নিউজ ডেস্ক, 25 জুলাই: বিধানসভাৰ ভিতৰতে নৈশযাপন বিজেপি নেতাৰ ৷ বিৰোধী দলৰ নেতাৰ সৈতে বিজেপিৰ সভাপতিকে ধৰি বিধায়কসকলে এনিশা কটালে বিধানসভাৰ ভিতৰত ৷ অৱশ্যে এয়া প্ৰতিবাদৰহে এক চিহ্ন ৷
এই আমোদজনক প্ৰতিবাদ সাব্যস্ত কৰিছে কৰ্ণাটকৰ বিজেপি নেতাসকলে ৷ বিজেপি নেতা-বিধায়কসকলে বিধানসভাত শুই শুই মহীশূৰ নগৰ উন্নয়ন প্ৰাধিকৰণ(এম ইউ ডি এ) কেলেংকাৰীৰ সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰি আলোচনাৰ দাবী জনাইছে ।
কৰ্ণাটক বিজেপিয়ে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ পদত্যাগ দাবী কৰি অভিযোগ কৰে যে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশতে এই মুদা কেলেংকাৰী সংঘটিত হৈছে ৷
দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছ চৰকাৰৰ বাল্মীকি উন্নয়ন নিগমৰ বহু কোটি টকাৰ দুৰ্নীতিয়ে, অনুসূচীত জাতি সম্প্ৰদায়সমূহক আন উদ্দেশ্যৰ বাবে অনুসূচীত জাতি সম্প্ৰদায়ৰ বিকাশৰ বাবে নিৰ্ধাৰিত ধন ব্যৱহাৰ কৰি বিশ্বাসঘাটকতা কৰে । ৰাজ্যিক সভাপতি @BYVijayendra আৰু বিৰোধী দলৰ নেতা @RAshokaBJP ৰ নেতৃত্বত বিধানসভাত বিজেপি আৰু দুয়োখন সদনৰ জে ডি এছ সদস্যসকলে এক আন্দোলন আৰম্ভ কৰা বুলি বৃহস্পতিবাৰে সামাজিক মাধ্য়ম এক্সত পোষ্ট কৰা হয় ।
"আমি মুদা কেলেংকাৰীৰ জনক @siddaramaiah মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছো । অনুসূচীত জনজাতি আৰু দৰিদ্ৰসকলে ন্যায় নোপোৱালৈকে বিজেপিৰ এই সংগ্ৰাম অব্যাহত থাকিব । বিধানসভাৰ বিৰোধী দলৰ নেতা @NswamyChalavadi, প্ৰাক্তন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক @CTRavi_BJP ধৰি বিজেপি আৰু জে ডি এছ দলকে ধৰি বিধানসভা আৰু বিধান পৰিষদৰ সদস্যসকলে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল," বুলি ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা সদৰী কৰা হৈছে ৷
ৰাজ্যিক দলৰ সভাপতি বিজয়েন্দ্ৰই মহীশূৰৰ মুদা কেলেংকাৰীক গৰিহণা দিয়ে আৰু লগতে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ পদত্যাগ দাবী কৰে । অনুসূচীত জনজাতিৰ কল্যাণৰ বাবে নিৰ্ধাৰিত মহৰ্ষি বাল্মীকি নিগমৰ ১৮৭ কোটি আত্মসাৎ কৰাৰ পিছত ইতিমধ্যে ইডিয়ে আটক কৰিছে বিধায়ক বি নাগেন্দ্ৰক ৷