অসম

assam

ETV Bharat / bharat

জীৱন বীমাৰ ধন আত্মসাতৰ লক্ষ্যৰে নিজৰ মৃত্যু প্ৰমাণ কৰিবলৈ নিৰীহক হত্যা - Hassan Murder case - HASSAN MURDER CASE

Hassan Murder case: জীৱন বীমাৰ ধন আত্মসাৎ কৰিবলৈ এজন লোকে নিজৰ দৰে দেখা এজন ভিক্ষাৰীক হত্যা কৰিলে । পিচত লোকজনৰ পত্নীয়েও ধনৰ লোভত ভিক্ষাৰীজনকে স্বামী বুলি চিনাক্ত কৰিলে । সমগ্ৰ ঘটনাত জড়িত কেইবাজনো লোকক আটক কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Hassan Murder case
লক্ষ্য জীৱন বীমাৰ ধন আত্মসাৎ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 4:48 PM IST

নেশ্যনেল ডেস্ক, ২৫ আগষ্ট :কৰ্ণাটকৰ হাছানত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । জীৱন বীমাৰ ধন আত্মসাৎ কৰাৰ উদ্দেশ্যে এগৰাকী নিৰীহ লোকক হত্যাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । নিজৰ মৃত্যু প্ৰমাণ কৰিবলৈ এগৰাকী ভিক্ষাৰীক দুৰ্ঘটনাৰ জৰিয়তে হত্যা কৰিছিল । গোচৰটোত জড়িত ট্ৰাক চালকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্তৰ বাবে বিশেষ দল গঠন কৰিছে । ইফালে হত্যাকাণ্ডৰ ১০ দিনৰ পিচতে গোচৰটো পোহৰলৈ আহিছে ।

জানিব পৰা মতে মুনিস্বামী গৌড়া, তেওঁৰ পত্নী শিল্পাৰাণী, ট্ৰাক চালক দেৱেন্দ্ৰ নায়েক, হস্কোটে তালুকৰ চিক্কাকোলিগা গাঁৱৰ সুৰেশ আৰু বসন্তৰ ষড়যন্ত্ৰৰ কথা পোহৰলৈ আহিছে । ট্ৰাক চালক দেৱেন্দ্ৰক আটক কৰাৰ পিচতে সকলো তথ্য পোহৰলৈ আহিছে । আৰক্ষীয়ে জনোৱা মতে নিহত ভিক্ষাৰীজনৰ পৰিচয় বিচাৰি অনুসন্ধান চলাই থকা হৈছে ।

গোচৰটো কি ?

উল্লেখ্য যে যোৱা ১৩ আগষ্টৰ পুৱা প্ৰায় ৩.১৫ মান বজাত গণ্ডাচী আৰক্ষী থানাৰ অন্তৰ্গত গোলাৰাহাল্লি গেটৰ সমীপত টায়াৰ সলনি কৰাৰ সময়তে এখন ট্ৰাকে এখন গাড়ীত খুন্দা মাৰিছিল বুলি অভিযোগ পোৱা গৈছিল । হস্কোট চহৰৰ শিল্পাৰাণীয়ে অভিযোগ কৰিছিল যে তেওঁৰ স্বামী মুনিস্বামী গৌড়াৰ দুৰ্ঘটনাটোত মৃত্যু হৈছিল । মহিলাগৰাকীয়ে মৃতদেহটো চমজি লৈছিল আৰু অন্তিম সংস্কাৰো কৰিছিল ।

জিলা আৰক্ষী অধীক্ষক মহম্মদ সুজিথাই কয়, "মুনিস্বামী গৌড়াৰ পত্নী শিল্পাৰাণীয়ে মৃতদেহটো চিনাক্ত কৰিছিল আৰু অভিযোগ কৰিছিল যে তেওঁৰ স্বামী থিয় হৈ থকা অৱস্থাতে এখন ট্ৰাকে খুন্দা মাৰিছিল আৰু স্বামীৰ মৃত্যু হৈছিল ।"

ভুৱা দুৰ্ঘটনা

অৱশ্যে, অনুসন্ধানৰ সময়ত এইটো স্পষ্ট হৈছিল যে লোকজনৰ মৃত্যু দুৰ্ঘটনাৰ বাবে হোৱা নাছিল । ট্ৰাক চালক দেৱেন্দ্ৰক জিম্মাত লোৱাৰ পিচতে সকলো তথ্য পোহৰলৈ আহে । ট্ৰাক চালকে জেৰাত স্বীকাৰ কৰিছে যে মুনিস্বামী গৌড়াৰ মৃত্যু হোৱা নাছিল । মুনিস্বামী গৌড়া মৃত নহয় বুলি দেৱেন্দ্ৰই দিয়া তথ্যৰ ভিত্তিত অভিযান চলোৱা হয় আৰু গৌড়াক বিৰুৰত আটক কৰা হয় আৰু জিম্মাত লোৱা হয় ।

জীৱন বীমাৰ ধন আত্মসাৎ

আৰক্ষী অধীক্ষকে লগতে কয় যে অনুসন্ধানত প্ৰকাশ পাইছে যে মুনিস্বামী গৌড়া, দেৱেন্দ্ৰ, সুৰেশ আৰু বসন্ত নামৰ ৪ গৰাকী লোকে এই ষড়যন্ত্ৰ ৰচনা কৰিছিল । মুনিস্বামী গৌড়াই কেইবাটাও বীমা কৰিছে । লগতে, তেওঁলোকে দুৰ্ঘটনা বীমাৰ পৰাও অধিক ধন লাভ কৰাৰ পৰিকল্পনা কৰিছিল । যাৰ বাবে গৌড়াই মৃত বুলি নাটক কৰিছিল আৰু ষড়যন্ত্ৰ ৰচনা কৰিছিল । মুনিস্বামীয়ে মৃতদেহত আধাৰ কাৰ্ড আৰু পৰিচয়পত্ৰ থৈছিল । লগতে পত্নী শিল্পাৰাণীয়েও মৃতদেহটো তেওঁৰ স্বামী বুলি চিনাক্ত কৰিছিল ।

উল্লেখ্য যে মুনিস্বামী গৌড়া আৰু মৃত লোকজন দেখাত একে আছিল । প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে আন এজন লোকক হত্যা কৰা হৈছিল আৰু মৃতদেহটো দুৰ্ঘটনাস্থলীত পেলাই দিয়া হৈছিল আৰু ইয়াক দুৰ্ঘটনাৰ ৰূপ দিয়া হৈছিল । ঘটনাক লৈ তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক :আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষৰ বাসগৃহসহ ১৫ টা স্থানত চিবিআইৰ অভিযান - Kolkata doctor rape murder case

ABOUT THE AUTHOR

...view details