অসম

assam

ETV Bharat / bharat

ভুৱা পৰিচয় পত্ৰৰে সংসদত প্ৰৱেশৰ চেষ্টা, তিনিজনক গ্ৰেপ্তাৰ - Breach in Parliament Security - BREACH IN PARLIAMENT SECURITY

Breach in Parliament Security: সংসদ ভৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি ৷ তিনিজন শ্ৰমিকে ভুৱা আধাৰ কাৰ্ড দেখুৱাই সংসদ ভৱনত প্ৰৱেশ কৰাৰ চেষ্টা চলাওতেই ধৰা পৰে । চি আই এছ এফৰ কৰ্মচাৰীসকলে লগে লগে গ্ৰেপ্তাৰ কৰে তিনিওকে ।

3 people Attempt to entered in parliament with fake ID, Arrest
ভুৱা পৰিচয় পত্ৰৰে সংসদৰ প্ৰৱেশৰ চেষ্টা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 12:54 PM IST

নেশ্যনেল ডেস্ক, ৭ জুন:পুনৰ দেশৰ সংসদ ভৱনৰ নিৰাপত্তা ভংগ কৰাৰ চেষ্টাৰ অভিযোগ । সংসদ ভৱনৰ নিৰাপত্তা ভংগ কৰাৰ গোচৰত তিনি শ্ৰমিকক গ্ৰেপ্তাৰ । তিনিওজন কৰ্মীয়ে একেখন আধাৰ কাৰ্ড ব্যৱহাৰ কৰি সংসদত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল । সূত্ৰ অনুসৰি, ৪ জুনত তিনি শ্ৰমিকে আই জি-৩ প্ৰৱেশদ্বাৰেৰে প্ৰৱেশ কৰিছিল য'ত মোনিছ আৰু কাছিম নামৰ দুই শ্ৰমিকে ব্যক্তিগত ফটোৰ সৈতে একে আধাৰকাৰ্ড নম্বৰ দেখুৱাইছিল । সূত্ৰসমূহে জনাই যে, তিনিজন লোকক মঙলবাৰে সংসদ ভৱনৰ এখন প্ৰৱেশদ্বাৰত নিৰাপত্তা আৰু পৰিচয়-পত্ৰ পৰীক্ষাৰ সময়ত চি আই এছ এফৰ জোৱানসকলে আটক কৰিছিল । তিনিওজনে তেওঁলোকৰ আধাৰ কাৰ্ড দেখুৱাই সংসদ ভৱন চৌহদত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল ।

চি আই এছ এফ কৰ্মচাৰীসকলে তেওঁলোকৰ কাৰ্ডৰ তথ্য়ত সন্দেহ হোৱাত সেই সন্দৰ্ভত তদন্ত চলোৱাত সেইবোৰ ভুৱা বুলি প্ৰমাণিত হৈছিল । চি আই এছ এফক শেহতীয়াকৈ চি আৰ পি এফ আৰু দিল্লী আৰক্ষীৰ পৰিৱৰ্তে সংসদ ভৱনত নিৰাপত্তাৰ দায়িত্ব অৰ্পণ কৰা হৈছে । চি আই এছ এফৰ মতে, তিনিওজন কৰ্মীয়ে সংসদ ভৱনৰ তিনি নম্বৰৰ গেটৰ পৰা প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু তেওঁলোক নিৰাপত্তাৰক্ষীৰ জালত পৰিছিল । আটক কৰাৰ পিচত তিনিওকে দিল্লী আৰক্ষীক গতাই দিয়া হয় ।

বৰ্তমান দিল্লী আৰক্ষীয়ে তিনিওকে জেৰা অব্যাহত ৰাখিছে । আটকাধীন শ্ৰমিক তিনিজন উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে । আটকাধীন তিনি শ্ৰমিক ক্ৰমে কাছিম, মনিছ আৰু ছোৱেইব বুলি আৰক্ষীয়ে সদৰী কৰে । আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত তথ্য প্ৰকাশ কৰা হোৱা নাই যদিও তিনিজন শ্ৰমিকক ডি ভি প্ৰকল্প কোম্পানীয়ে নিয়োগ কৰা বুলি জানিব পৰা গৈছে । শ্ৰমিকসকল সাংসদসকলৰ বাবে নিৰ্মিত এম পি লাউঞ্জৰ এলেকাৰ কামত নিয়োজিত আছিল ।

লগতে পঢ়ক:মোদীৰ তৃতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কেইবাগৰাকীও ৰাষ্ট্ৰনেতা - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

...view details