অসম

assam

ETV Bharat / bharat

বিশ্বযুদ্ধৰ স্মৃতি বিজড়িত নামপঙত ১০০০ সৈন্য়ক কোনে কৰিছিল সমাধিস্থ ? - PANGSAU PASS INTERNATIONAL FESTIVAL

অৰুণাচল প্ৰদেশৰ এখন নিৰ্জন ঠাই । এই ঠাইখনৰ সৈতে জড়িত হৈ আছে দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি । ১০০০সৈন্য়ৰ স্মৃতি আজিও সজীৱ কৰি ৰাখিছে এই ঠাইখনে ।

PANGSAU PASS INTERNATIONAL FESTIVAL
বিশ্বযুদ্ধৰ স্মৃতি বিজড়িত নামপঙত ১০০০ সৈন্য়ক কোনে কৰিছিল সমাধিস্থ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 20, 2025, 7:47 PM IST

তেজপুৰ:দ্বিতীয় বিশ্বযুদ্ধৰ শ্বহীদৰ স্মৃতিৰ লগত সংগতি ৰাখি আজিৰে পৰা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপঙত অনুষ্ঠিত হৈছে পাংচু পাচ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ । এই উৎসৱে চুবুৰীয়া দেশ ম্যানমাৰৰ সৈতে সীমা অতিক্ৰম কৰি বাণিজ্য আৰু সাংস্কৃতিক আদান-প্ৰদানৰ বাবে এক মঞ্চ প্ৰদান কৰি নিজৰ সংস্কৃতি আৰু অন্যান্য সামগ্ৰী প্ৰদৰ্শন কৰি আহিছে । পাংচু পাচ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱে উত্তৰ-পূব আৰু ম্যানমাৰৰ উভয় জনজাতিসমূহক একত্ৰিত কৰি তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰাক বিশ্বৰ আগত প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰে ।

দ্বিতীয় বিশ্বযুদ্ধৰ সমাধিক্ষেত্ৰ :

বিশ্বযুদ্ধৰ স্মৃতি বিজড়িত নামপঙত ১০০০ সৈন্য়ক কোনে কৰিছিল সমাধিস্থ (ETV Bharat Assam)

চাংলাং জিলাৰ জয়ৰামপুৰৰ পৰা ৭ কিলোমিটাৰ আৰু ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচু পাচৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বত লিডুলৈ যোৱা পথত অৱস্থিত দ্বিতীয় বিশ্বযুদ্ধৰ সমাধিক্ষেত্ৰ । এই সমাধিস্থলৰ বিষয়ে পোহৰলৈ আহে ১৯৯৭ চনত । সমাধিক্ষেত্ৰ থকা প্ৰায় ১০০০ লোকৰ সমাধিয়ে কয় ইতিহাসৰ কথা ।

পাংচু পাচ (ETV Bharat Assam)

প্ৰতি বছৰে ২০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ তিনিদিনীয়াকৈ অৰুণাচল প্ৰদেশৰ নামপংত অনুষ্ঠিত পাংচু পাচ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱে দেশ-বিদেশৰ পৰ্যটকক বিশেষ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ এই উৎসৱত ম্যানমাৰৰ সৈতে সংস্কৃতিক আদান-প্ৰদান আৰু বন্ধুত্বৰ স্থাপন কৰা হয় । উৎসৱত প্ৰদৰ্শনে জনজাতি সকলৰ হস্তশিল্প, স্থানীয় খাদ্য, পৰম্পৰাগত ক্ৰীড়া আৰু সংগীতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে । দ্বিতীয় বিশ্বযুদ্ধৰ এই সমাধিস্থলীত যুদ্ধত প্ৰাণ আহুতি দিয়া বীৰযোদ্ধাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

পাংচু পাচ (ETV Bharat Assam)

এই সন্দৰ্ভত পাংচু পাচ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱৰ জনসম্পৰ্কৰক্ষী বিষয়া চিমন ৰংৰাঙে কয়,"পাংচু পাচ উৎসৱে ভাৰত আৰু ম্যানমাৰ দুয়োখন দেশৰ জনসাধাৰণৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰি আহিছে । দৰ্শনাৰ্থীসকলে ষ্টিলৱেল পথত যাত্ৰা কৰিব পাৰে । টাংছা জনগোষ্ঠীৰ উষ্ম আতিথ্য অনুভৱ কৰাৰ লগতে ষ্টিলৱেল ৰোড আৰু লেক অৱ ন’ ৰিটাৰ্ণৰ দৰে ঐতিহাসিক স্থানসমূহ পৰিদৰ্শন কৰাৰ এক সুন্দৰ সুযোগ লাভ কৰে । " তেওঁ পুনৰ কয় যে ইয়াত চীন-বাৰ্মা-ভাৰতত জাপানী আগ্ৰাসনৰ প্ৰতিৰক্ষাৰ সময়ত দ্বিতীয় বিশ্বযুদ্ধত মৃত্যু হোৱা সৈনিক আৰু যুদ্ধত সহায় কৰা পৰ্টাৰসকলৰ সমাধি আছে । চীন আৰু জাপানী সৈনিকৰ সমাধি আছে ।

পাংচু পাচ (ETV Bharat Assam)

উৎসৱৰ বিশেষত্ব:

টাংপা লুংফী (Tangpa Lungphi) উৎসৱৰ সভাপতিগৰাকীয়ে এই উৎসৱ সন্দৰ্ভত ই টিভি ভাৰতক কয় "বিগত ২০০৭ চনৰ পৰা এই উৎসৱ উদযাপন কৰি অহা হৈছে । বিশেষকৈ এই উৎসৱে সাংস্কৃতিক বিনিময়ৰ বাবে এক মঞ্চ প্ৰদান কৰে য’ত দুয়োখন দেশৰ পৰম্পৰাগত সংগীত, নৃত্য আৰু শিল্পকৰ্ম প্ৰদৰ্শন কৰা হয় । সেইসমূহৰ ভিতৰত আছে স্থানীয় সংগীত পৰিবেশন, জনগোষ্ঠীয় খাদ্য আৰু শিল্পীৰ দ্বাৰা নৃত্য প্ৰদৰ্শন । পি পি আই এফৰ বৈশিষ্ট্য হৈছে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি বাণিজ্যৰ সুযোগ লাভ কৰা, ষ্টলসমূহত ম্যানমাৰৰ পৰা অনা বাৰ্মিজ কফি, অসমৰ চাহ, হাতেৰে বোৱা বস্ত্ৰ আৰু অন্যান্য স্থানীয় বিশেষ খাদ্যৰ মেটমৰা সম্ভাৰ আছে ।"

পাংচু পাচ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ (ETV Bharat Assam)

তুৰাম তাইকাম যুগলী,নাংপং মানমৌ যুৱ সংগঠনৰ সভাপতি আৰু সম্পাদক চৌকাম সীমাই কয়, "এই উৎসৱৰ অন্যতম প্ৰত্যাশিত দিশ হ’ল আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হোৱাৰ শিথিল নীতি । কাৰণ এই উৎসৱৰ নিৰ্দিষ্ট দিনত ভাৰতীয়ই পাছপ’ৰ্ট অবিহনে ম্যানমাৰ ভ্ৰমণ কৰিব পাৰে নিৰ্দিষ্ট ঠাইলৈকে । একেদৰে ম্যানমাৰৰ পৰা অহা লোকে ভাৰতৰ অৰুণাচল প্ৰদেশত বিনা পাছপ'ৰ্টৰে আহি এই উৎসৱত তেওঁলোকৰ পাৰম্পৰিক বয়-বস্তু, বস্ত্ৰ বিক্ৰী কৰিব পাৰে । ইতিমধ্যে ম্যানমাৰৰ পৰা প্ৰায় ১৫০ জনীয়া সংস্কৃতিক আৰু বাণিজ্যৰ দল আহিছে ।"

চিমন ৰংৰাঙে এই সন্দৰ্ভত কয়," এই পদক্ষেপে পাৰস্পৰিক বুজাবুজিৰ মনোভাৱ বৃদ্ধি কৰে আৰু দুয়োখন দেশৰ মাজত পাৰস্পৰিক ক্ৰিয়া-কলাপক উৎসাহিত কৰে । দৰ্শকে ষ্টিলৱেল ৰোড, দ্বিতীয় বিশ্বযুদ্ধৰ সমাধিস্থল আৰু ৰহস্যময় লেক অৱ ন’ ৰিটাৰ্ণৰ দৰে ঐতিহাসিক স্থানসমূহো পৰিদৰ্শন কৰিব পাৰে ।"

চিমন ৰংৰাঙে পুনৰ কয়," বছৰ বছৰ ধৰি পি পি আই এফ আঞ্চলিকভাৱে উদযাপন কৰি আহি এতিয়া আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানলৈ প্ৰসাৰ বৃদ্ধি পাইছে আৰু এয়া হৈছে ঐক্য, শান্তি আৰু সহযোগিতাৰ প্ৰতীক । বিশেষকৈ পৰ্যটন, অৰ্থনৈতিক সহযোগিতা আৰু সাংস্কৃতিক সংহতিক প্ৰসাৰিত কৰি এই উৎসৱে বৈচিত্ৰময় সম্প্ৰদায়ৰ মাজত এক সেতু হিচাপে কাম কৰে । বন্ধুত্ব আৰু ভাৱ আদান-প্ৰদান কৰা ইতিহাসৰ চিৰস্থায়ী মনোভাৱক সজীৱ কৰি তোলে ।" তেওঁ কয় যে দ্বিতীয় বিশ্বযুদ্ধৰ সমাধিৰ প্ৰৱেশদ্বাৰত দ্বিতীয় বিশ্বযুদ্ধৰ টেংক নতুনকৈ সজাই স্থাপন কৰা হৈছে ।

উল্লেখযোগ্য স্থান :

এই স্থানসমূহৰ ভিতৰত হেমিল্টন দলং ঐতিহাসিক । কাৰণ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই দলং নিৰ্মাণ কৰা হৈছিল । ষ্টীলৱেল ৰোডত লিডু আৰু কুনমিঙৰ মাজত প্ৰায় ১৭৬২ কিলোমিটাৰ দৈৰ্ঘৰ পথত এই দলংখন অৱস্থিত । উল্লেখ্য় যে ভাৰত-ম্যানমাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ১,৬৪৩ কিলোমিটাৰ দৈৰ্ঘৰ । এই নিৰ্ধাৰিত সীমান্তৰ ভিতৰত অৰুণাচল প্ৰদেশত (৫২০ কিলোমিটাৰ) সীমাৰ সংস্পৰ্শত আছে । ম্যানমাৰৰ পৰা অহা লোকসকলৰ বৰ্তমান কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ মুক্ত বিচৰণ এলেকা নীতি প্ৰযোজ্য হৈ থকাৰ বাবে মাত্ৰ ১০ কিলোমিটাৰহে প্ৰৱেশ কৰিব পাৰে ।

লগতে পঢ়ক:দিল্লীত গণৰাজ্য দিৱসত অংশ ল’ব হলৌ বান্দৰৰ সংৰক্ষক দিপ্লৱ চুতীয়াই - HOOLOCK GIBBON

চতুৰ্দশ ভাৰত ৰংগ মহোৎসৱ : দেশ-বিদেশৰ নাটকৰ সমাহাৰেৰে জীপাল হ’ব ৰাজধানী - 24TH BHARAT RANG MAHOTSAV

ABOUT THE AUTHOR

...view details