নেশ্যনেল ডেস্ক, 3 আগষ্ট :দেশত প্ৰতিদিনেইবৃদ্ধি পাইছেঅপৰাধজনিত ঘটনা ৷ চুৰি-ডকাইতিকে ধৰি আৰ্থিক জালিয়তি তথা অৰ্থ সম্বন্ধীয় অপৰাধৰ ঘটনা প্ৰতিদিনেই সংঘটিত হ’বলৈ ধৰিছে দেশত ৷ কেৱল ধনৰ বাবে তেলেংগানাত সংঘটিত হ’ল এইবাৰ এটা নৃশংস ঘটনা ৷
ৰাজ্যখনৰহায়দৰাবাদৰ এল বি নগৰ অঞ্চলত সংঘটিত হৈছে এই নৃশংস ঘটনাটো ৷ ঋণ পৰিশোধ নকৰাৰ বাবেই মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী মহিলাই ৷ এগৰাকী মহিলাই আন এগৰাকী মহিলাক হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে হায়দৰাবাদৰ এল বি নগৰত । আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি সৰোজিনী নামৰ এগৰাকী মহিলাৰ পৰা নৰসম্মা নামৰ এগৰাকী মহিলাই ধাৰে লৈছিল 20 হাজাৰ টকা ।
সৰোজিনীৰ পৰা ধাৰত লোৱা ধনখিনি নৰসম্মাই নামৰ মহিলাগৰাকীয়ে কিছুদিন পাচতে ঘূৰাই দিম বুলি কৈছিল যদিও সময়মতে ঋণ পৰিশোধ কৰা নাছিল নৰসম্মাই ৷ ধাৰে লোৱা ধনখিনি সময়মতে ঘূৰাই নিদিয়াৰ বাবে দুয়োগৰাকী মহিলাৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল বুলিও স্থানীয় লোকে জনায় ।