অসম

assam

ছদিনৰ পিচত মণিপুৰত সক্ৰিয় হ’ল ইন্টাৰনেট সেৱা - Unrest manipur

By ANI

Published : Sep 16, 2024, 6:49 PM IST

Ban on internet services: অশান্তজৰ্জৰ মণিপুৰত ছদিনৰ পিচত ইন্টাৰনেট সেৱা পুনৰ সক্ৰিয় হৈছে ৷ এক নিৰ্দেশনাযোগে চৰকাৰে ইন্টাৰনেট কৰ্তনৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিছে ৷ পঢ়ক সম্পূৰ্ণ খবৰ-

Ban on internet services
ছদিনৰ পিচত মণিপুৰত সক্ৰিয় হ’ল ইন্টাৰনেট সেৱা (ETV Bharat)

নিউজ ডেস্ক, 16 ছেপ্টেম্বৰ: ৰাজ্যৰ সাম্প্ৰতিক আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰৰ পৰা ইন্টাৰনেট আৰু ম’বাইল ডাটা সেৱা পুনৰ সক্ৰিয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মণিপুৰ চৰকাৰে ৷ ৰাজ্যখনৰ গৃহ বিভাগে এক নিৰ্দেশনাযোগে ইম্ফল পশ্চিম, ইম্ফল পূব, থৌবাল, বিষ্ণুপুৰ আৰু কাকচিং জিলাত VSAT আৰু VPN ৰ লগতে ইন্টাৰনেট আৰু ম’বাইল ডাটা সেৱা কৰ্তনৰ সিদ্ধান্ত উঠাই লৈছে ৷ এই নিৰ্দেশনা প্ৰদানৰ পূৰ্বে ইন্টাৰনেট সেৱা কৰ্তনৰ ম্য়াদ অহা 20 ছেপ্টেম্বৰলৈকে বৃদ্ধি কৰা হৈছিল ৷ কিন্তু সেই নিৰ্দেশনা এতিয়া বাতিল হৈছে ৷

নিৰ্দেশনাটোত কোৱা হৈছে, ‘‘ৰাজ্য চৰকাৰে যোৱা দহ ছেপ্টেম্বৰত নিৰ্দেশনা নং H3607/4/2022-HD-HD(Pt.) যোগে ইন্টাৰনেট, ম’বাইল ডাটা, লীজ লাইন, VSAT, ব্ৰডবেণ্ড আৰু ভিপিএন সেৱা মণিপুৰৰ ইম্ফল পশ্চিম, ইম্ফল পূব, থৌবাল, বিষ্ণুপুৰ আৰু কাকচিং জিলাত পাঁচদিনৰ বাবে সাময়িকভাৱে বন্ধ কৰি ৰাখিছিল ৷ 10 ছেপ্টেম্বৰৰ বিয়লি 3 বজাৰ পৰা পাঁচদিনৰ বাবে ইন্টাৰনেট সেৱা কৰ্তনৰ ম্যাদ যোৱা 15 ছেপ্টেম্বৰত প্ৰেৰণ কৰা আন এক নিৰ্দেশনা মতে 20 ছেপ্টেম্বৰৰ বিয়লি 3 বজালৈ বৃদ্ধি কৰা হৈছিল ৷ অৱশ্য়ে এই ইন্টাৰনেট কৰ্তন প্ৰক্ৰিয়াক পৰ্যবেক্ষণ কৰি চৰকাৰে যোৱা 12 ছেপ্টেম্বৰত নিৰ্দেশনা নং H-1701/181/2023-HD-HD-Part (1) যোগে চৰ্তসাপেক্ষে ব্ৰডবেণ্ড সেৱা সক্ৰিয় কৰি দিছিল ৷’’

‘‘সাম্প্ৰতিক আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে মণিপুৰত সাময়িক ইন্টাৰনেট কৰ্তনৰ নিৰ্দেশনা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ জনস্বাৰ্থৰ খাতিৰতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷’’ নিৰ্দেশনাটোত লগতে উল্লেখ কৰা হৈছে ৷

ইয়াৰ পূৰ্বে যোৱা 10 ছেপ্টেম্বৰত উত্তৰ-পূবৰ ৰাজ্যখনত পাঁচদিনৰ বাবে ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল ৷ দেওবাৰে ইয়াৰ ম্যাদ শেষ হৈছিল যদিও আইন-শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে এই ম্যাদ আৰু পাঁচদিনৰ বাবে অৰ্থাৎ 20 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছিল ৷

যোৱা 13 ছেপ্টেম্বৰত চি আৰ পি এফৰ ডি আই জি মণিষ কুমাৰ ছচৰে কাংপকপি জিলাৰ থাংকানফাই গাঁও আৰু ছাইকুল হিলটাউনৰ ছংফেজাং সাহায্য শিবিৰ ভ্ৰমণ কৰে ৷ তাত তেওঁ কুকি জনগোষ্ঠীয় প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় ৷ সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা এক বাৰ্তালাপত ডি আই জি ছচৰে কয় যে প্ৰায় শতাধিক পৰিয়ালে এই শিবিৰত বাস কৰি আছে ৷ তেওঁলোকৰ একমাত্ৰ ইচ্ছা হৈছে পুনৰ আগৰদৰে শান্তিপূৰ্ণ জীৱন কটোৱা ৷

উল্লেখ্য যে প্ৰায় ডেৰ বছৰ ধৰি গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত হৈ আছে উত্তৰ-পূবৰ অন্যতম ৰাজ্য মণিপুৰ ৷ কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত সূত্ৰপাত ঘটা এই সংঘৰ্ষৰ জুই বৰ্তমানেও উমি উমি জ্বলি আছে ৷ এতিয়াও ৰাজ্যখনৰ ভিন্ন প্ৰান্তত গুলীচালনা, বিস্ফোৰণকে ধৰি বিভিন্ন বিক্ষিপ্ত ঘটনা ঘটিয়েই আছে ৷ যাৰ বাবে ইন্টাৰনেট কৰ্তনৰ দৰে পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে চৰকাৰে ৷

লগতে পঢ়ক:অধিকাৰ বিচাৰি কুকি-মাৰসহ কেবাটাও জনজাতিৰ প্ৰতিবাদ জিৰিবামত: আৰক্ষীৰ শূন্যলৈ গুলীচালনা - Manipur crisis

পুনৰ জ্বলিছে মণিপুৰ : বোমা বিস্ফোৰণত কেবাগৰাকী লোকৰ মৃত্যু - Manipur crisis

ABOUT THE AUTHOR

...view details