নেশ্যনেল ডেস্ক,২৬ ফেব্ৰুৱাৰী :দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল । কিন্তু পূৰ্বৰ দৰে সোমবাৰেও মুখ্যমন্ত্ৰীগৰাকী ইডি কাৰ্যালয়ত উপস্থিত নাথাকিব । আম আদমি পাৰ্টীৰ মতে বিষয়টো আদালতত আছে । আদালতত পৰৱৰ্তী শুনানি ১৬ মাৰ্চত হ'ব । আপৰ মতে দৈনিক চমন প্ৰেৰণ কৰাৰ পৰিৱৰ্তে ইডিয়ে আদালতৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰা উচিত । ইফালে মিত্ৰজোঁট সন্দৰ্ভত দলটোৱে নিশ্চিত কৰিছে তেওঁলোকে ইণ্ডিয়া ব্লক এৰি নাযায় । মোদী চৰকাৰে এনেদৰে হেঁচা দিয়া উচিত নহয় । কিয়নো দিল্লী বিধানসভাৰ বাজেট অধিবেশন চলি আছে ।
একে সময়তে আম আদমি পাৰ্টীৰ নেতা সৌৰভ ভৰদ্বাজে কৈছে যে এতিয়া এই বিষয়টো আদালতৰ বিবেচনাধীন । সেয়েহে ইডিয়ে প্ৰেৰণ কৰা চমনৰ কোনো অৰ্থ নাই । সেয়েহে, সোমবাৰেও ইডিয়ে প্ৰেৰণ কৰা চমনত অৰবিন্দ কেজৰিৱাল উপস্থিত হোৱাৰ বিষয়ে সন্দেহ আছে ।
২১ ফেব্ৰুৱাৰীত ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ নতুন চমন প্ৰেৰণ কৰিছিল আৰু ২৬ ফেব্ৰুৱাৰীত তেওঁক সোধা-পোছাৰ বাবে মুখ্য কাৰ্যালয়লৈ মাতি পঠিয়ায় । অভিযোগ অনুসৰি সুৰা নীতি সন্দৰ্ভত প্ৰস্তুত কৰা খচৰা নীতি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত কৰা হৈছিল আৰু গোটেই বিষয়টো তেওঁৰ জ্ঞাত । দিল্লী চৰকাৰৰ সুৰা নীতি কেলেংকাৰীৰ তদন্ত কৰি থকা ইডিয়ে নৱেম্বৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ প্ৰথম চমন প্ৰেৰণ কৰিছিল । মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এটাৰ পিচত এটাকৈ প্ৰেৰণ কৰা সকলো চমনক অবৈধ বুলি অভিহিত কৰিছে । আনহাতে তেওঁ ইডিৰ দ্বাৰা প্ৰেৰণ কৰা চমনৰ সলনি তেওঁৰ লিখিত উত্তৰ প্ৰেৰণ কৰি আহিছে ।
দিল্লীৰ বাজেট অধিবেশনৰ প্ৰতি লক্ষ্য ৰাখি আদালতে অৰবিন্দ কেজৰিৱালক ১৬ মাৰ্চলৈকে সময় দিছিল । কিন্তু তাৰ পিচতো ইডিয়ে এটাৰ পিচত আন এটা চমন জাৰি কৰাক লৈ আপ ক্ষোভিত হৈছে । সৌৰভ ভৰদ্বাজে এই সন্দৰ্ভত কয় যে আদালতৰ নিৰ্দেশ স্বত্বেও ইডিয়ে এনেদৰে চমন প্ৰেৰণ কৰি অৰবিন্দ কেজৰিৱালক হাৰাশাস্তি কৰি আছে । ইয়াৰ আঁৰত নিশ্চিতভাৱে এক ৰাজনৈতিক ষড়যন্ত্ৰ লুকাই আছে বুলি তেওঁ সন্দেহ কৰিছে ।
লগতে পঢ়ক :ভাৰতীয় ৰাষ্ট্ৰীয় লোক দলৰ নেতাক চলন্ত গাড়ীৰ ভিতৰতে গুলীয়াই হত্যা