নিউজ ডেস্ক, ৩ এপ্ৰিল :কেৰালাৰ তিনি ব্যক্তিৰ মৃতদেহ অৰুণাচল প্ৰদেশৰ এখন হোটেলৰ পৰা ৰহস্যজনক অৱস্থাত উদ্ধাৰ । এটা দম্পতী আৰু তেওঁলোকৰ বান্ধৱীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আনহাতে, কেৰালা আৰক্ষীয়ে মঙলবাৰে প্ৰকাশ কৰিছে যে ব্যক্তিকেইগৰাকীৰ মৃত্যুৰ আঁৰত ক'লা যাদু থাকিব পাৰে বুলি চৰ্চা চলি আছে । এই চৰ্চাৰ মাজতে ৰাজ্যখনৰ তিনিগৰাকী লোকৰ মৃত্যুৰ ৰহস্য সন্দৰ্ভত তদন্তৰ বাবে অৰুণাচল প্ৰদেশলৈ এটা দল প্ৰেৰণ কৰিব ।
কেৰালা আৰক্ষীয়ে অৱশ্যে এই কথাও জনাইছে যে এয়া এই ঘটনাটো ক'লা যাদুৰ বাবেই হৈছে নেকি সেই সম্পৰ্কত এতিয়াই একো ক'ব নোৱাৰে ।
তিৰুৱন্তপুৰম মহানগৰৰ আৰক্ষী আয়ুক্ত চি নাগাৰাজুৱে কয় যে তিনিওগৰাকীৰ আচৰণত কিবা এক অস্বাভাৱিকতা দেখা গৈছে । এটি বিবাহিত দম্পতী আৰু এগৰাকী মহিলা মৃত অৱস্থাত উদ্ধাৰ হৈছে । কিন্তু তেওঁলোকৰ মোবাইল আৰু অন্যান্য বৈদ্যুতিন সঁজুলি পৰীক্ষা নকৰালৈকে চূড়ান্তভাৱে একো ক'ব নোৱাৰি ।
"আমি ক'ব নোৱাৰো যে এইটো ক'লা যাদু বা তেনেকুৱা কিবা এটাৰ বাবে হৈছিল । আমাৰ দলটো আজি নিশা তালৈ যাব । প্ৰক্ৰিয়াবোৰ সম্পূৰ্ণ হোৱাৰ পিচত আমি তাৰ পৰা প্ৰমাণ আনিব পাৰোঁ । গতিকে ইয়াত কিছু সময় লাগিব ।" মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াজনে কয় ।
তেওঁ এইটোও কয় যে তিনিওগৰাকী তালৈ কিয় গৈছিল আৰু কেনেকৈ তেওঁলোকৰ মৃত্যু হৈছিল সেয়া অনুসন্ধান কৰা প্ৰয়োজন । তেওঁ লগতে কয় যে প্ৰাথমিকভাৱে তেওঁলোকৰ ওচৰত এনে ধৰণৰ আন কোনো গ্ৰুপৰ বিষয়ে তথ্য নাই ।
"কিন্তু আমি অনুসন্ধান কৰিব লাগিব যে এই গ্ৰুপটো কিয় গঠন কৰা হৈছিল আৰু তেওঁলোকৰ উমৈহতীয়া উদ্দেশ্য কি আছিল ।" আৰক্ষী বিষয়াগৰাকীয়ে কয় ।
উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ আৰক্ষীয়ে মঙলবাৰে ৰহস্যজনক পৰিস্থিতিত এখন হোটেলৰ কোঠাৰ পৰা তিনিটা মৃতদেহ উদ্ধাৰ কৰে ।