অসম

assam

ETV Bharat / bharat

৩১ জানুৱাৰীৰ পৰা সংসদৰ বাজেট অধিৱেশন - UNION BUDGET 2025

বাজেট অধিৱেশনত মুঠ নখন বৈঠক হ'ব । ইয়াত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ আগবঢ়াব । সীতাৰমণে বাজেট উত্থাপন কৰিব ।

Union Budget 2025
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ (ANI)

By ETV Bharat Assamese Team

Published : Jan 18, 2025, 1:09 PM IST

নতুন দিল্লী :অহা ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব সংসদৰ ২০২৫-২৬ বৰ্ষৰ বাজেট অধিৱেশন । এই অধিৱেশন ৪ এপ্ৰিললৈকে চলিব । আনহাতে, ইতিমধ্যে বিত্তমন্ত্ৰী হিচাপে বাজেট দাখিলত অভিলেখ সৃষ্টি কৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ১ ফেব্ৰুৱাৰীত তেওঁৰ অষ্টমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব ।

অহা ৩১ জানুৱাৰীত লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বাজেট অধিৱেশনৰ আৰম্ভণি ভাষণ ৰাখিব । তাৰ পিছত বাজেটৰ ওপৰত অৰ্থনৈতিক জৰীপ আৰম্ভ হ'ব ।

"মাননীয় ৰাষ্ট্ৰপতিয়ে ২০২৫ চনৰ ৩১ জানুৱাৰীত লোকসভা কক্ষত দিনৰ ১১ বজাত দুয়োখন সদনৰ যুটীয়া বৈঠকত ভাষণ দিব । ইয়াৰ পিছতে বাজেট অধিৱেশনৰ মূল কাৰ্যক্ৰমণিকা আৰম্ভ হ'ব । ১ ফেব্ৰুৱাৰীত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট লোকসভাত উপস্থাপন কৰা হ'ব ।" সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে Xপোষ্টত কয় ।

উল্লেখ্য যে, বাজেট অধিৱেশনৰ প্ৰথম অংশত ৩১ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ সংসদত মুঠ নখন বৈঠক অনুষ্ঠিত হ'ব । ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ আগবঢ়াব আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট সন্দৰ্ভত আলোচনাৰ উত্তৰ দিব ।

ইয়াৰ পিছত বাজেটৰ প্ৰস্তাৱসমূহ পৰীক্ষা কৰিবলৈ অৱকাশৰ বাবে সংসদ স্থগিত থাকিব । আনহাতে, বিভিন্ন মন্ত্ৰণালয়ৰ অনুদানৰ দাবী সন্দৰ্ভত আলোচনা কৰিবলৈ আৰু বাজেট প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ অহা ১০ মাৰ্চৰ পৰা পুনৰ সদনৰ বৈঠক অনুষ্ঠিত হ'ব । এই কাৰ্যক্ৰমণিকাৰ পিছত এই অধিবেশনখন ৪ এপ্ৰিলত সামৰণি পৰিব । সমগ্ৰ বাজেট অধিৱেশনত মুঠ ২৭ খন বৈঠক অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, অষ্টম দৰমহা আয়োগত অনুমোদন কেবিনেটৰ - 8TH CENTRAL PAY COMMISSION
লগতে পঢ়ক :আৰ জি কৰ ঘটনা : ৰায় দিব শিয়ালদহ আদালতে ! - SEALDAH COURT ON RG KAR CASE

ABOUT THE AUTHOR

...view details