শিৱপুৰী/ডাং :চৰণেহে জানে মৰণৰ ঠাই... কাৰ মৃত্যু, কেনেকৈ আহে, সেই কথা কোনেও নাজানে... কোনোবাই জানো ভাবিছিলে তীৰ্থ ভ্ৰমণেই হ’ব বহু লোকৰ বাবে অন্তিম যাত্ৰা বুলি ! ভগৱানৰ দৰ্শন কৰিবলৈ গৈ কেবাজনো লোকে মৃত্যুক আঁকোৱালি ল’ব লগা হয় ৷
জানিব পৰা মতে, দেওবাৰে পুৱাই গুজৰাটৰ ডাং জিলাৰ গুজৰাট-নাছিক ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । ভক্তৰে ভৰা এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই সপুতৰা ঘাটৰ এটা দ’ খাৱৈত বাগৰি পৰে । ফলত কেবাজনো ভক্তৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে আৰক্ষীয়ে ।
তথ্য অনুসৰি, এই বাছখনত প্ৰায় ৫০ জন যাত্ৰী আছিল ৷ দুৰ্ঘটনাত পতিত হৈ ৫০ জন যাত্ৰীৰ আটাইকেইজনে আহত হৈছিল । বাছখনত যাত্ৰা কৰা সকলো ভক্ত শিৱপুৰী, গুনা আৰু অশোকনগৰ জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।
- ২০০ ফুট দ খাৱৈত বাগৰি পৰে বাছ
দেওবাৰে পুৱা প্ৰায় ৪ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো । নাছিকৰ পৰা আহি থকা এই বিলাসী বাছ ডেৰ-দুই কিলোমিটাৰ দূৰৈৰ সপুতৰালৈ যোৱাৰ পথতে মালেগাম ফৰেষ্ট গেষ্টহাউছৰ সন্মুখৰ ঘাটত থকা ২০০ ফুট দ খাৱৈত পৰি যায় । বাছখনত মুঠ ৪৮জন ভক্ত আছিল ।
এই দুৰ্ঘটনাত পতিত হৈ ৩৩ জন ভক্ত আহত হৈছে ৷ ইয়াৰে ১৬ জনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে । গুৰুতৰভাৱে আহত যাত্ৰীসকলক আহৱা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ লগতে এজন আহত যাত্ৰীক চুৰাটলৈ প্ৰেৰণ কৰা হৈছে ।
- এই দুৰ্ঘটনাত ৭ জনৰ মৃত্যু :