নেশ্যনেল ডেস্ক, 14 মে’:ভাৰতীয় নিৰ্বাচন আয়োগে মঙলবাৰে কয় যে 16 মাৰ্চৰ পৰা নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পিছৰে পৰা কেইবাটাও ৰাজনৈতিক দলে দাখিল কৰা অভিযোগ উলংঘাৰ অভিযোগৰ 90 শতাংশ অভিযোগৰ নিষ্পত্তি কৰিছে । এক প্ৰেছ বিবৃতিযোগে মঙলবাৰে প্ৰকাশ কৰা বাতৰি অনুসৰি ইচিআইয়ে কয় যে "কেনভাছিং সম্পৰ্কীয় বা স্পষ্টীকৰণমূলক অভিযোগ বাদ দি প্ৰায় 425 টা বৃহৎ অভিযোগ ইচিআই আৰু চিইঅ'ৰ পৰ্যায়ৰ বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে দাখিল কৰিছে । ইয়াৰে 400 টা অভিযোগৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বা বিষয়টো নিষ্পত্তি কৰা হৈছে ।"
ইয়াৰ উপৰিও কোৱা হৈছে যে "প্ৰায় 170, 95 আৰু 160 টা অভিযোগ ক্ৰমে আইএনচি, বিজেপি আৰু অন্যান্যই দাখিল কৰিছিল । এই অভিযোগসমূহৰ অধিকাংশৰ ক্ষেত্ৰতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।"
প’ল পেনেলে প্ৰেছ বিজ্ঞপ্তিযোগে লক্ষ্য কৰিছে যে কংগ্ৰেছ আৰু বিজেপিৰ ইজনে সিজনৰ বিৰুদ্ধে কেইটামান অভিযোগ নিষ্পতিৰ বাবে এতিয়াও বাকী আছে, য’ত এমচিচি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইয়াৰ লগতে শীৰ্ষ তাৰকা প্ৰচাৰকসকলে ব্যাপকভাৱে সাম্প্ৰদায়িক, জাতি, আঞ্চলিক ভাষা অথবা ভাৰতৰ সংবিধানৰ পৱিত্ৰতাক আঘাত হনাৰ অভিযোগ উত্থাপিত হৈছিল ।
প’ল পেনেলে গ্ৰহণ কৰা মূল সিদ্ধান্তসমূহৰ ওপৰত আলোকপাত কৰি কয়, “তেলেংগানা কংগ্ৰেছে দাখিল কৰা অভিযোগসমূহৰ ভিতৰত এটা ভাৰত ৰাষ্ট্ৰ সমিতিৰ সভাপতি তথা তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধে । সংবাদমেলৰ সময়ত এমচিচি উলংঘা কৰি বক্তব্য দিয়াৰ বাবে সংবাদ মাধ্যমৰ আগত সাক্ষাৎকাৰ, কোনো ধৰণৰ ৰাজহুৱা সভা, ৰাজহুৱা শোভাযাত্ৰা, শ্ব' আৰু আৰু ৰাজহুৱা কথা কোৱাৰ ক্ষেত্ৰত 48 ঘণ্টাৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।"