাধ্যমৰ এটা পোষ্টত মালিকে এই অভিযানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ যোৱা তিনি-চাৰি দিন ধৰি অসুস্থ হৈ আছে আৰু চিকিৎসালয়ত ভৰ্তি হৈ আছে । তাৰ পিচতো স্বৈৰাচাৰী চৰকাৰী সংস্থাৰ জৰিয়তে তেওঁ ঘৰত তালাচী চলোৱা হৈছে । তেওঁৰ চালক আৰু সহায়কৰ বিৰুদ্ধেও তালাচী চলোৱা হৈছে । তেওঁলোকক অপ্ৰয়োজনীয়ভাৱে হাৰাশাস্তি কৰা হৈছে বুলি অভিযোগ কৰে মালিকে । মালিকে লগতে দাবী কৰে যে তেওঁ এগৰাকী কৃষকৰ পুত্ৰ আৰু তেওঁ এই অভিযানবোৰক লৈ ভয় নকৰে । মালিকে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে তেওঁ সদায় কৃষকসকলৰ সৈতে আছে ।