অসম

assam

ETV Bharat / bharat

২০ বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে ভূঁইকঁপত কঁপিল তেলেংগানা - EARTHQUAKE IN TELANGANA

নেচনেল চেণ্টাৰ ফৰ ছিছম'লজীয়ে জনোৱা মতে, বুধবাৰে পুৱা ৭.২৭ বজাত তেলেংগানাৰ মুলুগুত ৰিখটাৰ স্কেলত ৫.৩ প্ৰাবল্যৰ ভূমিকম্পটোৰ সৃষ্টি হয় ।

Earthquake In Telangana
ভূঁইকঁপত কঁপিল তেলেংগানা (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 4, 2024, 4:09 PM IST

হায়দৰাবাদ : বুধবাৰে পুৱা তেলেংগানাৰ মুলুগুত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় । কিয়নো ৰিখটাৰ স্কেলত ৫.৩ প্ৰাবল্যৰ ভূমিকম্পই অঞ্চলটো জোকাৰি যায় । লগে লগে অঞ্চলটোত ভয় আৰু আতংকৰ সৃষ্টি হয় । কাৰণ অঞ্চলটোত কেতিয়াবাহে এনে কম্পন অনুভৱ হয় ।

নেচনেল চেণ্টাৰ ফৰ ছিছম'লজীয়ে জনোৱা মতে, ভূমিকম্পটোৰ কম্পন পুৱা ৭.২৭ বজাত অনুভূত হয় । ইয়াৰ গভীৰতা আছিল ভূপৃষ্ঠৰ পৰা ৪০ কিলোমিটাৰ তলত । তেলেংগানা আৰু ওচৰৰ অন্ধ্ৰপ্ৰদেশৰ কেইবা ঠাইতো এই কম্পন অনুভূত হয় । মুলুগু হায়দৰাবাদৰ পৰা প্ৰায় ২১৯ কিলোমিটাৰ দূৰৈত অৱস্থিত ।

চতুৰ্থ আৰু পঞ্চম অঞ্চলত পৰা ভাৰতৰ অঞ্চলসমূহৰ তালিকা (ETV Bharat)

অঞ্চলটোৰ বাসিন্দাসকলে পুৱাতেই ইয়াৰ কম্পন অনুভৱ কৰে । অৱশ্যে এতিয়ালৈকে কোনো ক্ষয়-ক্ষতি বা হতাহতৰ খবৰ পোৱা হোৱা নাই । কৰ্তৃপক্ষই পৰিস্থিতি নিৰীক্ষণ কৰি আছে ।

ভাৰতীয় ভূকম্পন কেন্দ্ৰই এটাৰ্নগাৰামৰ অৰণ্যত ইয়াৰ অভিকেন্দ্ৰ চিনাক্ত কৰিছে । অৱশ্যে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ নিৰীক্ষণ কেন্দ্ৰই জনোৱা মতে, ভূমিকম্পটোৰ অভিকেন্দ্ৰ গোদাৱৰী নদীৰ পাৰত ।

কোঠাগুডেম, মনুগুৰু, ভদ্ৰাচলম, চাৰ্লা, চিন্তকানি আৰু নাগুলাভাঞ্চা অঞ্চলতো ইয়াৰ কম্পন অনুভৱ কৰা হয় । অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া আৰু জগ্গায়াপেট চহৰতো কেইছেকেণ্ডমানৰ বাবে কম্পন অনুভৱ হয় ।

'তেলেংগানা ৱেদাৰমেন'ৰূপে খ্যাত বালাজী তাৰিণীৰ মতে, ২০ বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে তেলেংগানাত ইমান শক্তিশালী ভূমিকম্প সংঘটিত হয় । ১৯৯৩ চনৰ ৩০ ছেপ্টেম্বৰত এটা শক্তিশালী ভূমিকম্পই অঞ্চলটোক অন্তিমবাৰৰ বাবে জোকাৰি গৈছিল । ইয়াৰ প্ৰাবল্য আছিল ৬.২ ।

তেলেংগানা ভূকম্পন ক্ষেত্ৰ 2-ৰ অন্তৰ্গত (নিম্ন-তীব্ৰতা অঞ্চল)

২০২১ চনত সংসদত এক লিখিত উত্তৰত চৰকাৰে কয় যে দেশত ভূমিকম্পৰ নথিভুক্ত ইতিহাস বিবেচনা কৰি ভাৰতৰ মুঠ ৫৯% ভূমিৰ (ভাৰতৰ সকলো ৰাজ্যক সামৰি) বিভিন্ন তীব্ৰতাৰ ভূমিকম্পৰ সম্ভাৱনা আছে ।

দেশৰ ভূকম্পন ক্ষেত্ৰ মানচিত্ৰ অনুসৰি, এই মুঠ এলেকাটো চাৰিটা ভূমকম্পন জ'নত শ্ৰেণীবদ্ধ কৰা হৈছে । জ'ন ৫ হৈছে ভূমিকম্পৰ দ্বাৰা আটাইতকৈ সক্ৰিয় অঞ্চল । আনহাতে, জ'ন 2 হৈছে আটাইতকৈ কম ভূমিকম্প প্ৰবণ অঞ্চল । দেশৰ প্ৰায় 11% এলেকা পঞ্চম অঞ্চলত, 18% অঞ্চল চতুৰ্থ অঞ্চলত, 30% তৃতীয় আৰু বাকীবোৰ জ'ন 2-ত পৰে ।

ইয়াত ভাৰতৰ গুৰুত্বপূৰ্ণ চহৰ আৰু নগৰসমূহৰ এখন তালিকা দিয়া হৈছে, যিবোৰ চতুৰ্থ আৰু পঞ্চম উচ্চ ভূমকম্পন অঞ্চলৰ অন্তৰ্গত ।

ভূ-বিজ্ঞান মন্ত্ৰণালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰ হৈছে ভাৰত চৰকাৰৰ নোডেল এজেঞ্চী । ই দেশৰ ভিতৰত আৰু বাহিৰত ভূমিকম্প নিৰীক্ষণ কৰে । এই উদ্দেশ্যৰ বাবে এন চি এছে সমগ্ৰ দেশত বিয়পি থকা 115 টা পৰ্যবেক্ষণালয়ৰে গঠিত এক ৰাষ্ট্ৰীয় ভূকম্পন নেটৱৰ্ক (এন এছ এন) সৃষ্টি কৰিছে ।

লগতে পঢ়ক :স্বৰ্ণ মন্দিৰত গুলীচালনা; কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল
লগতে পঢ়ক :ইছৰোৱে উৎক্ষেপণ কৰিব PROBA-৩ মিছন উপগ্ৰহ

ABOUT THE AUTHOR

...view details