নিউজ ডেস্ক, 3 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ পূৰ্বে আপৰ সাংসদ সঞ্জয় সিঙলৈ বৃহৎ সকাহ ৷ মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰে আপৰ সাংসদ সঞ্জয় সিঙে ৷ ইয়াৰ পিচতে আম আদমী পাৰ্টিয়ে স্বস্তিৰ নিশ্বাস এৰিছে ৷ বুধবাৰে সিং চিকিৎসালয়ৰ পৰা তিহাৰ কাৰাগাৰলৈ যায়, য’ত জামিন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিচত নিশা 8.15 বজাৰ পিচত জেলৰ পৰা মুকলি কৰি দিয়া হয় তেওঁক ৷ অৱশ্যে সিঙক এই জামিন কিছু চৰ্তসহ দিয়া হৈছে ৷
বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাৰ আদালতে সঞ্জয় সিঙে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ পিচতে জামিনৰ এই চৰ্তসমূহৰ সিদ্ধান্ত লয় ৷ সঞ্জয় সিঙৰ জামিন হিচাপে তেওঁৰ পত্নীয়ে 2 লাখ টকাৰ জামিন বণ্ড পূৰণ কৰে ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সঞ্জয় সিঙে ৰাজনৈতিক কাম-কাজত অংশ ল’ব পাৰিব যদিও এই বিষয়ত কোনো মন্তব্য নকৰে বুলি আদালতে জানিবলৈ দিয়ে ৷ সঞ্জয় সিঙে প্ৰমাণৰ লগত খেলিমেলি নকৰে আৰু তদন্তত সহযোগ কৰিব লাগিব বুলি আদালতে জানিবলৈ দিয়ে ৷
২ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে সঞ্জয় সিঙৰ জামিন মঞ্জুৰ কৰে ৷ জামিন প্ৰদান কৰাৰ সময়ত ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত থকা বিচাৰপীঠে স্পষ্ট কৰি দিছিল যে জামিনৰ সময়ত সঞ্জয় সিঙে ৰাজনৈতিক কাৰ্যকলাপত অংশ ল’ব পাৰে ৷ ইডিয়ে 2023 চনৰ 4 অক্টোবৰত সঞ্জয় সিঙক তেওঁৰ চৰকাৰী বাসগৃহত সোধা-পোছা কৰি গ্ৰেপ্তাৰ কৰিছিল ৷