নিউজ ডেস্ক, 31 জানুৱাৰী :মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন বাজেট অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে ৷ পূৰ্বৰ পৰম্পৰা অনুসৰি অধিৱেশনৰ প্ৰথম দিনটো ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে নিম্ন আৰু উচ্চ সদনৰ যুটীয়া বৈঠকত ভাষণ দিয়ে ৷ আনহাতে, 1ফেব্ৰুৱাৰীত অন্তৱৰ্তীকালীন বাজেট উপস্থাপন কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷
এপ্ৰিল বা মে' মাহত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে 1 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে অন্তৱৰ্তীকালীন বাজেট উপস্থাপন কৰিব বিত্তমন্ত্ৰীয়ে । নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত সম্পূৰ্ণ বাজেট উপস্থাপন কৰিব । বাজেট অধিৱেশনত বিৰোধী দল সমূহৰ নেতাক সহযোগিতা কৰিবলৈ আহ্বান জনাই সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৷ আনহাতে, বাজেট অধিৱেশনক লৈ মঙলবাৰে সংসদত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছিল ৷
9 ফেব্ৰুৱাৰীত সমাপ্ত হ'বলগীয়া সংসদৰ চমু অধিৱেশনৰ মূল কাৰ্যসূচী সম্পৰ্কত যোশীয়ে কৈছিল, ৰাষ্ট্ৰপতিৰ ভাষণ, অন্তৱৰ্তীকালীন বাজেট উপস্থাপন আৰু প্ৰধানমন্ত্ৰী মোদীৰ উত্তৰৰ সৈতে ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদ প্ৰস্তাৱৰ ওপৰত বিতৰ্ক ।