অসম

assam

ETV Bharat / bharat

নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদানত অক্ষয় উৰ্জা দিৱসৰ প্ৰাসংগিকতা - Akshay Urja Diwas

Akshay Urja Diwas 2024 : ভাৰত চৰকাৰে নৱীকৰণযোগ্য শক্তিৰ প্ৰসাৰৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে । যিবোৰ শক্তি প্ৰাকৃতিক উৎসৰ পৰা উৎপন্ন হয় আৰু সময়ৰ সৈতে পুনৰ সৃষ্টি হয় সেইবোৰক নৱীকৰণযোগ্য শক্তি বোলা হয় । যেনে সৌৰশক্তি, বায়ুশক্তি আৰু জলশক্তি ।

Akshay Urja Diwas 2024
অক্ষয় উৰ্জা দিৱসৰ প্ৰাসংগিকতা (ETV Bharat)

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 11:57 PM IST

প্ৰতিবছৰে ২০ আগষ্টত অক্ষয় উৰ্জা দিৱস উদযাপন কৰা হয় । এই দিৱস উদযাপনৰ লক্ষ্য হৈছে 'অক্ষয় উৰ্জা' অৰ্থাৎ ক্ষয়বিহীন শক্তিৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰা । ইয়াক নৱীকৰণযোগ্য শক্তি বুলিও কোৱা হয় । এই দিনটোত নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ প্ৰচাৰ আৰু সীমিত সম্পদৰ শোষণ হ্ৰাস কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে । উল্লেখ্য যে এই দিনটোতে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্মজয়ন্তীও উদযাপন কৰা হয় ।

ইতিহাস আৰু তাৎপৰ্য

২০০৪ চনত নব্য আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে এই দিৱসটো প্ৰথমে আৰম্ভ কৰিছিল । তেতিয়াৰে পৰা দেশত শক্তি খণ্ডত পৰিৱৰ্তন অনাৰ বাবে এই কাৰ্যসূচী এক গুৰুত্বপূৰ্ণ ঘটনা হৈ আহিছে । প্ৰথমতে এই দিৱস দিল্লীত উদযাপন কৰা হৈছিল । পৰৱৰ্তী সময়ত এই দিৱস দেশৰ চাৰিওফালে উদযাপন কৰা হৈ আহিছে ।

উল্লেখ্য যে নৱীকৰণযোগ্য শক্তি প্ৰাকৃতিক উৎসৰ পৰা উৎপন্ন হয় । ইয়াক সময়ৰ সৈতে পূৰণ কৰা হয় । ইয়াৰ উদাহৰণ হৈছে সৌৰ, বতাহ, আৰু পানী । এইটো হৈছে শক্তিৰ এক পৰিষ্কাৰ আৰু বহনক্ষম প্ৰকাৰ, যিয়ে জীৱাশ্ম ইন্ধনৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাত আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে ।

নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ দৃষ্টিভংগী

ভাৰত চৰকাৰে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট অনা-জীৱাশ্ম শক্তি ক্ষমতাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে দেশত নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা বৃদ্ধি আৰু ত্বৰান্বিত কৰাৰ বাবে কেইবাটাও পদক্ষেপ আৰু কাৰ্যসূচী গ্ৰহণ কৰিছে । বৰ্তমান দেশৰ বেছিভাগ নৱীকৰণযোগ্য শক্তি প্ৰকল্প ব্যক্তিগত খণ্ডৰ বিকাশকাৰীসকলে স্থাপন কৰি আছে ।

অৱশ্যে নৱ্য আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে (Ministry of New and Renewable Energy, MNRE) 'প্ৰধানমন্ত্ৰী কিষাণ উৰ্জা সুৰক্ষা সেৱা এবং মহাঅভিযান' (Pradhan Mantri Kisan Urja Suraksha evam Utthaan Mahabhiyan, PM-KUSUM), সৌৰ উদ্যান আৰু অতি-বৃহৎ সৌৰশক্তি প্ৰকল্পৰ বিকাশ আৰু 'প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ : মুফত বিজুলী যোজনা' (PM Surya Ghar: Muft Bijli Yojana) আঁচনিসমূহ কাৰ্যকৰী কৰি আহিছে । ইয়াৰ অধীনত সংশ্লিষ্ট আঁচনিসমূহ ৰূপায়ণৰ বাবে ৰাজ্যিক ৰূপায়ণকাৰী সংস্থাসমূহক কেন্দ্ৰীয় বিত্তীয় সহায় (Central Financial Assistance, CFA) হিচাপে অনুদান প্ৰদান কৰা হয়।

নৱীকৰণযোগ্য শক্তি উৎপাদন

কেন্দ্ৰীয় বিদ্যুৎ কৰ্তৃপক্ষৰ পৰা লাভ কৰা তথ্য অনুসৰি, 2013-14 বৰ্ষত ভাৰতত মুঠ নৱীকৰণযোগ্য শক্তি (Renewable Energy, RE) উৎপাদন আছিল 193.50 বিলিয়ন ইউনিট (বি ইউ) আৰু 2023-24 বৰ্ষত ই আছিল 359.89 বি ইউ (86% বৃদ্ধি) । চলিত বিত্তীয় বৰ্ষ 2024-25 ত (31 মে'লৈকে) মুঠ নৱীকৰণযোগ্য শক্তি উৎপাদন হৈছে 61.84 বি ইউ ।

ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ'জেন মিছন

কেন্দ্ৰীয় চৰকাৰে ২০২৩ চনৰ জানুৱাৰী মাহত কেন্দ্ৰীয় কেবিনেটৰ দ্বাৰা অনুমোদিত ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ'জেন মিছন ৰূপায়ণ কৰি আছে । ইয়াৰ সামগ্ৰিক ব্যয় হৈছে ১৯,৭৪৪ কোটি টকা । এই অভিযানৰ সাৰ্বিক উদ্দেশ্য হৈছে ভাৰতক সেউজ হাইড্ৰ'জেন আৰু ইয়াৰ আনুষংগিকৰ উৎপাদন, ব্যৱহাৰ আৰু ৰপ্তানিৰ এক বিশ্বজনীন কেন্দ্ৰ হিচাপে গঢ়ি তোলা ।

অনা-জীৱাশ্ম ভিত্তিক শক্তিৰ লক্ষ্য

আনহাতে, কেন্দ্ৰীয় চৰকাৰে ২০৩০ চনৰ ভিতৰত অনা-জীৱাশ্ম ভিত্তিক শক্তি সম্পদৰ পৰা মুঠ বিদ্যুৎ শক্তি ব্যৱহাৰ ক্ষমতাৰ ৫০% লাভ কৰাৰ লক্ষ্য ৰাখিছে । দেশত অনা-জীৱাশ্ম বিদ্যুতৰ ক্ষমতা জুন মাহৰ ৩০ তাৰিখলৈকে 2014 চনত 81.16 গিগাৱাট (মুঠ ক্ষমতাৰ 33%) পৰা 203.19 গিগাৱাটলৈ (মুঠ ক্ষমতাৰ 45.5%) বৃদ্ধি হৈছে ।

লগতে পঢ়ক :বিশ্ব ফটোগ্ৰাফী দিৱস: ইয়াৰ ইতিহাস আৰু গুৰুত্ব - World Photography Day
লগতে পঢ়ক :বিশ্ব মানৱতাবাদী দিৱস 2024 - মানৱতাৰ বাবে আইন - World Humanitarian Day 2024

ABOUT THE AUTHOR

...view details