নেশ্যনেল ডেস্ক, 22 মে’:মহাৰাষ্ট্ৰৰ পুণেৰ উজানী বান্ধত মঙলবাৰে সন্ধিয়া এখন যাত্ৰীবাহী নাও ডুব যোৱাৰ ফলত প্ৰায় ছয়জন লোক সন্ধানহীন হয় । এই দুৰ্ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ অভিযান আৰম্ভ কৰে আৰু ধাৰাবাহিকভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখি বুধবাৰে চাৰি কিশোৰসহ পাঁচজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে । ইয়াৰে তিনিগৰাকী যুৱতী আৰু দুজন যুৱক ৷ আনহাতে ষষ্ঠজন লোকৰ বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে ৷
এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত আৰক্ষীৰ উপ-পৰিদৰ্শক ৰাহুল ডংগ্ৰে নাওখনত আছিল আৰু তেওঁ কোনোমতে সাঁতুৰি পাৰত উপস্থিত হোৱাত প্ৰাণৰক্ষা পৰে ৷ তেওঁ লগে লগে স্থানীয় লোক আৰু প্ৰশাসনক এই বিষয়ে অৱগত কৰে ৷ ইয়াৰ পাছতেই সন্ধানহীন লোকসকলক বিচাৰি ওৰে নিশা উদ্ধাৰ অভিযান চলোৱা হয় আৰু আজি ইয়াৰে 5জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷
লগতে পঢ়ক:নাও ডুবি শিশুসহ সন্ধানহীন 6 : উদ্ধাৰ অভিযান অব্যাহত - PUNE BOAT CAPSIZE