যোধপুৰ (ৰাজস্থান) :ৰাজস্থান উচ্চ ন্যায়ালয়ে তৃতীয়বাৰৰ বাবে আশাৰাম বাপুক পেৰ’ল দিছে । সম্প্ৰতি যোধপুৰ কাৰাগাৰত আজীৱন কাৰাদণ্ড ভুগি থকা আশাৰাম বাপুক লৈ বুধবাৰে ৰাতানাদা আৰক্ষী থানাৰ বিষয়া বিমানযোগে পুনেলৈ ৰাওনা হয় । পুনেৰ মাধৱবাগ আয়ুৰ্বেদিক চিকিৎসালয়ত চিকিৎসা কৰা হ’ব আশাৰামক । আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এখন এম্বুলেন্সত আশাৰাম বাপুক বিমানবন্দৰলৈ অনা হয় ।
ৰাজস্থান উচ্চ ন্যায়ালয়ে তৃতীয়বাৰৰ বাবে আশাৰাম বাপুক ১৭ দিনৰ পেৰ’ল দিছে । আশাৰামৰ লগত যাব আৰক্ষী জোৱান । আৰক্ষী জোৱানৰ বাহিৰে তেওঁক কাকো লগ কৰিবলৈ দিয়া নহ’ব । ৰাজস্থান উচ্চ ন্যায়ালয়ে ১৫ ডিচেম্বৰত আশাৰাম বাপুৰ ১৭ দিনৰ পেৰ’লত অনুমোদন জনাইছে । ইয়াৰ পূৰ্বে ৭ নৱেম্বৰত যোধপুৰৰ এখন ব্যক্তিগত আয়ুৰ্বেদিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ৩০ দিনৰ পেৰ’ল দিয়া হৈছিল ৷ তাৰ পূৰ্বে আগষ্ট মাহত প্ৰথম ৭ দিনৰ পেৰ’ল দিয়া হৈছিল । সেই সময়তো তেওঁক চিকিৎসাৰ বাবে পুনেলৈ নিয়া হৈছিল ।