অসম

assam

ETV Bharat / bharat

দেশৰ ৫৫ শতাংশ বাহনে বীমাহীন : উচ্চতম ন্যায়ালয় - VEHICLE INSURANCE

GENERAL INSURANCE COUNCIL: বাহনৰ গৰাকীসকল সাৱধান ৷ কিয়নো দুৰ্ঘটনা হ’লেও আপোনালোকে নাপাব পাৰে বাহনৰ বীমাৰ ধন ৷ শুনাত আচহুৱা যেন লাগিলেও এয়াই সত্য ৷ এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি, দেশৰ প্ৰায় ৫৫ শতাংশ বাহনৰে নাই বীমা ৷ এই কথা সদৰি কৰে সাধাৰণ বীমা পৰিষদে ৷

VEHICLE INSURANCE
দেশৰ ৫৫ শতাংশ বাহনে বীমাহীন (File photo of SC (Getty images))

By ETV Bharat Assamese Team

Published : May 14, 2024, 10:58 AM IST

নেশ্যনেল ডেস্ক, 14 মে’ : বৰ্তমান দেশৰ প্ৰায় ৫৫ শতাংশ বাহনৰে নাই বীমা ৷ এক সমীক্ষাত প্ৰকাশ পাইছে এই কথা ৷ সাধাৰণ বীমা পৰিষদে শেহতীয়াকৈ এক বিষয়ত হোৱা শুনানিত উচ্চতম ন্যায়ালয়ক দাখিল কৰে এই তথ্য ৷ সাধাৰণ বীমা পৰিষদৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়াধীশ এ এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠত দাখিল কৰে এই তথ্য ৷

উল্লেখ্য যে, ১৯৮৮ চনৰ মটৰ গাড়ী আইনৰ ১৪৬ আৰু ১৪৭ নং ধাৰা অনুসৰি তৃতীয় পক্ষৰ বীমা থকাতো বাধ্যতামূলক ৷ মেহতাই বিষয় সন্দৰ্ভত কয় যে ২০১৭ চনৰ আগষ্ট মাহত উচ্চতম ন্যায়ালয়ে ৰায়দান কৰা অনুসৰি, যদিহে প্ৰদূষণ নিয়ন্ত্ৰণৰ অধীনত (পিইউচি) কোনো বৈধ প্ৰমাণপত্ৰ নাথাকে, তেন্তে তৃতীয় পক্ষৰ বীমা লাভ নকৰে বাহনৰ গৰাকীয়ে ৷ অৰ্থাৎ বীমা কোম্পানীসমূহে এই ধন নিদিয়ে ৷

আইনখনৰ ১৪৬ নং ধাৰাত তৃতীয় পক্ষৰ কোনো বিপদৰ বিৰুদ্ধে বীমাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰাৰ বিপৰীতে ১৪৭ নং ধাৰাত বীমা পলিচীৰ প্ৰয়োজনীয়তা আৰু দায়বদ্ধতাৰ সীমা সম্পৰ্কে উল্লেখ কৰা হৈছে ।

প্ৰদূষণ নিয়ন্ত্ৰণৰ অভাৱতে প্ৰকৃতাৰ্থত ৫৫ শতাংশ বাহন বীমাহীন হয় বুলি সমীক্ষাটোত প্ৰকাশ কৰা হৈছে ৷ ভাৰত চৰকাৰে চলোৱা এই সমীক্ষা অনুসৰি, কোনো দুৰ্ঘটনাৰ সন্মুখীন হ’লেহে গম পোৱা যায় যে ৫৫ শতাংশ বাহনে বীমাহীন ৷ যাৰ বাবে যথা সময়ত উচিত ক্ষতিপূৰণ নাপায় ভুক্তভোগীয়ে- মেহতাই এনেদৰে আদালতৰ আগত কয় ।

বিষয়াগৰাকীয়ে লগতে কয় যে, এইক্ষেত্ৰত সম্ভৱপৰ সকলো কঠোৰ নীতি-নিয়ম প্ৰযোজ্য কৰা উচিত ৷ যেনে - যদিহে বাহনখনৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষমতা সঠিক ৰূপত নাথাকে, তেন্তে পেট্ৰ’ল পাম্পসমূহে বাহনখনক ইন্ধন দিয়াৰ পৰা বিৰত থাকিব লাগে ৷ তেনে কৰিলেহে বাহনৰ গৰাকীসকল সজাগ হ’ব ৷

আনহাতে, এই সন্দৰ্ভত বিচাৰপীঠখনে বহু বাহন তৃতীয় পক্ষৰ বীমা নোহোৱাকৈয়ে চলি থাকে বুলি মন্তব্য কৰে ৷ যিবোৰ দুৰ্ঘটনাত পতিত হ’লে গুৰুতৰ সমস্যা সৃষ্টি হয় ৷

মেহতাই কয় যে বাহনৰ গৰাকীৰ হাতত পৰ্যাপ্ত ধন নাথাকিবও পাৰে ৷ কিন্তু যদিহে বীমা কোম্পানীৰ সৈতে এয়া সংযোজিত কৰা হয়, তেন্তে বাহনৰ গৰাকীজন বাধ্য হৈ পৰিব ৷ এই কথাৰ উত্তৰত বিচাৰপীঠখনে কয় যে বাহনসমূহে যাতে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ আধাৰত নিয়মসমূহ মানি চলি থাকে ৷ লগতে তৃতীয় পক্ষৰ বীমা থকাও প্ৰয়োজন ৷ তাৰ বাবে প্ৰয়োজন হ’ব প্ৰাইমা ফেচি বেলেন্সৰ ৷

বিচাৰপীঠখনে মেহতাৰ এই মতামতত গুৰুত্ব আৰোপ কৰি কয় যে, বৃহৎ সংখ্যক বাহনে তৃতীয় পক্ষৰ বীমা গ্ৰহণ নকৰে । দেশৰ শীর্ষ আদালতখনে মেহতা আৰু এমিকাছ কিউৰিয়াক এই বিষয়ত এটা সমাধান উলিয়াবলৈ অনুমতি দিছিল যাতে ২০১৭ চনৰ আগষ্ট মাহত দিয়া আদালতৰ নিৰ্দেশৰ উপযুক্ত সংশোধন কৰিব পৰা যায় আৰু জুলাইত বিষয়টোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে ৷

উল্লেখ্য় যে, সোমবাৰে উচ্চতম ন্যায়ালয়ে ২০১৭ চনৰ ১০ আগষ্টত দিয়া নিৰ্দেশৰ সংশোধন বিচাৰি কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল ৷ য’ত কোৱা হৈছিল যে, বীমা পলিচি নবীকৰণৰ তাৰিখত প্ৰদূষণ নিয়ন্ত্ৰণৰ বৈধ প্ৰমাণপত্ৰ নাথাকিলে কোম্পানীসমূহে কোনো বাহনৰ বীমা নকৰে ।

লগতে পঢ়ক:CAA-ৰ বিৰুদ্ধে ২০০ৰো অধিক আবেদন, শুনানিৰ বাবে সন্মত উচ্চতম ন্যায়ালয়

ABOUT THE AUTHOR

...view details