নেশ্যনেল ডেস্ক, 21 ফেব্ৰুৱাৰী:কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে জয়পুৰত উপস্থিত হৈ দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে মোদী চৰকাৰে দুৰ্নীতি, তুষ্টিকৰণ আৰু জাতিবাদৰ পৰা মুক্ত কৰি দেশত “কাৰ্যক্ষমতাৰ ৰাজনীতি” প্ৰতিষ্ঠা কৰিছে । আনহাতে, কংগ্ৰেছ দলক ‘নীতি-আদৰ্শহীন’ দল আখ্যা দিয়ে ৷
শ্বাহে কংগ্ৰেছ দলক 'পৰিয়ালকেন্দ্ৰিক' আৰু 'নীতি-আদৰ্শহীন' দল বুলি অভিহিত কৰাৰ লগতে এই দলে দেশৰ উন্নতি সাধিব নোৱাৰে বা দুখীয়াৰ কল্যাণৰ বাবে কাম কৰিব নোৱাৰে বুলি কয় । দিনজোৰা কাৰ্যসূচীৰে ৰাজস্থানৰ বিকানেৰত মঙলবাৰে উপস্থিত হয় শ্বাহ । আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিকানেৰত বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত কৰা হয় । বিকানেৰৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উদয়পুৰলৈ যায় য’ত তেওঁ দলীয় কৰ্মী সভাত ভাষণ দিয়ে । ইয়াৰ পিছত সন্ধিয়া শ্বাহে ৰাজ্যৰ ৰাজধানী জয়পুৰত বিশিষ্ট নাগৰিকসকলক সাক্ষাৎ কৰে ।
ইয়াত বুদ্ধিজীৱীসকলৰ সমাৱেশক সম্বোধন কৰি শ্বাহে কয়, "চাৰিটা ক্ষত -- পৰিয়ালকেন্দ্ৰিকতা, দুৰ্নীতি, তুষ্টিকৰণ, আৰু জাতিবাদে দেশৰ গণতন্ত্ৰক জুৰুলা কৰিছিল । 10 বছৰৰ ভিতৰতে মোদীজীয়ে সেইবোৰ শেষ কৰি “কাৰ্যক্ষমতাৰ ৰাজনীতি” প্ৰতিষ্ঠা কৰিছে । I.N.D.I.A. ব্লকৰ লোকসকলে কেৱল নিজৰ পুত্ৰ-কন্যা আৰু পৰিয়ালৰ সদস্যক মুখ্যমন্ত্ৰী কৰি তুলিব বিচাৰে । এনে লোকে দেশৰ বাবে কি উপকাৰ কৰিব পাৰে ?"
শ্বাহে কয়, "বিজেপিৰ একমাত্ৰ উদ্দেশ্য হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতক বিশ্বগুৰু হিচাপে গঢ়ি তোলা । ছোনিয়াৰ (গান্ধী) লক্ষ্য হৈছে ৰাহুলক প্ৰধানমন্ত্ৰী বনোৱা, ষ্টেলিনৰ লক্ষ্য তেওঁৰ পুত্ৰক মুখ্যমন্ত্ৰী বনোৱা । মুলায়ম সিং যাদৱে নিজৰ পুত্ৰক মুখ্যমন্ত্ৰীক বনাইছিল , কিন্তু সেয়া তেওঁ (পুত্ৰই) চম্ভালিব নোৱাৰিলে । মমতাই (বেনাৰ্জীয়ে) নিজৰ ভতিজাকক মুখ্যমন্ত্ৰী বনাব বিচাৰে ।"
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গান্ধী পৰিয়ালক কটাক্ষ কৰি ইটালীৰ বংশোদ্ভৱলোকে ভাৰতীয় পৰম্পৰাক সন্মান যাচিব নোৱাৰে বুলি উল্লেখ কৰে । শ্বাহে কয় যে আগতে দেশত তিনিটা হটস্পট আছিল: কাশ্মীৰ, বাওঁপন্থী উগ্ৰপন্থীৰ দ্বাৰা প্ৰভাৱিত অঞ্চল, আৰু উত্তৰ-পূব ।