অসম

assam

ETV Bharat / bharat

‘‘স্বামীৰ লগতে সৎকাৰ কৰিব মোক’’...এইদৰে লিখি আত্মহত্যা এজন বায়ুসেনা বিষয়াৰ পত্নী তথা এগৰাকী আৰ্মি কেপ্টেইনৰ

Suicide: ১৪ অক্টোবৰৰ নিশা আগ্ৰা বায়ু সেনা ঘাটিত উদ্ধাৰ হৈছিল স্বামী দীনদয়ালৰ মৃতদেহ । এদিন পিছত পত্নী তথা ভাৰতীয় সেনাৰ কেপ্টেইন ৰেণুৰো আত্মহত্যা !

By ETV Bharat Assamese Team

Published : 5 hours ago

Agra MNS Captain Suicide
ভাৰতীয় বায়ু সেনাৰ জোৱানৰ আত্মহত্যাৰ পিছতে কেপ্টেইন পত্নীৰো চৰম সিদ্ধান্ত (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৭ অক্টোবৰ :দেশৰ ৰাজধানী দিল্লীত ভাৰতীয় সেনাৰ মহিলা কেপ্টেইনৰ চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা ! মিলিটাৰী নাৰ্চিং সেৱাত কৰ্মৰত ৰেণু নামৰ মহিলা জোৱানগৰাকীয়ে দিল্লীত সেনাৰ অতিথিশালাৰ কেণ্টনমেণ্ট অঞ্চলত আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে । লক্ষণীয়ভাৱে এদিন পূৰ্বে তেওঁৰ স্বামী তথা ভাৰতীয় বায়ু সেনাৰ ফ্লাইট লেফটেনেণ্ট দীনদয়ালৰ মৃতদেহ উদ্ধাৰ হৈছিল ।

ফ্লাইট লেফটেনেণ্ট দীনদয়াল দীপে ১৪ অক্টোবৰৰ নিশা আগ্ৰা বায়ু সেনা ঘাটিৰ চৌহদত আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে । ইয়াৰ পিছতে তেওঁৰ পত্নী তথা কেপ্টেইন ৰেণু তানৱাৰেও মঙলবাৰে নিশা চৰম পন্থা বাছি লয় ।

স্বামীৰ মৃত্যু সহিব নোৱাৰিলে এমএনএছ কেপ্টেইনে

ৰেণু আগ্ৰাত এগৰাকী এমএনএছ (মিলিটাৰী নাৰ্চিং ছাৰ্ভিচ) কেপ্টেইন আছিল । তেওঁ মাতৃৰ চিকিৎসাৰ বাবে ভাতৃৰ সৈতে দিল্লী এইমছলৈ গৈছিল । তাতেই সেনাৰ বিষয়াৰ অতিথিশালাত আছিল । অতিথিশালাৰ কোঠাতে বুধবাৰে পুৱা তেওঁৰ মৃতদেহ উদ্ধাৰ হয় । মৃতদেহৰ সমীপত এখন ছুইচাইড নোটো পোৱা গৈছিল য'ত তেওঁ স্বামীৰ সৈতে একেলগে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ ইচ্ছা ব্যক্ত কৰে ।

ৰেণুৰ মৃতদেহ বুধবাৰে সন্ধিয়া আগ্ৰালৈ অনা হয় । ফ্লাইট লেফটেনেণ্ট আৰু তেওঁৰ পত্নীৰ মৃতদেহ আগ্ৰাৰ বায়ু সেনা চৌহদত ৰখা হৈছে । ইফালে পৰিয়ালৰ সদস্যসকলে দম্পতীটোৰ মৃতদেহ বিহাৰৰ নালন্দা বিহাৰ শ্বৰীফলৈ লৈ যাব বুলি জানিব পৰা গৈছে ।

আগ্ৰা বায়ু সেনা ঘাটিত নিযুক্ত ৩২ বছৰীয়া ফ্লাইট লেফটেনেণ্ট দীনদয়াল দীপে ২০২২ চনৰ ডিচেম্বৰত ৰাজস্থানৰ কেপ্টেইন ৰেণু তানৱাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । দম্পতীটোৱে বায়ু সেনা ঘাটিৰ চৌহদতে বাস কৰিছিল ।

তদন্ত আৰম্ভ

ভাৰতীয় সেনাৰ দম্পতীটোৰ আত্মহত্যাই এতিয়া সমগ্ৰ দিল্লীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ভাৰতীয় বায়ু সেনা কৰ্তৃপক্ষই আৰক্ষীৰ সহযোগত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক :মুনছিয়াৰীত উপস্থিত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত

ABOUT THE AUTHOR

...view details