মৰিগাঁও: আহোম যুগৰে পৰা মাঘ বিহুৰ সময়ছোৱাত অসমৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ আহিছে ম'হ যুঁজ ৷ সেই পৰম্পৰা ৰক্ষা কৰিয়েই অসমৰ ৰাইজে মাঘ বিহুৰ প্ৰথম দিনটোৰ পৰাই ম'হ যুঁজ, বুলবুলি যুঁজ, কুকুৰা যুঁজ আদি অনুষ্ঠিত কৰি আহিছে । বিশেষকৈ মধ্য অসমৰ মৰিগাঁও জিলাৰ আহতগুৰি, বৈদ্যবৰী, মিকিৰভেটা আদি অঞ্চলত অতীজৰে পৰা ম'হ যুঁজ অনুষ্ঠিত হৈ আহিছে ।
এই যুঁজ অনুষ্ঠিত নহ’লে যেন মাঘ বিহুটিয়েই আধৰুৱা হৈ পৰে অসমীয়াৰ বাবে ! মাঘ বিহুৰ অন্যতম অনুষ্ঠানটোৱেই হৈছে গোনা ম'হৰ যুঁজ । য’ত হাজাৰ হাজাৰ লোক উপস্থিত হৈ পৰম্পৰা ৰক্ষাৰ যুঁজ চাবলৈ ভিৰ কৰে । আহোম স্বৰ্গদেউসকলৰ দিনৰে পৰাই অসমত পৰম্পৰাগতভাৱে প্ৰচলিত হৈ অহা ম'হ যুঁজ, বুলবুলি যুঁজক লৈ শেহতীয়াকৈ পুনৰ ন্যায়ালয়ে জাৰি কৰিছে নিষেধাজ্ঞা ।
গোৱালসকলৰ প্ৰতিক্ৰিয়া: এই নিষেধাজ্ঞাৰ পিছতে ম'হ গোৱালসকল চিন্তিত হৈ পৰিছে । কাৰণ ম'হ পালকসকলৰ মতে যদিহে মাঘ মাহৰ সময়ছোৱাত ম'হক এবাৰ যুঁজিবলৈ দিয়া নহয় তেনেহ’লে ম'হৰ খুঁটিত তেজাল ম'হ নিয়ন্ত্ৰণ কৰি ৰখাটো জটিল হৈ পৰে । এই সময়ছোৱাত ম'হ উন্মুক্ত হৈ থাকে, সেয়ে ম'হ যুঁজাই বশীভূত কৰিব লাগে । নহ’লে ম'হ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়, ফলত ম'হৰ গোৱাল বা অন্য মানুহকো আক্ৰমণ চলোৱাৰ আশংকা থাকে । যাৰ বাবে ন্যায়ালয়ৰ এই নিষেধাজ্ঞাৰ পিছতে চিন্তিত হৈ পৰিছে ম'হ গোৱালসকল । সেয়েহে গোৱালসকলে ন্যায়ালয়ৰ লগতে চৰকাৰলৈ অনুৰোধ জনাইছে যাতে ম'হ যুঁজ অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰে ।
ম'হ যুঁজ, বুলবুলি যুঁজক লৈ ন্যায়ালয়ৰ নিষেধাজ্ঞা: ২০১৪ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই যুঁজবোৰ এক নিৰ্দেশনাৰ জৰিয়তে নিষিদ্ধ ঘোষণা কৰিছিল । এনেধৰণৰ যুঁজসমূহক জীৱ-জন্তুৰ ওপৰত নিষ্ঠুৰতা বুলি উল্লেখ কৰি এনে প্ৰতিযোগিতাসমূহ নিষিদ্ধ ঘোষণা কৰিছিল । এই ঘোষণাৰ পাছতে সমগ্র ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । অৱশ্যে এই নিষেধাজ্ঞাৰ পিছতো মধ্য অসমৰ আহতগুৰি, বদ্যবৰীকে ধৰি বিভিন্ন প্ৰান্তত অনানুষ্ঠানিকভাৱে অনুষ্ঠিত হৈ আহিছিল ম'হ যুঁজ । যাৰ বাবে ম'হ যুঁজ অনুষ্ঠিত হোৱা পথাৰসমূহত আৰক্ষী আৰু ৰাইজৰ মাজত হতাহতিৰ পৰিবেশৰো সৃষ্টি হৈছিল ।
অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত খাৰিজ ন্যায়ালয়ৰ: দীৰ্ঘ বিৰতিৰ পিছত শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেট বৈঠকত পুনৰ ম'হ যুঁজ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু তাৰ পিছতে ম'হ গোৱালৰ লগতে ম'হ যুঁজ অনুষ্ঠিত কৰা কমিটীসমূহৰ মাজত ব্যাপক আনন্দ দেখা পোৱা গৈছিল । কিন্তু পুনৰ কেবিনেটৰ এই সিদ্ধান্ত বাতিল কৰিছে উচ্চতম ন্যায়ালয়ে ।
লগতে পঢ়ক: এইবাৰ মাঘত নহ’ব ম’হ যুঁজ-বুলবুলি যুঁজ; আইনী নিৰ্দেশনা