নেশ্যনেল ডেস্ক, 19 আগষ্ট:দেওবাৰে বিৰোধী দলসমূহে পাৰ্শ্বীয় প্ৰৱেশৰ জৰিয়তে UPSC ত নিযুক্তিৰ পদক্ষেপক তীব্ৰ সমালোচনা কৰি অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিচ পৰা শ্ৰেণীৰ পৰা সংৰক্ষণ চৰকাৰে কাঢ়ি ল’ব বুলি দাবী কৰে ৷ অৱশ্যে বিজেপিয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কয়, "এন ডি এ চৰকাৰে ইউ পি এৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰা নিযুক্তিৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰখনলৈ স্বচ্ছতা আনিছে ৷"
কংগ্ৰেছ, সমাজবাদী পাৰ্টী আৰু বহুজন সমাজ পাৰ্টীয়েও অভিযোগ উত্থাপন কৰে যে নিজৰ মতাদৰ্শগত মিত্ৰসকলক উচ্চ পদত নিযুক্তি দিয়াটো বিজেপিৰ ‘ষড়যন্ত্ৰ’।
বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰি কয়, "আই এ এছৰ ব্যক্তিগতকৰণৰ জৰিয়তে মোদীয়ে সংৰক্ষণ ব্যৱস্থাৰ অন্ত পেলোৱাৰ বাবে যি প্ৰতিশ্ৰুতি আগবঢ়াইছিল তাৰে সাকাৰ ৰূপ দিব । INDIA গোটে এই ‘ৰাষ্ট্ৰ বিৰোধী পদক্ষেপ’ৰ তীব্ৰ বিৰোধিতা কৰিছে । সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে 2 অক্টোবৰৰ পৰা ইয়াৰ বিৰুদ্ধে আন্দোলন হ’ব বুলি সকীয়াই দিয়ে ।
অভিযোগ প্ৰতিহত কৰি বিজেপিয়ে 2020 চনত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা কাৰ্যালয়ৰ স্মাৰকপত্ৰৰ উদ্ধৃতি দি পাৰ্শ্বীয় প্ৰৱেশৰ ক্ষেত্ৰত সংৰক্ষণৰ নিৰ্দেশনা কঠোৰভাৱে পালন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু বিৰোধী নেতা গান্ধীক ‘মিছা কথা কোৱা বন্ধ’ কৰিবলৈ কয় ।
কেন্দ্ৰীয় লোকসেৱা আয়োগে শনিবাৰে 45 টা পদ (10 টা যুটীয়া আযুক্ত আৰু 35 টা সঞ্চালক/উপসচিব) চুক্তিৰ ভিত্তিত পাৰ্শ্বীয় প্ৰৱেশ পদ্ধতিৰ জৰিয়তে পূৰণ কৰাৰ বিজ্ঞাপন প্ৰকাশ কৰিছে ।
X যোগে গান্ধীয়ে কয়, "কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয়ৰ গুৰুত্বপূৰ্ণ পদত পাৰ্শ্বীয় প্ৰৱেশৰ জৰিয়তে নিযুক্তি দি অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিচ পৰা শ্ৰেণীৰ সংৰক্ষণ মুকলিকৈ কাঢ়ি লোৱা হৈছে । কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জৰিয়তে UPSC ত নিযুক্তি দি সংবিধানক আক্ৰমণ কৰিছে ৷"