নেশ্যনেল ডেস্ক, 30 এপ্ৰিল:‘জাগৰণ’ৰ পৰা উভতি অহাৰ পাচতে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত কৰুণ ঘটনা ৷27 বছৰীয়া এজন যুৱকলৈ লক্ষ্য কৰি গুলীবৰ্ষণ বন্ধুৰ ৷ সোমবাৰে আৰক্ষীয়ে জনোৱা মতে, স্থানীয় তিনিজন যুৱকে এজন 27 বছৰীয়া যুৱকক 7 জাঁই গুলী নিক্ষেপ কৰে ৷
শনিবাৰ আৰু দেওবাৰৰ মাজ নিশা লনী সীমান্ত আৰক্ষী থানাৰ অন্তৰ্গত এটা বাছ ডিপোৰ সমীপৰ কেণ্টিনত সংঘটিত হয় এই নৃশংস ঘটনাটো । সহকাৰী আৰক্ষী আয়ুক্ত (অংকুৰ বিহাৰ) ভাস্কৰ বাৰ্মাই জনোৱা মতে, তিনিজন লোক আৰু তেওঁৰ বন্ধু আদিত্যৰ মাজত কাজিয়া হৈ থকা প্ৰত্যক্ষ কৰিছিল গৌৰৱ নামৰ এজন যুৱকে ৷ এই কাজিয়া শাম কটাবলৈ হস্তক্ষেপ কৰাৰ ফলতেই গৌৰৱক গুলীয়াই হত্যা কৰা হয় ।
নিখিল নামৰ এজনৰ লগতে আন দুজন লোকে গৌৰৱক গুলীয়াই হত্যা কৰা বুলি জানিবলৈ দিয়াৰ লগতে বন্ধু-বান্ধৱীয়ে চিকিৎসাৰ বাবে দিল্লীৰ জিটিবি চিকিৎসালয়ত ভৰ্তি কৰে বুলিও জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ।