অসম

assam

ETV Bharat / bharat

শিক্ষকো এজন-ছাত্ৰও এজন: এনেদৰেই চলিছে এখন বিদ্যালয় - WARANGAL SCHOOL CONDITION

তেলেংগানাৰ ৱাৰাংগল জিলাত আছে এখন আচৰিত বিদ্যালয় । য'ত আছে এগৰাকী মাত্ৰ শিক্ষাৰ্থী । তাৰ বিপৰীতে শিক্ষকো মাত্ৰ এজন ।

Warangal school condition
শিক্ষকো এজন আৰু ছাত্ৰও এজন;এনেদৰে চলিছে এখন বিদ্যালয় (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 5, 2024, 2:13 PM IST

ৱাৰাংগল :তেলেংগানাৰ ৱাৰাংগল জিলাৰ ৱাৰ্ধান্নাপেট পৌৰসভাৰ উপকণ্ঠত অৱস্থিত এখন বিদ্যালয়ৰ দুৰৱস্থাৰ বিষয়ে জানিলে আপুনিও আচৰিত হ'ব । বিদ্যালয়খনত আছে মাত্ৰ এগৰাকী ছাত্ৰ । শিক্ষকৰ সংখ্যাও মাত্ৰ এজন । বিদ্যালয়খন হৈছে কোণাপুৰম চৰকাৰী প্ৰাথমিক বিদ্যালয় ।

এগৰাকী শিক্ষাৰ্থীৰ বিদ্যালয়

বিদ্যালয়খন কোণাপুৰম নামৰ সৰু গাঁৱত আছে । য'ত প্ৰায় ৫০ টা পৰিয়াল আছে । আৰ্থিক সীমাবদ্ধতাৰ বাবে গাঁওখনৰ বেছিভাগ পৰিয়ালে তেওঁলোকৰ সন্তানক উন্নত সুযোগৰ সন্ধানত গুৰুকুল আৰু হোষ্টেললৈ পঠিয়াবলৈ আৰম্ভ কৰিছে । তেনে পৰিস্থিতিত গাঁৱৰ বিদ্যালয়খনত শিক্ষাৰ্থীৰ সংখ্যা কমি আহিল । এতিয়া বিদ্যালয়খনত আছে মাত্ৰ এজন ছাত্ৰ । ছাত্ৰজন হৈছে দ্বিতীয় শ্ৰেণীৰ এলিকাট্টে শ্ৰেয়ান ।

এজনীয়া শিক্ষকেৰে চলিছে বিদ্যালয়

শিক্ষাৰ্থী নাথাকিলেও দৈনিক ৫ কিলোমিটাৰ দূৰৰ পৰা চাইকেল চলাই বিদ্যালয়ত উপস্থিত হয় শিক্ষক জগনমেহান । একমাত্ৰ শিক্ষাৰ্থী শ্ৰেয়ানৰ শিক্ষাত বাধা নোহোৱাকৈ তেওঁ দৈনিক কৰি গৈছে সংগ্ৰাম । বিদ্যালয়খনত মাত্ৰ দুটাই কোঠা আছে । এটা কোঠা অংগনৱাড়ী কেন্দ্ৰৰ বাবে আৰু আনটো প্ৰাথমিক শ্ৰেণীৰ বাবে আছে ।

নামভৰ্তি হ্ৰাস

কিন্তু বিদ্যালয়খনৰ অৱস্থা কিয় এনে ? শৈক্ষিক সুবিধাৰ উপলব্ধতাৰ বাবে শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস হোৱা বুলি প্ৰমাণ হৈছে । কিয়নো মাত্ৰ ৩ কিলোমিটাৰ দূৰতে আছে এখন প্ৰাথমিক আৰু উচ্চ বিদ্যালয়, লগতে এছ চি ছাত্ৰীৰ হোষ্টেল, এছ টি গুৰুকুল কন্যা বিদ্যালয় আৰু এখন এছ টি ল'ৰাৰ হোষ্টেল । এনে পৰিস্থিতিত উন্নত শিক্ষাৰ বাবে অভিভাৱকসকলে বিভিন্ন শিক্ষা প্ৰতিষ্ঠান বাছনি কৰিছে । বৰ্তমান অংগনৱাড়ী কেন্দ্ৰত ৮ গৰাকী শিশু আছে আৰু ৫ গৰাকীয়ে অহা বছৰ প্ৰথম শ্ৰেণীলৈ উন্নীত হ'ব বুলি আশা কৰা হৈছে ।

বিজ্ঞানৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত দেশখন আগবাঢ়ি আছে । চৰকাৰেও প্ৰতিটো ক্ষেত্ৰত দেশৰ উন্নয়নৰ শ্ল'গান দিছে । তেনে পৰিস্থিতিত এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ এনে অৱস্থাই এতিয়া সকলোকে উদ্বিগ্ন কৰি তুলিছে । তেলেংগানাৰ শিক্ষা বিভাগে বিষয়টো গুৰুত্ব সহকাৰে ল'বনে ?

লগতে পঢ়ক :PROBA-3 মিছন উৎক্ষেপণৰ বাবে নতুন কাউণ্টডাউন আৰম্ভ ইছৰোৰ

ABOUT THE AUTHOR

...view details