হায়দৰাবাদ: যাত্ৰীবাহী বিমানলৈ ভাবুকি প্ৰদানৰ ঘটনা অব্যাহত আছে ভাৰতত ৷ দেওবাৰেও প্ৰায় 50 খন বিমানলৈ আহিল বোমাৰ ভাবুকি ৷ ইয়াৰে দুখন বিমান গন্তব্যস্থানৰ বিপৰীতে আন ঠাইলৈ ঘূৰাই পঠোৱা হয় বুলি এক সূত্ৰই জনাইছে ৷ যোৱা দুসপ্তাহত কমেও 350 খন বিমানলৈ এইদৰে বোমাৰ ভাবুকি আহিছে ৷ সামাজিক মাধ্যমৰ যোগেদি এই ভাবুকিসমূহ প্ৰদান কৰি থকা হৈছে ৷
বেংগালুৰুৰ পৰা অযোধ্যালৈ অহা আকাছা এয়াৰলাইন্সৰ বিমানখনে বোমা বিস্ফোৰণৰ ভাবুকি পোৱাৰ পাছতে কৰ্তৃপক্ষ সতৰ্ক হয় । লগতে বেংগালুৰুৰ পৰা গোৰখপুৰলৈ অহা আন এখন বিমানখনলৈও বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ পাছত আতংকৰ সৃষ্টি হয় ।
বেংগালুৰুৰ পৰা অযোধ্যালৈ অহা বিমানত বোমা বিস্ফোৰণৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় । জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ সংশ্লিষ্ট সকলো বিভাগক সতৰ্ক কৰি দিয়া হয় । বিমানখনে অৱতৰণ কৰাৰ পাছতে বোমা নিষ্কাশন দলটোৱে তদন্ত আৰম্ভ কৰে । যাত্ৰীসকলকো পৰীক্ষা কৰা হয় । বৰ্তমান সময়ত কোনো ধৰণৰ ভাবুকিৰ সন্ধান পোৱা নাই । অৱশ্যে তদন্ত অব্যাহত আছে ।
আকাছা এয়াৰৰ প্ৰায় ১৫ খন বিমানে নিৰাপত্তা সতৰ্কবাণীৰ সন্মুখীন হোৱাত সকলো বিমানৰে পৰীক্ষা চলোৱা হয় ৷ তাৰ পাছত অভিযানৰ বাবে মুকলি কৰি দিয়া হয় । সূত্ৰ অনুসৰি ইণ্ডিগ’ই ১৮ খন বিমানৰ আৰু ভিষ্টাৰাই ১৭ খন বিমানৰ প্ৰতি ভাবুকি লাভ কৰিছিল ।
আনহাতে, দেওবাৰে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ ৯খন হোটেললৈ আহে বোমা বিস্ফোৰণৰ ভাবুকি । এই আটাইকেইখন হোটেললৈ আহিছিল ভাবুকিপূৰ্ণ মেইল । হোটেল অপাৰেটৰৰ পৰা ৫০ লাখ টকা দাবী কৰিছিল মেইলাৰে । ভাবুকিত উল্লেখ কৰা হৈছিল যে হোটেলবোৰৰ মজিয়াত ক’লা বেগত লুকুৱাই ৰখা হৈছে বোমা । লক্ষ্ণৌ আৰক্ষীয়ে মেইল প্ৰেৰকজনৰ আই পি ঠিকনা বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে ।