নতুন দিল্লী:৭০ জনীয়া দিল্লী বিধানসভাৰ কাৰ্যকাল অহা ২৩ ফেব্ৰুৱাৰীত অন্ত পৰিব । ইয়াৰ প্ৰায় এমাহ পূৰ্বেই আৰম্ভ হৈছে ভোটযুদ্ধ । দিল্লী বিধানসভাৰ নিৰ্বাচনক লৈ বিগত প্ৰায় এমাহ ধৰি বিজেপি,আপ আৰু কংগ্ৰেছৰ মাজত চলি থকা আক্ৰমণ-প্ৰত্য়াক্ৰমণ তুংগত উঠিছে । ইয়াৰ মাজতেই ভোটদানলৈ মাত্ৰ চাৰিটা দিন থকা অৱস্থাতেই আম আদমী পাৰ্টী (আপ)ৰ মজিয়াত জোকাৰণিৰ সৃষ্টি হৈছে ।
দিল্লীৰ বিধানসভা নিৰ্বাচনৰ চাৰিদিন পূৰ্বে আম আদমী পাৰ্টীয়ে (আপ) এক ডাঙৰ প্ৰত্য়াহ্বানৰ সন্মুখীন হয় শুক্ৰবাৰে । কিয়নো শুক্ৰবাৰে দলটোৰ ৭ গৰাকী বিধায়কে আপ ত্যাগ কৰিছে । দলটোৱে বৰ্তমানৰ এই ৭ গৰাকী বিধায়কক টিকট প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতেই অসন্তুষ্ট বিধায়ক কেইগৰাকীয়ে আপ ত্য়াগ কৰে ।
দলীয় প্ৰাৰ্থিত্ব লাভ কৰাত ব্য়ৰ্থ হৈ আজি আপ ত্য়াগ কৰা বিধায়ককেইগৰাকী হৈছে- ভাৱনা গৌড় (পালম), বিএছ জুন (বিজৱাচান),পৱন শৰ্মা (আদৰ্শ নগৰ), মদনলাল (কস্তুৰবা নগৰ), ৰাজেশ ঋষি (জনকপুৰী ), ৰোহিত মেহৰাউলিয়া (ত্ৰিলোকপুৰী) আৰু নৰেশ যাদৱ (মেহৰৌলি) ।
আম আদমী পাৰ্টী নিজেই দুৰ্নীতিত আবদ্ধ :
তেওঁলোকে দলটোৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাললৈ দুই পৃষ্ঠাৰ এখন পত্ৰ লিখি তেওঁলোকৰ পদত্যাগৰ কাৰণ উল্লেখ কৰিছে । নৰেশ যাদৱে অৰবিন্দ কেজৰিৱাললৈ লিখা পত্ৰখনত উল্লেখ কৰে যে আম আদমী পাৰ্টিৰ উত্থান হৈছে দুৰ্নীতিৰ বিৰুদ্ধে, আন্না আন্দোলনৰ জৰিয়তে ভাৰতীয় ৰাজনীতিক দুৰ্নীতিৰ পৰা মুক্ত কৰিবলৈ । অৱশ্যে এতিয়া আম আদমী পাৰ্টী নিজেই দুৰ্নীতিত আবদ্ধ হৈ পৰিছে । ইয়াত সৎ ৰাজনীতিৰ বাবে যোগদান কৰা হৈছিল, কিন্তু আজি দলটোত সততাৰ কোনো লক্ষণ নাই ।