অসম

assam

ETV Bharat / bharat

বাগমতী এক্সপ্ৰেছ ৰে'ল দুৰ্ঘটনা : বালাচোৰ দুৰ্ঘটনাৰ দৰেই আছিল নেকি কাভাৰাপ্পেট্টাই ৰে'ল দুৰ্ঘটনা ?

Bagmati Express Accident : বালাচোৰ ৰে'ল দুৰ্ঘটনাত ২৯০ জন লোকৰ মৃত্যু হৈছিল । কিন্তু ইয়াত মাত্ৰ কেইজনমান লোক আহত হৈছে । পাৰ্থক্য এইটোৱে ।

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 2:13 PM IST

Bagmati Express Accident
দুৰ্ঘটনাগ্ৰস্ত বাগমতী এক্সপ্ৰেছৰ দবা (PTI Photo)

নিউজ ডেস্ক, ১২ অক্টোবৰ : কৰ্ণাটকৰ মহীশূৰৰ পৰা তামিলনাডুৰ পেৰামপুৰ হৈ বিহাৰৰ দৰভাংগালৈ যাত্ৰা কৰা বাগমতী এক্সপ্ৰেছ ৰে'লখনৰ শুকুৰবাৰে নিশা ৮.৩০ বজাত তিৰুভাল্লুৰ জিলাৰ কুম্মিদিপোণ্ডিৰ ওচৰৰ কাভাৰাপেট্টাইত এখন মালবাহী ৰে'লৰ সৈতে সংঘৰ্ষ হয় ।

কিন্তু কেনেদৰে ঘটিল দুৰ্ঘটনাটো ?

এই মুহূৰ্তত দক্ষিণ ৰে'লৱেৰ মুখপাত্ৰগৰাকীয়ে কয়, "বাগমতী এক্সপ্ৰেছ ৰে'লখনে যোৱা নিশা ৮.২৭ বজাত মূল লাইনেৰে পোনেৰী ৰে'ল ষ্টেচন পাৰ হৈ গৈছিল । যাত্ৰীসকলে পোনেৰীৰ পৰা কাভাৰাপেট্টাই ৰে'ল ষ্টেচনৰ মাজেৰে যোৱাৰ সময়ত দবাবোৰৰ জোকাৰণি অনুভৱ কৰিছিল ।

মূল লাইনত পোনেৰী ৰে'ল ষ্টেচন পাৰ হৈ যোৱা ৰে'লখনে যেতিয়া ৭৫ কিলোমিটাৰ প্ৰতিঘণ্টা বেগত যাত্ৰা কৰি আছিল তেতিয়া মূল লাইনত ছিগনেল দিয়া হৈছিল । কিন্তু কাভাৰাপেট্টাই ৰে'ল ষ্টেচনত প্ৰৱেশ কৰাৰ সময়ত ৰে'লখন লুপ লাইনত প্ৰৱেশ কৰিছিল । ফলস্বৰূপে, লুপ লাইনত থিয় হৈ থকা মালবাহী ৰে'লখনৰ লগত ভয়ংকৰ গতিত সংঘৰ্ষ হয় ।" তেওঁ কয় ।

ওড়িশাৰ বালাচোৰত সংঘটিত দুৰ্ঘটনাটোৰ দৰে একেই

উল্লেখ্য যে ২০২৩ চনৰ ২ জুনৰ নিশা মূল লাইনত শালিমাৰ-চেন্নাই ক'ৰমণ্ডল এক্সপ্ৰেছ ৰে'লখনে মূল লাইনত ছিগনেল দি থকা অৱস্থাতো কিন্তু ৰে'লচালকজনে ৰে'লখন লুপ লাইনলৈ পৰিৱৰ্তন কৰাত ওড়িশাৰ বালাচোৰত ইতিমধ্যে ৰৈ থকা এখন মালবাহী ৰে'লৰ সৈতে সংঘৰ্ষ হয় ।

শালিমাৰ-চেন্নাই ক'ৰমণ্ডল এক্সপ্ৰেছৰ চালকজনে পাহানাকা বজাৰ ৰে'ল ষ্টেচনৰ সেউজ সংকেত উপেক্ষা কৰি লুপ লাইন লৈছিল । ফলস্বৰূপে, প্ৰতিঘণ্টাত 130 কিলোমিটাৰ বেগত যাত্ৰা কৰা ৰে'লখনৰ তাত ৰখাই থোৱা মালবাহী ৰে'লখনৰ সৈতে সংঘৰ্ষ হয় । সংঘৰ্ষৰ ফলত ৰে'লখন বাগৰি পৰাত ২৯০ জন লোকে প্ৰাণ হেৰুৱায় । আনহাতে, ৯০০ ৰো অধিক লোক আহত হয় । এই দুৰ্ঘটনাটো ভাৰতীয় ইতিহাসৰ আটাইতকৈ ভয়ানক ৰে'ল দুৰ্ঘটনা হিচাপে পৰিগণিত হৈছে ।

দুয়োটা দুৰ্ঘটনা একে নেকি ?

বাগমতী এক্সপ্ৰেছৰ কাভাৰাপেট্টাইত এখন মালবাহী ৰে'লৰ সৈতে সংঘৰ্ষ হয় । ৰে'লখনক মূল লাইনত সংকেত দিয়া হৈছিল । কিন্তু বাগমতী এক্সপ্ৰেছৰ চালকজনে লুপ লাইনলৈ ৰে'লখনৰ পথ সলনি কৰিছিল । ইতিমধ্যে এইটো প্ৰকাশ পাইছে যে ২০২৩ চনৰ ২ জুনত বালাচোৰত সংঘটিত শালিমাৰ-চেন্নাই ক'ৰমণ্ডল এক্সপ্ৰেছ ৰে'লখনে মূল লাইনত সংকেত লাভ কৰা সত্ত্বেও লুপ লাইনত যাত্ৰা কৰি আছিল । সেয়ে ৰে'ল বিষয়াসকলে কয় যে এইটো স্পষ্ট যে দুয়োখন ৰে'লৰ দুৰ্ঘটনা একেধৰণৰ আছিল ।

কেৱল এটা পাৰ্থক্য

বালাচোৰ ৰে'ল দুৰ্ঘটনা আৰু কাভাৰাপেট্টাইৰ ওচৰৰ দুৰ্ঘটনাটোৰ প্ৰকৃতি একে আছিল, কিন্তু ক্ষয়-ক্ষতিৰ ক্ষেত্ৰত দুয়োটা ঘটনা তুলনা কৰিব নোৱাৰি । বালাচোৰ ৰে'ল দুৰ্ঘটনাত ২৯০ জন লোকৰ মৃত্যু হৈছিল । কিন্তু কাৱাৰপেট্টাই ৰে'ল দুৰ্ঘটনাত মাত্ৰ কেইজনমান লোক আহত হৈছে । এনেকুৱাও হ'ব পাৰে যে ৰে'লখনৰ গতিবেগৰ বাবে এই ক্ষতিৰ পৰিমাণ কম হয় । কিয়নো দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত শালিমাৰ-ক'ৰমণ্ডল এক্সপ্ৰেছে প্ৰতিঘণ্টাত ১৩০ কিলোমিটাৰ বেগত যাত্ৰা কৰি আছিল । আনহাতে, ৰে'ল বিষয়াসকলে কৈছে যে বাগমতী এক্সপ্ৰেছে প্ৰতিঘণ্টাত ৭৫ কিলোমিটাৰ বেগত যাত্ৰা কৰি আছিল । সেয়ে ক্ষতিৰ প্ৰকৃতি ন্যূনতম হয় ।

লগতে পঢ়ক :মালবাহী ট্ৰেইনত খুন্দা মাৰি বাগৰি পৰিল ৰে’লৰ দবা, কেইবাজনো যাত্ৰী আহত
লগতে পঢ়ক :১৪১ গৰাকী যাত্ৰীসহ প্ৰায় ডেৰ ঘণ্টা মাজ আকাশতে উৰি থাকিল বিমান

ABOUT THE AUTHOR

...view details