নিউজ ডেস্ক, ২০ জুন :NEET-UG ৰ অনিয়মক লৈ চলি থকা বিতৰ্কৰ মাজতে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই বুধবাৰে UGC-NET পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে । পৰীক্ষাৰ অখণ্ডতাৰ সৈতে আপোচ কৰা হৈছে বুলি প্ৰাথমিকভাৱে ইংগিত দিয়াৰ পিচত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
উল্লেখ্য, এন টি এয়ে 18 জুনত দেশৰ বিভিন্ন চহৰত দুটা শ্বিফ্টত অ' এম আৰ (লিখিত) ক্ৰমত UGC-NET জুন, 2024 পৰীক্ষা অনুষ্ঠিত কৰিছিল । কিন্তু তাৰ এদিন পিচতে বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউ জি চি) গৃহ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ (I4C) ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ ভাবুকি বিশ্লেষণ গোটৰ পৰা পৰীক্ষাৰ ওপৰত কিছু তথ্য লাভ কৰে ।
লগতে পঢ়ক :০.০০১ শতাংশ গাফিলতি হ'লেও ইয়াৰ সৈতে মোকাবিলা কৰা উচিত: উচ্চতম ন্যায়ালয় - NEET paper leak case
"এই তথ্যবোৰে প্ৰাথমিকভাৱে এইটো সূচায় যে উপৰিউক্ত পৰীক্ষাত অখণ্ডতাৰ সৈতে আপোচ কৰা হ'ব পাৰে । পৰীক্ষা প্ৰক্ৰিয়াৰ সৰ্বোচ্চ স্তৰৰ স্বচ্ছতা আৰু পৱিত্ৰতা নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে সিদ্ধান্ত লৈছে যে UGC-NET জুন, 2024 পৰীক্ষা বাতিল কৰা হ'ব । ইয়াৰ পৰিৱৰ্তে এক নতুন পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু এই সম্পৰ্কীয় তথ্য পিছত প্ৰদান কৰা হ'ব । লগতে বিষয়টোৰ পুংখানুপুংখ অনুসন্ধানৰ বাবে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ'ক (চি বি আই) হস্তান্তৰ কৰা হৈছে ।" শিক্ষা মন্ত্ৰণালয়ৰ এক চৰকাৰী বিবৃতিত কোৱা হৈছে ।
উল্লেখ্য, UGC-NET হৈছে ভাৰতীয় বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত 'সহকাৰী অধ্যাপক' পদৰ বাবে ভাৰতীয় নাগৰিকৰ যোগ্যতা নিৰ্ধাৰণ কৰাৰ লগতে 'কনিষ্ঠ গৱেষণা ফেল'শ্বিপ আৰু সহকাৰী অধ্যাপক' নিৰ্ধাৰণ কৰাৰ বাবে এক পৰীক্ষা ।