নেশ্যনেল ডেস্ক,২০ জুলাই :দেশৰ আঞ্চলিক দলসমূহৰ ভিতৰত ২০২২-২০২৩ বিত্তীয় বৰ্ষত সৰ্বাধিক উপাৰ্জন কৰা দল হিচাপে পৰিগণিত হৈছে ভাৰত ৰাষ্ট্ৰ সমিতি । ৭৩৭.৬৭ কোটি টকা (৪২.৩৮ শতাংশ) উপাৰ্জনৰ সৈতে আঞ্চলিক দলসমূহৰ তালিকাৰ শীৰ্ষত আছে তেলেংগানাৰ ভাৰত ৰাষ্ট্ৰ সমিতি চমুকৈ বি আৰ এছ । এছ'চিয়েশ্যন অৱ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ প্ৰতিবেদন অনুসৰি ৩৩৩.৪৫ কোটি টকাৰ (১৯.১৬ শতাংশ) সৈতে তৃণমূল কংগ্ৰেছ দল দ্বিতীয় স্থানত আছে । ডি এম কে দলে ২১৪.৩৫ কোটি টকা (১২.৩২ শতাংশ) উপাৰ্জনৰ সৈতে তৃতীয় স্থানত আছে ।
উপাৰ্জনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত বি আৰ এছ দল - Highest earning Party - HIGHEST EARNING PARTY
Highest earning party: এছ'চিয়েশ্যন অৱ ডেমক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদন অনুসৰি ভাৰত ৰাষ্ট্ৰ সমিতিয়ে ২০২২-২০২৩ বিত্তীয় বৰ্ষত সৰ্বাধিক উপাৰ্জন কৰিছে । তৃণমূল কংগ্ৰেছ দল দ্বিতীয় আৰু ডি এম কে দল তৃতীয় স্থানত আছে । একেদৰে এই সময়ছোৱাত তৃণমূল কংগ্ৰেছে সৰ্বাধিক ব্যয় কৰিছে ।
![উপাৰ্জনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত বি আৰ এছ দল - Highest earning Party Highest earning Party](https://etvbharatimages.akamaized.net/etvbharat/prod-images/20-07-2024/1200-675-22003190-thumbnail-16x9-brs-07-aspera.jpg)
Published : Jul 20, 2024, 7:00 PM IST
দেশৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ বিত্তীয় স্থিতি বিশ্লেষণ কৰা এ ডি আৰে ৫৭ টা আঞ্চলিক দলৰ ভিতৰত ৩৯ টা দলৰ বিত্তীয় স্থিতিৰ ওপৰত পৰ্যৱেক্ষণ কৰিছিল । ব্যয়ৰ ক্ষেত্ৰত তৃণমূল কংগ্ৰেছ ১৮১.১৮ কোটি টকাৰ সৈতে প্ৰথম স্থানত আছে । পৰৱৰ্তী স্থানত আছে ৭৯.৩২ কোটি টকাৰ সৈতে ৱাই এছ আৰ কংগ্ৰেছ, ৫৭.৪৭ কোটি টকাৰ সৈতে বি আৰ এছ, ৫২.৬২ কোটি টকাৰ সৈতে ডি এম কে আৰু ৩১.৪১ কোটি টকাৰ সৈতে সমাজবাদী পাৰ্টি পৰৱৰ্তী স্থানত আছে । ৩৯ টা দলৰ মুঠ উপাৰ্জন হৈছে ১,৭৪০.৪৮ কোটি টকা ।
নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহৰ বাৰ্ষিক অডিট একাউণ্ট দাখিলৰ বাবে ২০২৩ চনৰ ৩১ অক্টোবৰ নিৰ্ধাৰণ কৰিছিল যদিও এ ডি আৰে প্ৰকাশ কৰিছে যে মাত্ৰ ১৬ টা দলে সময়মতে বিৱৰণ দাখিল কৰিছে । একেদৰে, ১৯ টা দলেও ব্যয় নকৰাৰ বিৱৰণ প্ৰদান দিছে । তাৰ ভিতৰত সৰ্বাধিক পৰিমাণ হৈছে ৬৮০.২০ কোটি টকা যিয়ে ব্যয় নোহোৱা পৰিমাণ দেখুৱাইছে । বিজু জনতা দলে ১৭১.০৬ কোটি টকা আৰু ডি এম কেই ১৬১.৭২ কোটি টকা দেখুৱাইছে ।