ETV Bharat / bharat

কৈলাশ পৰ্বত দৰ্শন কৰিব বিচাৰে নেকি ? জানি লওক কিদৰে যাব পাৰিব কৈলাশ চাবলৈ - KAILASH DARSHAN

author img

By ETV Bharat Assamese Team

Published : 7 hours ago

Kailash Parvat tour: কৈলাশ, যাক কোৱা হয় দেৱাদিদেৱ মহাদেৱৰ বাসস্থান ৷ ভক্তই বাবাৰ দৰ্শনৰ হেতু কৈলাশ দৰ্শনৰ বাবে ইচ্ছা কৰে ৷ ইয়াৰ বাবে বিশেষ সুবিধাও আছে ৷ উত্তৰাখণ্ডৰ চৰকাৰে বৰষুণৰ বাবে আদি কৈলাশ আৰু কৈলাশ পৰ্বত যাত্ৰা ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিব নোৱাৰিলে । কিন্তু এতিয়া উত্তৰাখণ্ড চৰকাৰে বিশেষ পদক্ষেপ হাতত লৈছে । কেনেদৰে দৰ্শন কৰিব কৈলাশ ? সবিশেষ চাওক-

Kailash Parvat tour
KAILASH (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৯ ছেপ্টেম্বৰ : কৈলাশ পৰ্বত দৰ্শন কৰিব বিচৰাসকলৰ বাবে ভাল খবৰ । কিয়নো এতিয়াৰে পৰা আপুনি কৈলাশ পৰ্বত দৰ্শনৰ বাবে ৰাস্তাৰে দীঘলীয়া ক্লান্তিকৰ যাত্ৰা আৰু খোজকাঢ়ি ওখ পৰ্বত আৰোহণ কৰাৰ প্ৰয়োজন নাই । এমআই-১৭ হেলিকপ্টাৰেৰে আপুনি ভ্ৰমণ কৰি কৈলাশ পৰ্বত দৰ্শন কৰিব পাৰিব । উত্তৰাখণ্ডৰ পৰ্যটন বিভাগে গ্ৰহণ কৰিছে এই পদক্ষেপ ।

ভগৱান শিৱৰ ভক্তসকলে এতিয়া ভাৰতৰ পৰাই কৈলাশ পৰ্বত দৰ্শন কৰিব পাৰিব । ইয়াৰ বাবে উত্তৰাখণ্ড পৰ্যটন বিভাগে এক পৰিকল্পনা হাতত লৈছে । আশা কৰা হৈছে যে নৱেম্বৰত কৈলাশ পৰ্বতক এমআই-১৭ হেলিকপ্টাৰৰ জৰিয়তে দৰ্শন কৰিব পৰা যাব । এমআই-১৭ হেলিকপ্টাৰেৰে কৈলাশ পৰ্বত দৰ্শন কৰিবলৈ এগৰাকী ভক্তই প্ৰায় ৬৬ হাজাৰ টকা ব্যয় কৰিব লাগিব ।

Kailash Parvat tour
কৈলাশ পৰ্বত দৰ্শনৰ বাবে উত্তৰাখণ্ড চৰকাৰে লৈছে বিশেষ পদক্ষেপ (ETV Bharat)

লিপুলেখৰ পৰা কৈলাশ পৰ্বতৰ পোনপটীয়া দৰ্শন

উত্তৰাখণ্ড পৰ্যটন বিভাগৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি এমআই-১৭ হেলিকপ্টাৰৰ পৰা কৈলাশ পৰ্বতলৈ যাত্ৰা পিথোৰাগড় জিলাৰ মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ হ'ব । প্ৰথমে, তীৰ্থযাত্ৰীসকলক পিথোৰাগড়ৰ পৰা ৭০ কিলোমিটাৰ দূৰৰ গুঞ্জিলৈ লৈ যোৱা হ'ব । তাৰ পিচত গুঞ্জিৰ পৰা প্ৰায় ২১ কিলোমিটাৰ দূৰত থকা নাভিধাংগলৈ ব্যক্তিগত জীপৰ জৰিয়তে লৈ যোৱা হ'ব । তাৰ পিচত, তীৰ্থযাত্ৰীসকলক সেনা আৰু আইটিবিপিৰ নিৰাপত্তাৰ মাজত সেনাৰ বাহনেৰে নাভিধাংগৰ পৰা লিপুলেখ পাছলৈ লৈ যোৱা হ'ব । ভক্তসকলক লিপুলেখ পাছ ভিউ পইণ্টৰ পৰা কৈলাশলৈ লৈ যোৱা হ'ব ।

৪ দিনীয়া হ'ব কৈলাশ দৰ্শনৰ ভ্ৰমণ

পৰ্যটন বিভাগে প্ৰস্তুত কৰা পেকেজ অনুসৰি, যাত্ৰীসকলক প্ৰথম দিনাই হেলিকপ্টাৰেৰে গুঞ্জিলৈ লৈ যোৱা হ'ব । যাত্ৰীসকলে গুঞ্জিত নিশাটো থাকিব । তাৰ পিচত দ্বিতীয় দিনা যাত্ৰীসকলে ব্যক্তিগত বাহনেৰে আদি কৈলাশ দৰ্শনৰ বাবে লৈ যোৱা হ'ব । যাত্ৰীসকল একেদিনাই উভতি আহিব পাৰিব । দ্বিতীয় দিনাও যাত্ৰীসকলে গুঞ্জিতে নিশাটো থাকিব ।

তৃতীয় দিনা যাত্ৰীসকলক লিপুলেখ পাছ ভিউ পইণ্টলৈ লৈ যোৱা হ'ব । তাৰ পৰা যাত্ৰীসকলে কৈলাশ দৰ্শন কৰিব পাৰিব । কৈলাশ ভ্ৰমণৰ পিচত যাত্ৰীসকল সেইদিনা গুঞ্জিলৈ উভতি আহিব । চতুৰ্থ দিনা যাত্ৰীসকলে গুঞ্জিৰ পৰা এমআই-১৭ৰ দ্বাৰা পিথোৰাগড়লৈ উভতি আহিব ।

এই ভ্ৰমণ সন্দৰ্ভত উত্তৰাখণ্ডৰ পৰ্যটন মন্ত্ৰী সতপাল মহাৰাজে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদি কৈলাশ যাত্ৰাৰ পিচৰে পৰা ৰাইজৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে । এনে পৰিস্থিতিত, পৰ্যটন বিভাগে নৱেম্বৰৰ পৰা এমআই-১৭ৰ জৰিয়তে কৈলাশ দৰ্শনৰ যাত্ৰা আৰম্ভ কৰাৰ কথা বিবেচনা কৰি আছে । কৈলাশ দৰ্শন ভাৰতৰ পৰাও কৰিব পাৰি । ইয়াৰ অধীনত কৈলাশক পুৰণি লিপুলেখ পাছৰ পৰাই দেখা যায় ।

Kailash Parvat tour
কৈলাশ পৰ্বত (ETV Bharat)

লিপুলেখ পাছ প্ৰায় ১৮ হাজাৰ ফুট উচ্চতাত আছে । য'ত এজন লোকে প্ৰায় ২০০ মিটাৰ খোজ কাঢ়িব লাগে । এই স্থানত অক্সিজেনৰ অভাৱ ঘটে । এনে পৰিস্থিতিত এই ২০০ মিটাৰ পথটো মেৰামতি কৰা হৈছে যাতে এখন বাহন তালৈ যাব পাৰে । ইয়াৰ উদ্দেশ্য হৈছে যাতে যাত্ৰীয়ে সহজে পুৰণি লিপুলেখ পাছত উপস্থিত হ'ব পাৰে আৰু কৈলাশ দৰ্শন কৰিব পাৰে ।

তেওঁ লগতে কয় যে পৰ্যটন বিভাগে কৈলাশ দৰ্শনৰ লগতে আদি কৈলাশকে ধৰি অন্যান্য স্থান ভ্ৰমণ কৰাৰ সুবিধাৰ কথা বিবেচনা কৰি আছে । ইয়াৰ বাবে প্ৰায় ৬৬ হাজাৰ টকাৰ এটা পেকেজৰ ব্যৱস্থা কৰা হৈছে । অৱশ্যে এই যাত্ৰাৰ বাবে এগৰাকী যাত্ৰী শাৰীৰিকভাৱে উপযুক্ত হোৱাটো অতি গুৰুত্বপূৰ্ণ । এনে পৰিস্থিতিত, যদি আপুনি চিকিৎসকৰ অনুমতিৰ পিচত ভ্ৰমণ কৰে তেন্তে যাত্ৰাটো সৰল আৰু মসৃণ হ'ব ।

লগতে পঢ়ক :চন্দ্ৰযান-৪ অভিযানৰ বাবে অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ; কি দৰে চলিব এই অভিযান ? - Chandrayaan 4 Mission

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.