নিউজ ডেস্ক, 2 অক্টোবৰ: মহাৰাষ্ট্ৰৰ পুনে জিলাৰ পাহাৰীয়া অঞ্চলত বুধবাৰে পুৱা এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় ৷ দুৰ্ঘটনাত পতিত হেলিকপ্টাৰখন জ্বলি উঠাৰ ফলত দুজন পাইলট আৰু এজন বিমান অভিযন্তাকে ধৰি তিনিজন লোক নিহত হয় । এজন বিষয়াই জনোৱা মতে, দিল্লীস্থিত ব্যক্তিগত বিমান পৰিবহণ প্ৰতিষ্ঠানৰ হেলিকপ্টাৰখন অক্সফৰ্ড গ’ল্ফ কোৰ্চৰ হেলিপেডৰ পৰা উৰা মাৰি মুম্বাইৰ জুহুলৈ গৈ আছিল ।
আৰক্ষীয়ে জনোৱা মতে, অক্সফৰ্ড গ’ল্ফ খেলপথাৰৰ সমীপৱৰ্তী বাৱধান অঞ্চলৰ পাহাৰীয়া ভূখণ্ডৰ সমীপত পুৱা ৬.৪৫ বজাত এই ঘটনা সংঘটিত হয় । পিমপ্ৰি চিঞ্চৱাদৰ আৰক্ষী আয়ুক্ত বিনয় কুমাৰ চৌবেই কয়, "হেলিকপ্টাৰ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হৈছে । অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীসহ আমাৰ দলসমূহ সেই স্থানত উপস্থিত হৈছে ।" দুৰ্ঘটনাটোৰ পিছত হেলিকপ্টাৰখনত জুই লাগিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । তেওঁলোকে কয় যে দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।
যোৱা ২৪ আগষ্টত মুম্বাই-হায়দৰাবাদৰ মাজত চলাচল কৰা এখন বিমান এই অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈ চাৰিজন আহত হোৱাৰ পিছত পুনে পাহাৰত এইটো দ্বিতীয়টো কাণ্ড ৷ তাৰ পূৰ্বে যোৱা ৩ মে'ত, শিৱসেনা (ইউবিটি)ৰ নেত্ৰী সুষমা আন্ধেৰেক নিবলৈ অহা এখন হেলিকপ্টাৰ ৰায়গড়ৰ এটা হেলিপেডৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল ।
মহাৰাষ্ট্ৰৰ উচ্চ আৰু কাৰিকৰী শিক্ষা মন্ত্ৰী চন্দ্ৰকান্ত পাটিলে কয় যে প্ৰাথমিক তথ্য অনুসৰি কিছু কাৰিকৰী বিসংগতিৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হ’ব পাৰে আৰু কম দৃশ্যমান পৰিবেশো ইয়াৰ কাৰক বুলি সন্দেহ কৰা হৈছে ৷ ইয়াৰ তদন্ত কৰা হ’ব বুলি তেওঁ আশ্বাস দিয়ে ।