শ্ৰাৱস্তী: উত্তৰ প্ৰদেশৰ শ্ৰাৱস্তী জিলাত ভয়ংকৰ ঘটনা । অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ ৭ বছৰীয়া কিশোৰক হত্যা চুবুৰীয়াৰ । অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । ঘটনাটোক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে সমগ্ৰ উত্তৰ প্ৰদেশত । জানিব পৰা মতে এজন তান্ত্ৰিকৰ কথা মতে কিশোৰজনক হত্যা কৰিছিল লোকজনে । সম্প্ৰতি আৰক্ষীয়ে ভণ্ড তান্ত্ৰিকৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ।
কি আছিল ঘটনাটো ?
ভিংগাৰ আৰক্ষী চক্ৰ বিষয়া সন্তোষ কুমাৰে ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ঘটনাটো হৰদত্তনগৰ আৰক্ষী থানাৰ অন্তৰ্গত ছেদা গাঁৱৰ বেগলামপুৰত সংঘটিত হয় । ধৃত দীপুৱে আৰক্ষীৰ জেৰাত কৈছে যে তেওঁ ৩ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল । কিন্তু তেওঁলোকৰ কোনো সন্তান নাছিল । পত্নী দুবাৰকৈ গৰ্ভৱতী হৈছিল কিন্তু দুয়োবাৰে গৰ্ভপাত হৈছিল । যাৰ বাবে তেওঁ আৰু তেওঁৰ পত্নী মানসিকভাৱে ভাঙি পৰিছিল । সন্তান প্ৰাপ্তিৰ বাবে তেওঁলোকে বিভিন্ন উপায় অৱলম্বন কৰিছিল । তাৰ মাজতে তেওঁলোকে প্ৰতিকাৰৰ বাবে এজন তান্ত্ৰিকৰ ওচৰ চাপিছিল ।
তান্ত্ৰিকৰ প্ৰৰোচনা
দীপুৱে জনোৱা মতে তেওঁক তান্ত্ৰিকজনে কৈছিল যে চুবুৰীয়াই বেজালি কৰিছিল । তান্ত্ৰিকৰ এনে কথা দীপু ভোল গৈছিল । ইফালে সন্তান নোহোৱাৰ বাবে তেওঁলোকক চুবুৰীয়া মেলাৰাম আৰু তেওঁৰ পত্নী পুনমে প্ৰায়ে উপহাস কৰিছিল । যাৰ বাবে দীপু ক্ষুব্ধ হৈ পৰিছিল । অৱশেষত খং আৰু হতাশাত ১০ ডিচেম্বৰত তেওঁ মেলেৰামৰ পুত্ৰ অৰুণক লোভ দেখুৱাই দোকানলৈ লৈ যায় । দোকানত তেওঁ নিমখীয়া খোৱা বস্তু ক্ৰয় কৰি দিয়ে । তাৰ পিছত দীপুৱে কিশোৰজনক খেতি পথাৰলৈ লৈ যায় আৰু তাত তেওঁক ডিঙি চেপি হত্যা কৰে ।
আৰক্ষী বিষয়া সন্তোষ কুমাৰে লগতে কয় যে ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতে অভিযুক্ত দীপুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । তেওঁ জনোৱা মতে দীপুক লালুৰ ভাটাৰ সন্মুখত উমেদপুৰৱা ব্যক্তিগত বাছ আস্থান তিৰাহা গাঁৱৰ ওচৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । ইফালে অভিযুক্ত তান্ত্ৰিকৰ সন্ধানত আৰক্ষীৰ এটা দলে অভিযান অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :বোমাৰ ভুৱা খবৰে জোকাৰি গ'ল গুৱাহাটী বিশ্ববিদ্যালয়-ৰে'ল ষ্টেচন : Bomb threat in Guwahati - BOMB THREAT IN GUWAHATI