নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰী : যাদুবিদ্যাৰ (ক'লা যাদু) সন্দেহে কাঢ়িলে দুটাকৈ জীৱন । পিতৃৰ মৃত্যু আৰু পত্নী-পুত্ৰৰ অসুস্থতাৰ কাৰণ ক'লা যাদু বুলি হোৱা সন্দেহৰ ফলতে তেলেংগানাৰ মেহবুবাবাদ জিলাত দুটাকৈ হত্যাকাণ্ড সংঘটিত হয় ।
আৰক্ষী সূত্ৰ অনুসৰি, মেহবুবাবাদ জিলাৰ গুডুৰু মণ্ডলৰ বোলেপল্লীৰ শিৱৰাত্ৰি কুমাৰস্বামীয়ে সন্দেহ কৰে যে তেওঁৰ প্ৰতিবেশী আলাকুন্তলা কোমাৰাইয়াৰ পৰিয়ালৰ সদস্যসকলে ক'লা যাদু কৰি আছে । এই সন্দৰ্ভত তেওঁৰ পৰিয়ালটোৰ ওপৰত এক বিদ্বেষ ভাব পোষণ কৰে । কিয়নো তেওঁ সন্দেহ কৰে যে পৰিয়ালটোৰ ক'লা যাদুৰ বাবে তেওঁৰ পিতৃ এলিয়াৰ মৃত্যু হৈছিল ।
আনহাতে, এই ক'লা যাদুৰ বাবেই তেওঁৰ পুত্ৰ মৃগী ৰোগত আক্ৰান্ত হোৱাৰ লগতে তেওঁৰ পত্নী মানসিকভাৱে অসুস্থ হৈ পৰা বুলি মনত সন্দেহ হয় । কেৱল সিমানেই নহয়, তেওঁৰ ভাতৃৰ পত্নী বজ্ৰপাতৰ ফলত মৃত্যুবৰণ কৰাৰ কৰাণ হিচাপে পৰিয়ালটোৰ ক'লা যাদুকে সন্দেহ কৰে । এই সকলো সমস্যাৰ একমাত্ৰ কাৰণ হিচাপে পৰিয়ালটোৰ ক'লা যাদুকে সন্দেহ কৰি কুমাৰা স্বামীয়ে কোমাৰাইয়াৰ পত্নী চাম্মাক্কা (৬০) আৰু পুত্ৰ সম্মায়াক (৪০) আক্ৰমণ কৰে ।
পাঁচ দিন পূৰ্বে, সম্মায়াই গাঁওখনত অ’টো চলাই থকা অৱস্থাত কুমাৰস্বামী তেওঁৰ সন্মুখলৈ আহে আৰু তেওঁৰ অ’টোৰ সৈতে সংঘৰ্ষৰ সৃষ্টি হয় । ইয়াৰ পিচত সম্মায়াই গুডুৰু আৰক্ষী থানাত অভিযোগ দাখিল কৰে যে কুমাৰস্বামীৰ পৰা তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে ।