নেশ্যনেল ডেস্ক,২ অক্টোবৰ: বিহাৰৰ মুজাফ্ফৰপুৰত বুধবাৰে দুৰ্ঘটনাগ্ৰস্ত হয় এখন ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ । ইঞ্জিন বিকল হোৱাৰ বাবে, পাইলটজনে পানীত অৱতৰণ কৰে হেলিকপ্টাৰখন । পানীত অৱতৰণ কৰাৰ সময়তে দু্ৰ্ঘটনাগ্ৰস্ত হয় বিমানখন । পাইলট আৰু আহত জোৱানসকলক চিকিৎসাৰ বাবে এছ কে এম চি এইচলৈ লৈ যোৱা হয় । দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব প্ৰত্যয় অমৃতে দুৰ্ঘটনাটোৰ বিষয়ে সকলো তথ্য সদৰী কৰে ।
বানপীড়িতক সাহাৰ্য বিতৰণ কৰি থাকোতেই অঘটন:
বানৰ ফলত বিহাৰৰ ২৯ খন জিলা ক্ষতিগ্ৰস্ত হৈছে । বিহাৰত কোসী, গান্দক, কমলা বালানৰ দৰে নদীৰ জলপৃষ্ঠ সম্পূৰ্ণৰূপে বৃদ্ধি পাইছে । যাৰ ফলত লাখ লাখ মানুহে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে । সেই লোকসকলক সকাহ দিবলৈ, বায়ু সেনাৰ দলটোৱে মঙলবাৰৰ পৰা খাদ্যৰ পেকেট বিতৰণ কৰি আহিছে । ইয়াৰ মাজতে হেলিকপ্টাৰৰ ইঞ্জিন বিকল হৈ পৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত অৱস্থাত অৱতৰণ কৰা হয় হেলিকপ্টাৰখন । পাইলটজনৰ উপস্থিত বুদ্ধিৰ ফলত ভয়ংকৰ দুৰ্ঘটনাৰ ৰক্ষা পৰে জোৱানসকল ।